Logo
image

২.২২ লাখ কোটিৰ ঋণ আদানিৰ, বিপদ দেশবাসীৰো

আমাৰ অসম, ২৯ আগষ্টঃ দুৰৈৰ পৰ্বত শুৱনি৷ প্ৰশান্ত ৰূপৰ সাগৰৰ উপৰিভাগ দেখিলে গভীৰতাত থকা খলা-বমা কল্পনা কৰিব নোৱাৰি, যিদৰে কাষলৈ নগ’লে বা আৰোহন নকৰিলে জানিব নোৱাৰি পৰ্বতৰ দুৰ্গম আৰু অলংঘণীয় ৰূপ৷ ঠিক অনুৰূপ অৱস্থা এছিয়াৰ ধনাঢ্য ব্যক্তি গৌতম আদানিৰো৷ গৌতম আদানি আৰু তেওঁৰ বিশাল সাম্ৰাজ্যখন ইমানেই ভংগুৰ হৈ উঠিব পাৰে সেয়া তেওঁৰ সাম্ৰাজ্যত প্ৰৱেশ নকৰিলে বা তেওঁৰ ঋণৰ বোজাৰ বিষয়ে খবৰ নাজানিলে অনুমান কৰিব নোৱাৰি৷ গৌতম আদানিৰ বিশাল সামাজ্যখনৰ ভংগুৰ হৈ পৰিব পৰাৰ আশংকাৰ মূল কাৰণ হৈছে তেওঁৰ বিশাল পৰিমাণৰ ঋণ৷ সাম্প্ৰতিক এটা সমীক্ষাত প্ৰকাশ পাইছে, অত্যাধিক ঋণ গৌতম আদানিৰ সাম্ৰাজ্যৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে৷ বিপদ হ’ব পাৰে দেশৰ বাবেও৷ কিয়নো এছিয়াৰ ধনাঢ্য ব্যক্তিজন ২.২২ লাখ কোটি টকাৰ ঋণত পোত গৈ আছে৷ বিশ্বৰ পঞ্চম আৰু এছিয়াৰ আটাইতকৈ চহকী ব্যক্তি গৌতম আদানিৰ উত্থান ৰকেটৰ দৰে৷ বিগত ২-৩ বছৰ তেওঁৰ যি ব্যৱসায়িক উত্থান, সেই উত্থানৰ জৰিয়তে তেওঁ অবলীলাক্ৰমে অতিক্ৰম কৰি গৈছে মুকেশ আম্বানিকো৷ উত্থানৰ এই পথত গৌতম আদানিয়ে বেংক আৰু বিত্তীয় অনুষ্ঠানৰ পৰা ইমানেই ঋণ লৈছে, যি ভৱিষ্যতে কেৱল তেওঁ বা তেওঁৰ সাম্ৰাজ্যৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে৷ তাৰ কাৰনো আছে অনেক৷ এবছৰ আগলৈকে গৌতম আদানিৰ ঋণৰ পৰিমাণ আছিল ১.৫২ লাখ কোটি টকা৷ এই বছৰত তেওঁৰ ঋণৰ পৰিমাণ ৪২ শতাংশ বৃদ্ধি পাই ২.২২ লাখ কোটি টকা হৈছে৷ অৰ্থাৎ তেওঁ ঋণ পৰিশোধ কৰাতকৈ অধিক ঋণ লৈ মাত্ৰাধিক ঋণগ্ৰস্ত হৈ পৰিছে৷ এই ঋণ আৰু পৰিশোধ নকৰাৰ বিষয়টো অতি মাৰাত্মক হৈ পৰিব পাৰে৷ কেৱল গৌতম আদানিৰ বাবেই নহয়, তেওঁৰ ঋণে বিপদ মাতি আনিব পাৰে দেশ আৰু দেশবাসীৰ বাবেও৷ গৌতম আদানিৰ আৰ্থিক বিনিয়োগ, তেওঁৰ ঋণ আৰু তাৰ ফলত হ’বলগীয়া আৰ্থিক পাশ্বৰ্ক্ৰিয়া সন্দৰ্ভত সমীক্ষা চলাইছিল বিশ্বখ্যাত বিদেশী আৰ্থিক বিনিয়োগ সম্পৰ্কীয় পৰামৰ্শদাতা সংস্থা ক্ৰেডিট ছাইটে৷ আদানিৰ ঋণৰ পৰিমাণ আৰু তাৰ সম্ভাব্য বিপদ সম্পৰ্কে ক্ৰেডিট ছাইটে বিস্তৃত বিশ্লেষণ কৰিছে৷ সম্প্ৰতি বিভিন্ন খণ্ডলৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে আদানি গোষ্ঠীয়ে৷ তাপ বিদ্যুৎ, গ্ৰীণ এনাৰ্জিত নতুনকৈ ভৰি থোৱা