Logo
image

ক’ভিডতেই মৃত্যু হ’ল জীৱনৰ

আমাৰ অসম, ২৯ আগষ্টঃ ক’ভিডৰ বাবেই নিয়তিৰ ওচৰত হাৰ মানিলে বিদ্ৰোহী নেতা জীৱন মৰাণে৷ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ প্ৰাক্তন বিত্ত সচিব জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে একালৰ দুৰ্ধৰ্ষ বিদ্ৰোহী নেতাজনে৷ উচ্ছ ৰক্ত চাপ, বৃক্ক আৰু যকৃতজনিত ৰোগত আক্ৰান্ত জীৱন মৰাণে ক’ভিডত আক্ৰান্ত হোৱাৰ ফলতেই মৃত্যুক সাৱটিবলগীয়া হয়৷ অৱশ্যে ক’ভিড প্ৰট’কলৰ বাবে আলফা নেতাজনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়া হোৱা নাছিল যদিও অৱশেষত দেওবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জীৱন মৰাণৰ মৃতদেহ পৰিয়ালক সৎকাৰৰ অনুমতি দিয়ে৷ জন্মস্থান তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৰূপাইত সোমবাৰে আলফা নেতাজনৰ মৃতদেহ সৎকাৰ কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ শাৰীৰিক অসুস্থাৰ বাবে বিগত বৰ্ষত আলফাৰ পৰা অৱসৰ লৈ সেনা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল জীৱন মৰাণে৷ জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ কৰি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ ৰুৱাই এটা বিবৃতিত কয়–১৯৮৪ চনত আলফাৰ দ্বিতীয়টো সামৰিক গোটৰ প্ৰশিক্ষণৰ আগমুহূৰ্তত বিপ্লৱৰ পথাৰত ভৰি দি জীৱন মৰাণ জাতীয় মুক্তি বিপ্লৱখন আগুৱাই নিয়াত জীৱনৰ অধিকচোৱা সময় উচ্ছৰ্গা কৰিলে৷ সংযুক্ত মুক্তি বাহিনী, অসমৰ অধিকাংশ শীৰ্ষ নেতাই তথাকথিত আলোচনাৰ নামত সংগঠনটোক দলনিত পোনা মেলি বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ সময়ত তেওঁ লৌহস্থিতিৰ ভূমিকা পালন কৰি সংগঠনটোক সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] ৰূপত ন কৈ শক্তিশালী কৰাত মনোনিৱেশ কৰিছিল সেই বলিষ্ঠ অৱদানৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ প্ৰতিজন নেতা, বিষয়া, সদস্য-সদস্যা চিৰকৃতজ্ঞ আৰু ঋণী হৈ ৰ’ব৷ পৰৱৰ্তী সময়ত সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে ইয়াৰ বিত্ত বিভাগৰ উপৰিও সহঃ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব তেওঁৰ ওপৰত অৰ্পন কৰিছিল৷ কিন্তু বয়সৰ লগে লগে শাৰীৰিক অসুস্থতাৰ বাবে লৌহস্থিতিৰ বিশিষ্ট সংগ্ৰামী নেতাজনে বিগত বৰ্ষৰ ২৫ এপ্ৰিলত সংগঠনৰ সকলো দা-দায়িত্বৰ পৰা অব্যাহতি লৈ ওপজা মাটিলৈ উভতনি যাত্ৰা কৰিছিল৷ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন সংগঠনৰ প্ৰাক্তন নেতা তথা বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন অসম উচ্ছ ৰক্তচাপ, বৃক্ক আৰু যকৃৎজনিত একাধিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত যোৱা এমাহ ধৰি চিকিৎসাধীন হৈ আছিল৷ শেহতীয়াকৈ ক’ভিড ১৯ ত আক্ৰান্ত হৈ শাৰীৰিক দ্ৰুত অৱনতি বাবে ২৭ আগষ্টত প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয়৷ পাছত এপল’ চিকিৎসালয়লৈ হস্তান্তৰ কৰা হয় যদিও সন্ধিয়া ৮.৪৫ বজাত ইসলীলা সম্বৰণ কৰে৷ অসমৰ সন্মিলিত  সশস্ত্ৰ জাতীয় যুক্তি বিপ্লৱলৈ আগবঢ়োৱা জীৱন মৰাণৰ ত্যাগ আৰু স্থিতি সদায় নিদৰ্শন হৈ ৰ’ব৷ সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা অৱদানক সন্মান জনাই সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে জীৱন মৰাণক অমৰ মৃতক ঘোষণা কৰিছোঁ৷

কাকপথাৰ অঞ্চলত শোকৰ ছাঁ

সাৰ্বভৌম স্বাধীন অসমৰ সপোন লৈ ১৯৮৪ চনতে আলফাত যোগদান কৰি ২০২১ চনৰ ২৫ এপ্ৰিলত স্বাস্থ্যজনিত কাৰণত আলফাৰ পৰা অব্যাহতি লোৱা আলফাৰ প্ৰাক্তন বিত্ত সম্পাদক তথা মেজৰ জেনেৰেল জীৱন মৰাণে শনিবাৰে নিশা গুৱাহাটীস্থিত এপলো চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ বহুমূত্ৰ আৰু উচ্ছ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাতে কৰ’নাত আক্ৰান্ত হোৱা কাকপথাৰৰ গাতে লাগি থকা ওৱন গাঁও নিৱাসী প্ৰয়াত জাপান ডাঙৰীয়া আৰু পৱন ডাঙৰীয়াৰ পুত্ৰ গুণদ ডাঙৰীয়া ওৰফে জীৱন মৰাণৰ মৃত্যুত সমগ্ৰ কাকপথাৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে৷ ১৯৯২ চনৰ পৰা আলফা দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমত সেনা নিয়োগ কৰি তীব্ৰ সামৰিক অভিযান চলাইছিল যদিও জীৱন মৰাণৰ জনপ্ৰিয়তা আৰু গেৰিলা যোদ্ধাৰ কৌশল আয়ত্ত কৰি ৰখাৰ বাবে দীৰ্ঘদিন নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি আত্মৰক্ষা কৰিবলৈ সক্ষম হোৱা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই পৰৱৰ্তী সময়ত বহিঃ ৰাষ্ট্ৰত আশ্ৰয় লৈ সংগঠনৰ কাম-কাজ চলাই গৈছিল৷ আলফাৰ পৰা অব্যাহতি লৈ অসমত প্ৰৱেশ কৰাৰ পাছতে ২০২১ চনৰ ৩০ এপ্ৰিলত সেনাই আটক কৰি আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে তেওঁক জে’ললৈ প্ৰেৰণ কৰে৷ ২০২২ চনৰ ১১ জানুৱাৰীত জামিনত মুক্তি লাভ কৰাৰ পাছতে মূলসুঁতিলৈ ঘূৰি অহা বৰ্ষীয়ান আলফা নেতাজনে মৃত্যৰ সময়ত দুগৰাকী কন্যাসহ পত্নীক সংসাৰত এৰি থৈ যায়৷