Logo
image

ৱৰ্ক ফ্ৰম হোমেই ভৱিষ্যৎ! প্ৰধানমন্ত্ৰী

আমাৰ অসম, ২৭ আগষ্টঃ কোনো নিৰ্দিষ্ট সময় বা কোনো নিৰ্দিষ্ট কাৰ্যালয়ৰ পৰা কাম কৰাৰ দিন এতিয়া অতীত হ’ল৷ ক’ভিডকালীন পৰিস্থিতিৰ সময়ৰ পৰাই ৱাৰ্ক ফ্ৰম হোম ব্যৱস্থাৰ সৈতে অজস্তু হৈ উঠিছে বহু লোক৷ কাম কৰাৰ সময়ত ক্ষেত্ৰত নমনীয়তা আৰু নিজৰ পছন্দ মতে কাম কৰাৰ ঠাই বাচনি কৰাৰ অধিকাৰ থাকিব লাগে কৰ্মচাৰীৰ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সুবিধা উন্নত ভৱিষ্যতৰ কাৰণে বিশেষভাৱে প্ৰয়োজন৷ এই ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰণালয়ে আয়োজন কৰা এক কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোদীয়ে এই মত প্ৰকাশ কৰে৷ এই কাৰ্যসূচীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ শ্ৰমন্ত্ৰীসকলো উপস্থিত আছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয়– ২০৪৭ চনক লক্ষ্য হিচাপে বান্ধি লৈ শ্ৰম মন্ত্ৰণালয়ে নিয়ম-নীতি আধুনিক আৰু সময়োপযোগী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিছে৷ শ্ৰমশক্তি নাথাকিলে দেশৰ উন্নয়ন কোনো কাৰণেই সম্ভৱ নহয়৷ ঘড়ীৰ কাটা মিলাই জোৰ কৰি কৰ্মচাৰীক কাম কৰালে উন্নতি হোৱাৰ পৰিৱৰ্তে কৰ্মদক্ষতাৰ ওপৰত বেয়া প্ৰভাব পৰিব৷ সেয়ে শ্ৰম মন্ত্ৰণালয়ে দেশৰ কৰ্ম সংস্কৃতিত বহু পৰিবৰ্তন আিনব বিচাৰিছে৷ কামৰ সময়ৰ পৰা কাম কৰাৰ স্থানৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন আনিব বিচাৰিছে কেন্দ্ৰই৷ ‘ৱাক ফৰ্ম হোম’, কামৰ নমনীয় সময় মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত হ’ব লাগে৷ উল্লেখ্য যে, এক জুলাইৰ পৰা দেশৰ নতুন শ্ৰম আইন কাৰ্যকৰী কৰাৰ কথা আছিল৷ কিন্তু বিভিন্ন কাৰণত শেষপৰ্যন্ত এইটো হৈ নুঠিল৷ নতুন শ্ৰম আইনত একাধিক বিষয়ত পৰিৱৰ্তনৰ কথা কোৱা হৈছে৷ কৰ্মচাৰীয়ে সপ্তাহত ৪৮ ঘণ্টা কাম কৰিব লাগিব৷ প্ৰতিদিনে ১২ ঘণ্টাকৈ সপ্তাহত চাৰি দিন কাম কৰিব পাৰিব কৰ্মচাৰীসকলে৷ তেনে ক্ষেত্ৰত কৰ্মচাৰীয়ে সপ্তাহত তিনিদিন চুটি পাব আদি অন্যতম৷