আদানিয়ে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুনকৈ ঋণ লৈছে আৰু পুৰণি ঋণ বকেয়া হৈ ৰৈ গৈছে৷ আনহাতে তেওঁৰ বিদেশী মুদ্ৰাত লোৱা ঋণৰ পৰিমাণো বিশাল৷ ইয়াৰ মাজতে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰা পুনৰ ১৪ হাজাৰ কোটি টকাৰ ঋণৰ আবেদন জনাইছে৷ গ্ৰীন এনাৰ্জিৰ  প্ৰকল্পৰ বাবে বিছাৰিছে এই ঋণ৷ প্ৰনিধানযোগ্য এয়াই যে, বিদেশী মুদ্ৰাত লোৱা ঋণৰ পৰিমাণ আপোনা আপুনি বৃদ্ধি হৈ পৰিছে ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবে৷ অৰ্থাৎ তেওঁ যিমান বিদেশী মুদ্ৰাৰ ঋণ লৈছিল, সেয়া টকাৰ মূল্য হ্ৰাস হোৱাৰ ফলত নিজে নিজেই বাঢ়ি আছে৷ তাৎপৰ্যপূৰ্ণ যে, আদানিৰ গ্ৰীন এনাৰ্জি লিমিটেডেই দেশৰ ভিতৰত সৰ্বাধিক আৰু এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্বাধিক ঋণগ্ৰস্ত কোম্পানী৷

কেৱল ব্যৱসায়ৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰৰ বাবেই এনেদৰে বিশাল ঋণৰ বোজাত দিনে দিনে পোত গৈছে আদানি৷ তেওঁৰ সেই মানসিকতা আৰু প্ৰতিযোগিতাৰ দৌৰে বিপদ মাতিছে দেশলৈ৷ ইমান ঋণৰ মাজতো আদানিয়ে নতুনকৈ টেলিকম আৰু মিডিয়া খণ্ডতো ভৰি থৈছে৷ সম্প্ৰতি ৫ জি নিলামতো ভাগ লৈছে আদানি গোষ্ঠীয়ে৷ প্ৰশ্ন উঠিছে, আদানিয়ে লোৱা এই ঋণৰ সৈতে দেশ আৰু দেশবাসীৰ বিপদৰ সম্পৰ্ক কি? সাধাৰণ ধাৰণাত– আদানি ডুবিলে নিজে ডুবিব, দেশৰ কি? পিছে সেয়া সত্য নহয়৷ গৌতম আদানি এতিয়া দেশৰ যিমানবোৰ খণ্ডৰ ব্যৱসায়ত যুক্ত, আদানি গোষ্ঠী ডুবিলে দেশৰ অনেক সেৱা স্থবিৰ হৈ পৰিব৷ বিদ্যুৎ বিতৰণ, উৎপাদন, বিমান বন্দৰ পৰিচালনা, কয়লা-তেল খনন আৰু পৰিবহণ, অলেখবিধ খাদ্য সামগ্ৰী, খোৱা তেল সৰবৰাহ, পেকেংজি ফুডকে ধৰি সমাজৰ স্তৰে স্তৰে সোমাই পৰিছে আদানি গোষ্ঠীৰ সামগ্ৰী আৰু সেৱা৷ যদিহে তেওঁ ঋণৰ বোজাৰ পৰা উদ্ধাৰ নোপোৱাৰ ফলত ব্যৱসায়িক সাম্ৰাজ্যৰ পতন ঘটে তেন্তে তাৎক্ষণিকভাৱে দেশ বঞ্চিত হ’ব আদানি গোষ্ঠীৰ উৎপাদিত সামগ্ৰী আৰু সেৱাৰ পৰা৷ একাধিক খণ্ডত ভাৰতৰ অৱস্থা হ’ব এতিয়া শ্ৰীলংকাত হোৱা পৰিস্থিতিৰ দৰে৷ ভাৰতে তেনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পাব পাৰিব, কিন্তু তাৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব৷ আনহাতে তেওঁ ঋণ শুজিব নোৱাৰিলে বেংকে সেয়া এন পি এ ঘোষণা কৰি তেওঁক ঋণ মাফ দিবলগীয়া পৰিস্থিতিৰ উদ্ভব হ’ব৷ সেয়া হ’ব দেশৰ অৰ্থনীতিত বিষম আঘাত৷ এনেদৰে ব্যাপক