Logo
image

মিছন ১২+ৰ লক্ষ্যৰে আজি আহিব নড্ডা

আমাৰ অসম, ২৯ আগষ্টঃ অসমত বিজেপিৰ এইবাৰ মিছন ১২+৷ এই উদ্দেশ্যেৰে সোমবাৰে ৰাজ্যখনলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ লোকসভাৰ নিৰ্বাচনলৈ মাজত যথেষ্ট সময় আছে যদিও এইবাৰ অসমত যেন আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে বিজেপি দলে৷ বৰ্তমান অসমত বিজেপি দলে অগপ আৰু ইউ পি পি এলৰ সৈতে দিছপুৰত মিত্ৰ চৰকাৰ চলাই আছে৷ কিন্তু ইয়াৰ পিছতো লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে নিজৰ দুই মিত্ৰদলক এখনতকৈ অধিক আসন এৰি দিবলৈ যেন সাজু নহয়৷ বৰ্তমান অসমত ১৪খন লোকসভাৰ আসনৰ ভিতৰত বিজেপিৰ দখলত আছে নটা লোকসভা সমষ্টি৷ কিন্তু ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত এই সংখ্যা বাৰখনলৈ বৃদ্ধিৰ লক্ষ্য লৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ ইয়াৰ বাবে বিশেষভাৱে দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক৷ বিজেপিৰ এইবাৰৰ লক্ষ্য হ’ল বৰপেটা, নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টি৷ এই সমষ্টি তিনিটা কংগ্ৰেছৰ হাতৰ পৰা উদ্ধাৰৰ ৰণকৌশল প্ৰস্তুতৰ বাবে দেওবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু৷ তেওঁ আজি নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টি ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়৷ আনহাতে, সোমবাৰে বিয়লি চাৰি বজাত গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ তেখেতে উজানবজাৰস্থিত বিজেপিৰ উত্তৰ পূবৰ কাৰ্যালয় ‘পদ্ম ভৱন’ উদ্বোধন কৰাৰ উপৰিও বিয়লি পাঁচ বজাত মাছখোৱাস্থিত আই টি চেণ্টাৰত দলৰ নেতা-কৰ্মীৰ এখন বৈঠকত অংশ ল’ব৷ উল্লেখ্য যে দলৰ ৰাষ্ট্ৰীয় সভাপতিজনে সোমবাৰে মোদী মন্ত্ৰীসভাত থকা উত্তৰ পূৰ্বাঞ্চলৰ তিনিজন কেন্দ্ৰীয় মন্ত্ৰী, চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আঠখন ৰাজ্যৰ ৰাজ্যিক সভাপতিৰেও বৈঠকত মিলিত হ’ব৷ এই বৈঠকৰ মূল লক্ষ্যই হ’ল লোকসভাৰ আগন্তুক নিৰ্বাচনত অসমত দলৰ সাংসদৰ সংখ্যা ১২ জনলৈ আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ২৪ জনলৈ বৃদ্ধি কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা৷ শেহতীয়াভাৱে মিছন ১২+ আৰু মিছন ২৪+ সভাপতি নাড্ডাৰ বাবে অগ্নিপৰীক্ষা স্বৰূপ হৈ পৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নড্ডাক বান্ধি দিছে এই লক্ষ্য৷ যাৰ বাবে ২০২৪ৰ নিৰ্বাচনলৈ যথেষ্ট সময় থকা স্বত্বেও নিৰ্বাচনী ৰণক্ষেত্ৰত জপিয়াই পৰিছে জে পি নাড্ডা আৰু কীৰেণ ৰিজিজু৷ উল্লেখ্য যে আজি ত্ৰিপুৰাত উপস্থিত হৈছে নড্ডা৷ কাইলৈ ত্ৰিপুৰাৰ পৰা অসমলৈ আহিব দলৰ শীৰ্ষ নেতাজন৷ 

