Logo
image

‘শিক্ষামূলক’ ভ্ৰমণত অসমলৈ কেজৰিৱাল প্ৰত্যাহ্বান হিমন্তবিশ্বৰ

দুই মুখ্যমন্ত্ৰীৰ টুইটাৰ যুদ্ধ

আমাৰ অসম, ২৭ আগষ্টঃ তুংগত উঠিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ টুইট যুদ্ধ৷ বিষয় এই টুইট যুদ্ধৰ অসমৰ শিক্ষা খণ্ড৷ উল্লেখ্য যে অসমৰ ১৯৫ খনকৈ বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক টুইটাৰ যোগে তীব্ৰ সমালোচনা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ কেজৰিৱালৰ এই সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ইয়াৰ পিছতে আৰম্ভ হয় দুয়োজন মুখ্যমন্ত্ৰীৰ মাজত টুইট যুদ্ধ৷ দুয়োজন মুখ্যমন্ত্ৰীৰ মাজৰ উত্তৰ প্ৰত্যুত্তৰ আছিল এনে ধৰণৰ– অৰবিন্দ কেজৰিৱালঃ স্কুল বন্ধ কৰাটোৱে সমস্যাৰ সমাধান নহয়৷ আমাক এতিয়াও সমগ্ৰ দেশতে বহুত নতুন বিদ্যালয় মুকলি কৰাৰ প্ৰয়োজনীয়তা আছে৷ স্কুল বন্ধ কৰাৰ পৰিৱৰ্তে স্কুল বিলাকৰ সংস্কাৰ কৰি শিক্ষাটোক ঠিক কৰক৷

হিমন্ত বিশ্ব শৰ্মাঃ সচৰাচৰ কৰাৰ দৰে আপোনাৰ এই মন্তব্যও কোনো ধৰণৰ হোমৱাৰ্ক অবিহনে কৰা৷ মই শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ৰে পৰা এই পৰ্যন্ত অসম চৰকাৰে ৮,৬১০ খন নতুন বিদ্যালয় আৰম্ভ বা প্ৰাদেশীকৰণ কৰিছে৷ বিগত ৭ বছৰত দিল্লী চৰকাৰে কেইখন নতুন বিদ্যালয় আৰম্ভ কৰিছে৷ ২০১৩ চনৰ পৰা বৰ্তমানলৈ ৬,৮০২ খন প্ৰাথমিক আৰু ১,৫৮৯ খন মাধ্যমিক বিদ্যালয়, ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৩ খন নেতাজী সুভাষ চন্দ্ৰ বসু আবাসীক বিদ্যালয়, ৩৮ খন আদৰ্শ বিদ্যালয় আৰু ৯৭ খন চাহ বাগিছা মোডেল স্কুল প্ৰাদেশীকৰণ কৰা হৈছে৷ দিল্লীৰ পৰিসংখ্যা জানিবলৈ উৎসুক হৈ আছো৷

অৰবিন্দ কেজৰিৱালঃ আপুনি মোৰ কথাত বেয়া পালে যেন লাগিছে৷ আপোনাৰ ব্যৰ্থতা বিচাৰ কৰাটো মোৰ উদ্দেশ্য নাছিল৷ আমি সকলোৱে এখন দেশৰে৷ আমি ইজনৰ পৰা আনজনে শিকিব লাগিব৷ তেতিয়াহে ভাৰত এক নম্বৰ দেশ হ’ব৷ মই অসমলৈ আহিব বিচাৰো৷ আপুনিয়ে কওঁক কেতিয়া যাম৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি কৰা ভাল কাম বিলাক মোক দেখুৱাব আৰু আপুনি দিল্লীলৈ আহক৷ মই আপোনাক দিল্লীৰ কাম বিলাক দেখুৱাম৷

