Logo
image

বুনিয়াদী শিক্ষা মাতৃভাষাত হ’ব! দিছপুৰত চৰকাৰ-এবিভিপিৰ বৈঠক

আমাৰ অসম, ২৭ আগষ্টঃ আছু, এবছু তথা বিভিন্ন জাতীয় সংগঠনৰ পাছত তৃতীয় শ্ৰেণীৰ পৰা বিদ্যালয়ত বিজ্ঞান আৰু গণিত, ইংৰাজী মাধ্যমত শিকোৱাক লৈ চৰকাৰৰ সৈতে যুযুধান হিন্দুত্ববাদী ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ হিন্দুত্ববাদী ছাত্ৰ সংগঠনটোৱেও তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান, গণিত শিকোৱাত তীব্ৰ বিৰোধিতা কৰাৰ পাছত অসম চৰকাৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বক শুকুৰবাৰে সমালোচনালৈ আমন্ত্ৰণ জনায়৷ সেই মতে শুকুৰবাৰে এবিভিপিৰ এটা ১২ জনীয়া সজাতি দলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰে আলোচনাত মিলিত হয়৷ আলোচনা কালত ছাত্ৰ সংগঠনটোৰ সজাতি দলটোৱে শিক্ষামন্ত্ৰী ডাঃ পেগুক অসমৰ মাতৃভাষাৰ বিদ্যালয়ত মাতৃভাষাৰ বাহিৰে আন ভাষাত পাঠদান কৰাটো কোনো কাৰণতে মানি লোৱা নহয় বুলি সকীয়াই দিয়ে৷ ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয়–মাতৃভাষাৰ বিদ্যালয়ত মাতৃ ভাষাতেই হ’ব লাগিব প্ৰাথমিক শিক্ষা৷ এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট৷ শিক্ষামন্ত্ৰীৰে অনুষ্ঠিত দীঘলীয়া বৈঠকত শিক্ষামন্ত্ৰীয়ে চৰকাৰৰ হৈ যুক্তি দিছে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিখন জিলা কমিটীয়ে উপায়ুক্তৰ জৰিয়তে আৰু আমি ৰাজ্যিক কমিটীয়ে নিজাববীয়াকৈ শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ দিছো৷ আমি স্মাৰক পত্ৰত কৈছো যে প্ৰাথমিক শিক্ষা মাতৃ ভাষাত কৰিব লাগিব৷ অনাগত দিনত ৰাষ্ট্ৰীয় শিক্ষানীতি অসমতো ১০০ শতাংশ বলবৎ কৰিব লাগিব৷ আমাৰ দাবীসমূহক লৈ বিভাগীয় কতৃৰ্পক্ষৰে আলোচনা কৰিম বুলি কৈছে শিক্ষামন্ত্ৰীজনে৷ ইফালে বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে সংবাদ মাধ্যমৰ আগত কয়–এবিভিপিৰ ১৮টা দাবী আছিল৷ গোটেইখিনি আমি সহমতত উপনীত হৈছো৷ গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকোৱা সন্দৰ্ভত আলোচনা হৈছে৷ বিভিন্ন সাহিত্য সভাৰ লগত আলোচনা কৰা হৈছে৷  হাতপুথি মাতৃ ভাষা মাধ্যমত হ’ব৷ ইংৰাজী ভাষাটো অনুশীলন কৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে৷ প্ৰাক প্ৰাথমিকৰ এটা স্তৰলৈকে মাতৃ ভাষাতে শিক্ষাদান কৰা হ’ব৷ বুনিয়াদী শিক্ষা মাতৃভাষাত হ’ব৷ এইক্ষেত্ৰত পুনৰীক্ষণৰ কোনো কথা নাই৷ ৰাষ্ট্ৰীয় শিক্ষানীতি মতে প্ৰাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে৷ ইংৰাজী আমি ওপৰঞ্চি শিকাব বিচাৰিছো৷ শিক্ষামন্ত্ৰী পেগুৱে এ বি ভি পিৰ দাবী মানি লৈ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমৰ পৰিৱৰ্তে মাতৃভাষাতে বিজ্ঞান-গণিত শিকোৱা হ’ব বুলি ইংগিত দিয়ে৷ অৱশ্যে এই সন্দৰ্ভত তেওঁ স্পষ্টভাৱে কোৱাৰ পৰা বিৰত থাকে৷ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয়– আমি বিদ্যালয় বন্ধ কৰা নাই৷ কম ছাত্ৰ ছাত্ৰী থকা, কম দূৰত্বৰ বিদ্যালয় দুখন এখন কৰিছো৷ বিদ্যালয়ত শিক্ষকৰ সমবিতৰণ হোৱা নাই৷ কৰবাত ছাত্ৰ ছাত্ৰী বেছি, শিক্ষক কম৷ আমি সেইবোৰ চাই আছো৷ ২০০০ মান প্ৰস্তাৱ আছে কিমান বিদ্যালয় বন্ধ হয় এতিয়াই ক’ব নোৱাৰি৷ বৰণ্যে ব্যক্তি সকলৰ নাম থকা বিদ্যালয়ৰ নাম ৰাখিবলৈ চেষ্টা কৰা হ’ব৷