নগাঁও, কলিয়াবৰ, বৰপেটা দখলৰ লক্ষ্যৰে অসমত ৰিজিজু

অসমত বিজেপি-অগপৰ সন্মিলিত চৰকাৰ থাকিলেও পৰৱৰ্তী লোকসভা নিৰ্বাচনত অগপই আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত বিজেপিৰ ওচৰত কিমান গুৰুত্ব লাভ কৰিব এইক্ষেত্ৰত সন্দেহৰ অৱকাশ আছে৷  ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪খন আসন অকলেই দখল কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷  বিগত লোকসভা নিৰ্বাচনত অসমৰ কলিয়াবৰ আৰু বৰপেটা আসন দুখন বুজাবুজিসূত্ৰে বিজেপিয়ে অগপক এৰি দিছিল৷ দুয়োখন আসনতে পৰাজয়বৰণ কৰা অগপক পৰৱৰ্তী নিৰ্বাচনত পুনৰ বিজেপিয়ে এৰি দিবনে তাক লৈ শংকাৰ অৱতাৰণা হৈছে৷  কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত নগাঁও, বৰপেটা আৰু কলিয়াবৰ সমষ্টিলৈ অহা কাৰ্যই এই প্ৰশ্নৰ উত্থাপন কৰিছে৷ আজি এই উদেশ্যত নগাঁৱলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন  সভাত মিলিত হয়৷ নগাঁও চহৰৰ হয়বৰগাঁৱৰ বীণাপাণি নাট্য মন্দিৰত বিজেপিৰ লোকসভা প্ৰৱাস যোজনাৰ সভাত যোগদানৰ অন্তত সাংবাদিকৰ আগত ৰিজিজুৱে কয়,  মই প্ৰথম দলীয় কৰ্মী মই পিছতহে মন্ত্ৰী৷ মন্ত্ৰীসকলৰ এনেকৈ মাজে মাজে দলৰ কৰ্মীৰ লগত মত বিনিময় হ’ব লাগে৷ কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু সাধাৰণ সদস্যৰ মাজত সমণ্বয় থাকিলে দলৰ কাৰণে ভাল৷ তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ যিমান আঁচনি আছে তাৰ পৰা অসমৰ জনতাই কি লাভ পাইছে গাঁৱে গাঁৱে তাৰ কি প্ৰভাৱ হৈছে সেই সম্পৰ্কত খবৰ লৈছোঁ৷ চৰকাৰৰ আঁচনি যে ভালদৰে ৰূপায়ণ কৰিব লাগিব সেই কথা মই দলৰ কৰ্মীক কৈছোঁ৷ তেওঁ কয়, য’ত বিজেপি চৰকাৰ আছে, বিজেপি সাংসদ আছে তাত বিজেপি চৰকাৰৰ পোনপটীয়া লাভ পায়৷ য’ত বিজেপিৰ এম পি, এল এ নাই তাত এনেয়ে লোকচান হৈ যায়৷ যোৱা নিৰ্বাচনত নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী কম ভোটত হাৰিছে, কিন্তু লোকচান বহুত বেছি হৈ গ’ল সমষ্টিবাসীৰ৷ সমষ্টিত বিজেপি এম পি, এম এল এ থাকিলে ৰাইজে স্বয়ংক্ৰিয়ভাৱে লাভ পায়৷ মোদী চৰকাৰে ইমান ভাল কাম কৰি আছে৷ এই ভাল কামৰ সুফল পাবলৈ সমষ্টিত দলৰ এম এল এ, এম পি থকাৰ প্ৰয়োজন আছে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয়, মোক তিনিটা লোকসভা সমষ্টিৰ দায়িত্ব দিছে৷ সমষ্টিকেইটা হৈছে নগাঁও, কলিয়াবৰ আৰু বৰপেটা৷ মই নগাঁও, কলিয়াবৰ, বৰপেটা তিনিটা সমষ্টিৰ প্ৰভাৰী৷ এই সমষ্টিকেইটাত উপস্থিত হৈ দলৰ অৱস্থাৰ মই বুজ ল’ম৷ চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত দলৰ লগত সম°«য় স্থাপন কৰিম৷ মোৰ লক্ষ্য বিজেপি অসমৰ সকলো লোকসভা আসনত জিকিব লাগিব৷ তেতিয়া সকলোৱে লাভ পাব৷ যদি কোনো আসনত বিজেপি প্ৰাৰ্থী হাৰি যায় ৰাইজৰ লোকচান হয়৷ চৰকাৰৰ ভাল কাম ৰাইজৰ কাষলৈ লৈ যাবলৈ এম এল এ, এম পিয়ে ডাঙৰ ভূমিকা পালন কৰে৷