ঋণৰ ভৰত পূৰ্বেও ভাৰতত বিভিন্ন সংস্থাৰ পতন দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে৷ সাম্প্ৰতিক অতীতত নিশাটোৰ ভিতৰতে দেশত পতন ঘটিছিল সত্যম বামৰ শীৰ্ষ স্থানীয় তথ্য প্ৰযুক্তি কোম্পানীৰ৷ বিজয় মাল্যৰ কিংফিশ্বাৰ, সুব্ৰত ৰয়ৰ ছাহাৰাৰ সামাজ্যৰ পতন দেশবাসীৰ চকুৰ সন্মুখত হৈছে৷ গৌৰবেৰে দেশ-বিদেশৰ আকাশত উৰি থকা কিংফিশ্বাৰ, ছাহাৰা আৰু আনকি জেট এয়াৰলাইন্সৰ বিমান এতিয়া অতীত কেৱল লোকচান আৰু ঋণগ্ৰস্ততাৰ বাবেই৷ ঋণত ডুবি দেশ এৰি পলায়ন কৰা নীৰব মোদী, মেহুল ছক্‌ছি এনে পাতিত উদ্যোগ সাম্ৰাজ্যৰ নৱতম সংযোজন৷ কিংফিশ্বাৰ, ছাহাৰা, জেট, ভিডিঅ’কন, হীৰা ব্যৱসায়ী নীৰব মোদী, মেহুল ছক্‌ছিয়ে লোৱা ঋণ অনিচ্ছাস্বত্বেও মাফ কৰিবলগীয়া হৈছে বেংকসমূহে৷ তেওঁলোকে এৰি যোৱা সম্পত্তি বাজেয়াপ্ত কৰিও ঋণৰ সম্পূৰ্ণ ধন উদ্ধাৰ কৰিব পৰা নাই বেংকে৷ কিয়নো তেওঁলোকৰ সম্পত্তিৰ পৰিমাণতকৈ ঋণৰ পৰিমাণ আছিল বহুগুণে অধিক৷ যদিহে গৌতম আদানিয়ে এই বিশাল পৰিমাণৰ ঋণ পৰিশোধ কৰিব নোৱাৰে আৰু তাৰ বাবেই যদি তেওঁৰ সাম্ৰাজ্যৰ পতন ঘটে তেন্তে তাৰ ফল একেদৰেই ভূগিব দেশবাসীয়ে আৰু তেওঁক ঋণ প্ৰদান কৰা বেংকে৷ পৰোক্ষভাৱে সকলো বেংকৰ গ্ৰাহকৰ ওপৰতে পৰিব বোজা৷ কিয়নো লোকচানৰ ধন বেংকে আন গ্ৰাহকৰ ধনৰ, ঋণৰ সুদ বৃদ্ধি কৰিয়েই উদ্ধাৰ কৰিব৷ 

অনুৰূপ পৰিস্থিতি মুকেশ আম্বানিৰ ক্ষেত্ৰত নঘটে বুলিয়েই তেনে সমীক্ষাকাৰী সংস্থাৰ মত৷ ঋণ আম্বানিৰো আছে, কিন্তু তেওঁৰ সম্পত্তিৰ পৰিমাণ অধিক৷ এটা কোম্পানী বা উদ্যোগ তেতিয়াহে স্থায়ী হয়, যেতিয়া কোম্পানীৰ সম্পদ অৰ্থাৎ স্থাৱৰ সম্পদৰ পৰিমাণ অধিক হয়৷ অৰ্থাৎ ধনাঢ্য হ’লেও আদানি, আম্বানিৰ ধন নগদ নহয়৷ সেয়া শ্বেয়াৰ বজাৰত থকা অংশীদাৰিত্বৰ ধনহে, অৰ্থাৎ কাগজে কলমে, হাতত থকা নগদ ধন নহয়৷ সেয়ে কেতিয়াবা শ্বেয়াৰ বজাৰৰ পতন ঘটিলে তেনে ব্যৱসায়ী এদিনতে কোটি কোটি টকাৰ দৰিদ্ৰ হৈ পৰে৷ সেই বিপদত ৰক্ষা কৰিব পাৰে কোম্পানীৰ সম্পদে, স্থাবৰ সম্পত্তিয়ে৷ সেই দিশৰ পৰা আম্বানি গোষ্ঠী নিৰাপদ৷ কিয়নো তেওঁলোকৰ অজস্ৰ স্থাবৰ সম্পত্তি আছে, যি পৰিমাণৰ সম্পদ আদানিৰ নাই৷ আদানিৰ ধন কাগজে-কলমে৷ আম্বানিয়ে যিকোনো বিপদ চম্ভালি ল’ব পাৰিব সম্পদৰ শক্তিৰে৷ কিন্তু বিপদত পৰিলে আদানিৰ সাম্ৰাজ্য তাচপাতৰ ঘৰৰ দৰে ভাগি পৰিব, যিদৰে ভাগি পৰিছিল সম্পদহীন তথ্য প্ৰযুক্তি কোম্পানী সত্যমৰ৷