মাতৃভাষাত শিক্ষা প্ৰদানৰ দাবীত আজি নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা শাখাই৷ মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদান তথা ৰাষ্ট্ৰীয় শিক্ষা নীতি সঠিকভাৱে ৰূপায়ণ কৰাৰ দাবীত শুকুৰবাৰে ছাত্ৰ সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৱে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি প্ৰাথমিক স্তৰত আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পঞ্চমমান শ্ৰেণীলৈ সম্ভৱ হ’লে অষ্টম শ্ৰেণীলৈকে মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷ আনহাতে বিজেপিৰে আদৰ্শগত মিল থাকিলেও চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদ কৰি যাব বুলিও স্পষ্ট কৰি দিয়ে৷

এতিয়াৰ পৰা ইংৰাজী মাধ্যমৰ স্কুলেও মাতৃভাষাত শিক্ষা দিব লাগিবঃ মুখ্যমন্ত্ৰী

এতিয়াৰে পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়েও মাতৃভাষাত শিক্ষা দিব লাগিব৷ পঞ্চম শ্ৰেণীলৈ ডনবস্ক’, চেইণ্ট মেৰিজৰ দৰে স্কুলেও অসমীয়াতে পঢ়ুৱাব লাগিব৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান- গণিত ইংৰাজী মাধ্যমত শিকোৱা প্ৰসংগকলৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–এতিয়া সংখ্যালঘু এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অসমীয়া মাধ্যমৰ স্কুল চলি আছে৷ বাকী স্কুলত ছাত্ৰ-ছাত্ৰীয়েই নাই৷ মানুহৰ ‘এছপাইৰেছন’ বাঢ়িছে৷ মানুহে ভাবিবলৈ লৈছে যে এই স্কুলত পঢ়িলে মোৰ ল’ৰা ডাক্তৰেই হ’ব নে ইঞ্জিনীয়াৰে হ’ব? যদি বিদ্যালয়সমূহত নতুনত্ব নানে, এটা-দুটা বিষয় যদি ইংৰাজীত শিকোৱাৰ ব্যৱস্থা কৰা নহয় তেতিয়া মাতৃভাষাৰ স্কুল বন্ধ হৈ যাব৷ এইটো কোনো জেদৰ কথা নহয়৷ যদি জেদ কৰি থাকে দেখিব যে পাঁচ বছৰ পাছত স্কুল বন্ধ হৈ যাব৷ উজনি অসমৰ স্কুল বিলাকত ছাত্ৰ-ছাত্ৰী নোহোৱাই হৈ গ’ল৷ নামনি অসমত অকল সংখ্যালঘু এলেকাত স্কুলসমূহ চলি আছে৷ প্ৰাথমিক স্তৰত মাতৃভাষা মাধ্যমতে শিক্ষা দিব লাগে৷ প্ৰাথমিক স্তৰত ইংৰাজী কোনে আনিলে? নতুন শিক্ষানীতিত প্ৰাথমিক স্তৰ মানে পঞ্চম শ্ৰেণী৷ পুৰণি মতে প্ৰাথমিক স্তৰ তৃতীয় শ্ৰেণী৷ অসম চৰকাৰৰ মতে প্ৰাথমিক স্তৰৰ ক্ষেত্ৰত ইংৰাজী মাধ্যমৰ স্কুলতো মাতৃভাষাত শিক্ষা দিব লাগে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি আমি অসমত এশ শতাংশ বলবৎ কৰিম৷ ইংৰাজী মাধ্যমৰ স্কুলসমূহত প্ৰাথমিক স্তৰৰ পাছত মাতৃভাষাতে কৰক বা ইংৰাজীতে কৰক আমাৰ ক’বলগীয়া নাই৷ কিন্তু মাতৃভাষাৰ স্কুলত মাতৃভাষাতে পঢ়ুৱাবই লাগিব৷ কেৱল গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুৱাৰ কথা কৈছো৷ এই বিলাকটো ইংৰাজীতে পঢ়া যায়৷ (a+b)2 অৰ কি অসমীয়া আছে? পাঁচ বছৰ পাছত দেখিব মানুহে আমাক নম্বৰ দিব৷ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানলৈ শিক্ষাৰ্থী ঘূৰি আহিব৷ এইবেলি আমাৰ স্কুল বিলাকত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে৷