Logo
image

অযোগ্য ঘোষণা! গাদী এৰিবলৈ বাধ্য মুখ্যমন্ত্ৰী চোৰেণ

আমাৰ অসম, ২৭ আগষ্টঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বিধায়কপদ খাৰিজ হ’ব আৰু তাৰ ফলত তেওঁ মুখ্যমন্ত্ৰী পদবীৰ পৰা পদত্যাগ কৰিব লাগিব৷ ‘অফিচ অব প্ৰফিট’ৰ অভিযোগত হেমন্ত ছোৰেণৰ মুখ্যমন্ত্ৰীৰ আসন হেৰোৱাটো প্ৰায় নিশ্চিত হৈছে৷ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত হেমন্ত ছোৰেণে ৰাজ্যৰ খনি আবণ্টন নিজৰ নামত লৈছিল৷ সেই ঘটনা প্ৰমাণ হোৱাত নিৰ্বাচন আয়োগে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগি বুলি ঝৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰমেশ বাইছলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অৱশ্যে সেই পত্ৰ এতিয়াও বন্ধ খামৰ ভিতৰতে আছে৷ ৰাজ্যপালে এতিয়াও নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰখন খোলা নাই৷ কিয়নো তেওঁ চিকিৎসাজনিত কাৰণত দিল্লীৰ এইমছত আছে৷ শনিবাৰে তেওঁ ঝাৰখণ্ড ৰাজধানী ৰাঁচীলৈ উভতি অহাৰ কথা৷ পিছে ৰাজ্যপাল ৰমেশ বাইছে নিৰ্বাচন আয়োগে বন্ধ খামত প্ৰেৰণ কৰা পত্ৰখন নৌখোলোতেই হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ হ’ব বুলি মুকলিভাৱে প্ৰচাৰ চলিছে৷ কোৱা হৈছে জনপ্ৰতিনিধিত্ব আইনৰ ৯এ অনুচ্ছেদৰ অধীনত কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে নিজৰ নামত চৰকাৰী ঠিকা বা সামগ্ৰী যোগানৰ ঠিকা আবণ্টন কৰিব নোৱাৰে৷ বিৰোধী দল বিজেপিৰ মতে হেমন্ত ছোৰেণে নিজৰ নামত কয়লা খনি আবণ্টনৰ বিষয়টো ইতিমধ্যে প্ৰমাণিত হৈছে৷ বিজেপিৰ ঝাৰখণ্ডৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ ৰায়ে হেমন্ত ছোৰেণৰ বিৰুদ্ধে এই অভিযোগ দিছিল৷ বিজেপিৰ দাবী, নিৰ্দিষ্ট প্ৰমাণ নিৰ্বাচন আয়োগৰ হাতত দাখিল কৰা হৈছিল৷ সেয়ে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰাটো নিশ্চিত৷ বিধায়ক পদ খাৰিজ হোৱাৰ লগে লগে হেমন্ত ছোৰেণে মুখ্যমন্ত্ৰীৰ পদৱীৰ পৰা পদত্যাগ কৰিব লাগিব৷ অৰ্থাৎ ভাগি যাব ঝাৰখণ্ডৰ জে এম এম-কংগ্ৰেছৰ ইউ পি এৰ জোঁট চৰকাৰ৷ কিয়নো ছোৰেণৰ লগে লগে চৰকাৰৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব৷ অৱশ্যে সংখ্যা গৰিষ্ঠতা থকাৰ বাবেই জে এম এম-কংগ্ৰেছে পুনৰ ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷  

ছোৰেণে পদত্যাগ কৰিলে কোন হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী? প্ৰাথমিক জল্পনা-কল্পনা অনুসৰি হেমন্ত ছোৰেণ ব্যৱসায়ী পত্নী কল্পনা ছোৰেণ  হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী৷ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ কল্পনা ছোৰেণ শিক্ষিতা আৰু ব্যৱসায়ী হিচাপে বিবাহৰ আগৰে পৰা প্ৰতিষ্ঠিত৷ ৰাজনৈতিক পৰিয়ালৰ বোৱাৰী হ’লেও এতিয়ালৈকে তেওঁ ৰাজনীতিৰ পৰা দূৰত আছে৷ স্বামী হেমন্ত ছোৰেণৰ উপৰি শহুৰ শিবু ছোৰেণো আছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী৷ তথাপি তেওঁ এতিয়ালৈকে ৰাজনীতিত ভৰি থোৱা নাই৷ পিছে এইবাৰ চৰকাৰখন ছোৰেণ পৰিয়ালৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে কল্পনা ছোৰেণে ৰাজনীতিত ভৰি থব লাগিব, যিদৰে এসময়ত বিহাৰত লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰিত্ব এৰিবলগীয়া হোৱাত পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰী পাতিছিল৷ অৱশ্যে  কল্পনা ছোৰেণ ৰাবৰি দেৱীৰ দৰে নহয়, স্বৰূপাৰ্থতে যোগ্য৷ পিছে সেই কল্পনা ছোৰেণৰ কোম্পানীৰ নামত খনি আবণ্টন দিয়াৰ বাবেই হেমন্ত ছোৰেণে বিধায়ক পদ আৰু মুখ্যমন্ত্ৰিত্ব হেৰুৱাবলগীয়া হৈছে৷ সেই দিশৰ পৰা বিৰোধীৰ প্ৰৱল সমালোচনাৰ চিকাৰ হ’ব কল্পনা ছোৰেণ৷ অৱশ্যে বিধি অনুসৰি ছমাহৰ পাছত হেমন্ত ছোৰেণ পুনৰ নিৰ্বাচিত হৈ বিধায়ক হৈ আহিব পাৰিব৷ পিছে বিজেপিয়ে ঝাৰখণ্ডৰ চৰকাৰ ভাঙিবলৈ অভিসন্ধি ৰচনা কৰি থকাৰ সময়ত জে এম এম- কংগ্ৰেছ চৰকাৰ হেমন্ত ছোৰেণ অবিহনে কিমান দিন  তিকি থাকিব পাৰিব সেয়া সময়েহে ক’ব৷