হিমন্ত বিশ্ব শৰ্মাঃ আপোনাৰ অজ্ঞতা বেদনা দায়ক৷ আপোনাক জনাও যে দিল্লীতকৈ অসম ৫০ গুণ ডাঙৰ৷ আপোনাৰ ১০০০ খন বিদ্যালয়ৰ বিপৰীতে আমাৰ ৪৪,৫,২১ খন চৰকাৰী বিদ্যালয়ত ৬৫ লাখ ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱা হয়৷ আমাৰ উৎসৰ্গীত শিক্ষকৰ সংখ্যা ২ লাখৰো অধিক৷ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ সংখ্যা ১.১৮ লাখ৷ আমি বানৰ বিভিষিকাৰ মুখামুখী হ’ব লাগে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিব লাগে৷ পাহাৰীয়া আৰু দুৰ্গম অঞ্চল আছে আমাৰ৷ কিন্তু ইয়াৰ পিছতো আমি উচ্ছ মানৰ শিক্ষা দান কৰি আছো৷ আমি অতিথিক আদিৰবলৈ ভাল পাও৷ অনুগ্ৰহ কৰি আহক৷ আমাৰ নদীপৰীয়া অঞ্চল আৰু পাহাৰীয়া জিলাত দুনিশা কটাই যাওক৷ আমি সন্মুখীন হোৱা প্ৰত্যাহ্বান চাই যাওক৷ তেতিয়া আপুনি বক্তৃতা দিয়া বন্ধ কৰিব৷ আমি ৬টা বিভিন্ন মাধ্যমত শিক্ষাদান কৰো৷ ইয়াৰে ভিতৰত ১৪টা বিভিন্ন জনগোষ্ঠীয় ভাষাও আছে৷ আমাৰ বৈচিত্ৰক লৈ আমি গৌৰব কৰো৷ দিল্লীৰ দৰে আমাৰ সম্পদ নাথাকিব পাৰে৷ আমাৰ যি আছে তাকে লৈ আমি গৌৰবান্বিত৷ অসমলৈ আহিবলৈ আপুনি যিহেতু ইমান ব্যগ্ৰ হৈ আছে, সেয়ে অসমলৈ আহিলে আপোনাক মই আমাৰ মেডিকেল কলেজ সমূহলৈ লৈ যাম৷ যিবোৰ আপোনাৰ মহল্লা ক্লিনিকতকৈ হেজাৰ গুণ উন্নত৷ আৰু আমাৰ চৰকাৰী বিদ্যালয়ৰ মেধাবী শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীকো লগ ধৰি যাব৷ আৰু আপুনি দেশৰ এক নম্বৰ হোৱাৰ চিন্তা পৰিহাৰ কৰক৷ সেই কাম মোদী জীয়ে কৰি আছে৷ আনহাতে, অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–দিল্লীলৈ মই গৈয়ে থাকো৷ তেওঁ টুইট কৰিব নালাগে৷ দিল্লীত মই মহন্তা ক্লিনিক বিলাক দেখি থাকো৷ সেইটো কি চাব৷ গুৱাহাটী মেডিকেল কলেজ চোৱাৰ পিছত দিল্লীৰ মহল্লা ক্লিনিক চাই কি পাব৷ দিল্লীত স্কুল হৈছে ১২ শ৷ অসমত স্কুল হৈছে ৬০-৭০ হাজাৰ৷ গতিকে এইটো তুলনাৰ বিষয়ে নহয়৷ নামতহে দিল্লীখন ৰাজ্য৷ এইখন এখন পৌৰসভা৷ পৌৰসভাৰ ৰাজনীতিৰ লগত ৰাজ্যৰ ৰাজনীতি নিমিলে৷ তথাপিতো তেওঁ যিহেতু বিচাৰিছে মই কেতিয়াবা দিল্লীত মহল্লা ক্লিনিক চাবলৈ যাম৷  ফ্লাইটৰ টিকট কাটিলেই তেওঁ অসমলৈ আহি যাব পাৰিব৷ অহাত বাধা নাই৷ দিল্লী এখন চহৰ য’ত চৰ এলেকা নাই, উত্তৰ কাছাৰ নাই, কাৰ্বি আংলং নাই৷ আমাৰ শিক্ষক আছে আঢ়ৈ লাখ৷ দিল্লীত শিক্ষক আছে ৬-৭ হাজাৰ৷ আমাক তুলনা কৰিব লাগিব ছত্তিছগড়, ঝাৰখণ্ড, উত্তৰাখণ্ড, পাঞ্জাব আদিৰ লগত৷ ১২০০ খন স্কুল হ’লেতো মই সদায় স্কুল কেইখনলৈ গৈ থাকিলো হয়৷ পুৱাৰ আহাৰ মাছেৰে, দুপৰীয়াৰ আহাৰ মাংসৰে আৰু নিশাৰ আহাৰ পোলাও দিলো হেতেন৷ ১২ খন খন স্কুল চলোৱাটো কি ডাঙৰ কথা৷ এনেদৰেই টুইটাৰ যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীজনক অসমলৈ ‘শিক্ষামূলক’ত আহিবলৈ প্ৰত্যাহ্বান জনায়৷

