Logo
image

অসমীয়া সাজপাৰেৰে লাচিত ঘাটত সমবেত সুধী সমাজ

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী

আমাৰ অসম, ২৯ আগষ্টঃ গুৱাহাটীৰ লাচিতঘাটত দেওবাৰে দেখা গ’ল গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ৷ মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি লাচিতঘাটত দেওবাৰে আয়োজন কৰা হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আয়োজক মহানগৰ আৰক্ষী৷ পৰিকল্পনা অনুসৰি এই অনুষ্ঠানলৈ আয়োজকসকলে আমন্ত্ৰণ জনোৱা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে পৰিধান কৰে পৰম্পৰাগত অসমীয়া সাজ-পোছাক৷ নক’লেও হ’ব যে উদ্যোক্তাসকলেও পৰিধান কৰে জাতীয় সাজ-পাৰ৷ এই অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি সমবেত হয় আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি নিবেদন কৰে গভীৰ শ্ৰদ্ধা৷ গুৱাহাটীৰ লাচিতঘাটত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷ দেওবাৰে বিয়লি চাৰে চাৰি বজাৰ পৰা আৰম্ভ হোৱা এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আক্ষৰিক অৰ্থতেই গাম্ভীৰ্যপূৰ্ণ আৰু বৰ্ণময়৷ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজনৰ সৈতে বিশেষভাৱে জড়িত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই অনুষ্ঠানত সমবেত সুধী সমাজক উদ্দেশ্যি কয়– ‘আমাৰ অনুৰোধ ৰক্ষা কৰি সকলোৱে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মহিলাসকলেহে সদায় পৰম্পৰাগত অসমীয়া সাজ-পাৰ পৰিধান কৰে৷ এইক্ষেত্ৰত আমিহে পিছপৰি থাকোঁ৷ সেইবাবেই আমি অনুৰোধ কৰিছিলোঁ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিবৰ বাবে৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ– যাতে অসম আৰক্ষীত পৰম্পৰাগত সাজৰ দিহা কৰা হয়– কেতিয়াবা এনেধৰণৰ অনুষ্ঠানত পিন্ধিবৰ বাবে৷’ ইফালে, লাচিত জয়ন্তীৰ অনুষ্ঠানত বিশেষভাৱে ভাগ লোৱা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে কয়– ‘লাচিত বৰফুকন একতাৰ প্ৰতীক৷ আমি এখন উন্নত অসম গঢ়িবই লাগিব৷ ইয়াৰ বাবে লাচিত বৰফুকন হ’ব আমাৰ সকলোৰে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস৷ সাহস আৰু সমন্বয়ৰ প্ৰতীক লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি মহানগৰ আৰক্ষীয়ে আয়োজন কৰা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়৷ আৰক্ষীৰ বাবে পৰম্পৰাগত সাজ-পোছাকৰ দিহা কৰাৰ ক্ষেত্ৰত পাৰ্থসাৰথি মহন্তই যিটো কথা কৈছে, সেইটো বৰ ভাল কথা৷ সেইটো হ’ব লাগে৷ মই আমাৰ কমিটীৰ সৈতে এই বিষয়ে আলোচনা কৰিম৷ মোৰ মতেও এনে এটা ব্যৱস্থা হ’ব লাগে৷ এই অনুষ্ঠানটো বৰ সুন্দৰ হৈছে৷ মহানগৰ আৰক্ষীক তাৰ বাবে ধন্যবাদ জনাইছোঁ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ অনুষ্ঠানবোৰত জাতীয় সাজ-পাৰ পৰিধান কৰা বিষয়টো বিবেচনা কৰা হ’ব৷’