কেজৰিৱালক অসমলৈ আমন্ত্ৰণ কৰকঃ আপ

আম আদমি পাৰ্টীৰ দিল্লীৰ শিক্ষাৰ মডেল আৰু অসমৰ শিক্ষাৰ মডেলক লৈ শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট– ৰিটুইটৰ যুদ্ধখন অতি আকৰ্ষণীয় হৈ উঠিছে৷  আনকি আপৰ অসম ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক আদৰণি জনোৱাৰ লগতে এই বিষয়ত অসমতে কোনো স্থানত অৰবিন্দ কেজৰিয়ালক আমন্ত্ৰণ জনাই মুখামুখিকৈ বহি মুকলি বিতৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনাইছে আপৰ অসম ৰাজ্যিক সমিতিয়ে৷ শুকুৰবাৰে আপৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এইদৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই দলটোৰ মুখপাত্ৰ হেমন্ত কলিতাই কয় শিক্ষাক লৈ কৰা আলোচনাইহে শিক্ষাখণ্ডলৈ উন্নতি আনিব পাৰিব৷ কালি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ এটা টুইটৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই তেওঁৰ শিক্ষামন্ত্ৰিত্বত অসমত ৮৬১০খন বিদ্যালয় হয় প্ৰাদেশিকীকৰণ কৰিছে, নহয় স্থাপন কৰিছে বুলি দাবী কৰিছে৷  যোৱা প্ৰায় বিছ বছৰত অসমৰ গাঁৱে-ভূঞে ৰাইজে দান-বৰঙনি দি স্থাপন কৰা ভেঞ্চাৰ স্কুলকেইখন চৰকাৰে প্ৰাদেশিকীকৰণ কৰি শৰ্মা ডাঙৰীয়াই বাঃ বাঃ লোৱাৰ কোনো কাৰণ আম আদমি পাৰ্টীয়ে দেখা নাপাওঁ৷ আমাৰ দলে অসম চৰকাৰক সোঁৱৰাই দিব বিচাৰোঁ যে এতিয়াও ৰাজ্যখনত ২৬৪৮খন ভেঞ্চাৰ স্কুল আছে আৰু সেই বিদ্যালয়সমূহত ২৪,৪৩৫জন শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰী আছে৷ দিল্লী চৰকাৰে এখনো নতুন বিদ্যালয় স্থাপন কৰা নাই বুলি অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা বিজেপিৰ নেতা-কৰ্মীসকলে অভিযোগ অনা আমাৰ দৃষ্টিগোচৰ হৈছে৷ তেওঁলোকে জনা উচিত যে দিল্লী পূৰ্ণ ৰাজ্য নোহোৱাৰ বাবে দিল্লী চৰকাৰে বিদ্যালয়কে ধৰি যিকোনো প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি কেন্দ্ৰীয় চৰকাৰৰ পৰা ল’বলগীয়া হয়৷ কিন্তু কেন্দ্ৰই ৰাজনৈতিক আক্ৰোশৰ বাবে মাটি নিদিয়ে৷ সেয়ে দিল্লী চৰকাৰে আগৰে পৰা বিদ্যালয়সমূহৰ গৃহ ডাঙৰকৈ সাজি শ্ৰেণীকোঠাৰ সংখ্যা বৃদ্ধি কৰিছে৷ যোৱা ৮ বছৰত চৰকাৰখনে ২২,০০০ তকৈ অধিক বিশ্বমানৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছে৷ এখন বিদ্যালয়ত যদি ৫ টাকৈ কোঠাৰ প্ৰয়োজন বুলি ধৰা হয় তেন্তে ২২০০০ শ্ৰেণীকোঠাৰে ৪৪০০খন নতুন বিদ্যালয় স্থাপন কৰিব পৰা গ’লহেতেন৷ কেন্দ্ৰীয় চৰকাৰে মাটি দিবলৈ ইচ্ছা নকৰিলেও দিল্লী চৰকাৰে প্ৰশাসনিকভাৱে যুঁজ বাগৰ কৰি কেইবাখনো বিদ্যালয়ক উৎকৰ্ষৰ কেন্দ্ৰবিন্দু হিচাপে স্থাপন কৰিছে৷  কেইবাখনো বিশ্বমানৰ বিদ্যালয় স্থাপন কৰা হৈছে৷ শিক্ষাৰ গুণগত মানৰ ক্ষেত্ৰতো দিল্লীতকৈ অসমৰ শিক্ষা ভাল হোৱাতো বিচাৰোঁ৷ এই বছৰ দিল্লীত চৰকাৰী বিদ্যালয়ৰ ২৫৫ খনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ দিল্লী চৰকাৰে ৮টা বছৰত ২২ হাজাৰ বিশ্বমানৰ শ্ৰেণীকোঠাৰ লগতে ৯খন উৎকৰ্ষৰ কেন্দ্ৰসহ ২৭খন বিদ্যালয়, ২০০খন আদৰ্শ বিদ্যালয়কে ধৰি মুঠ ২০৬১খন বিদ্যালয় নতুনকৈ স্থাপন কৰিছে৷ তদুপৰি স্থাপন কৰিছে কেবাখনো শিক্ষক বিশ্ববিদ্যালয়, দক্ষতা বিশ্ববিদ্যালয় আৰু ক্ৰীড়া বিশ্ববিদ্যালয়৷ অসমত চৰকাৰী তথ্য মতে ৬০৬৪খন ব্যক্তিগত বিদ্যালয় থকাৰ বিপৰীতে দিল্লীত আছে ২৬৬৪খন ব্যক্তিগত বিদ্যালয়৷ ইয়ে প্ৰমাণ কৰিছে যে দিল্লীত চৰকাৰী শিক্ষাৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বাঢ়িছে৷ সংবাদ মেলত দলৰ মুখপাত্ৰ মামুদ ইমদাদুল হক, মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা উপস্থিত থাকে৷