
এমাহতে ফলাফল, মাচুল ঘূৰাই দিব অনুত্তীৰ্ণৰ! ঘোষণা মুখ্যমন্ত্ৰীৰ
সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা
আমাৰ অসম, ২৯ আগষ্টঃ স্বচ্ছ, নিকা আৰু পানী নসৰকা নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ৰাজ্যজুৰি সুকলমে অনুষ্ঠিত হ’ল চৰকাৰী চাকৰিৰ দ্বিতীয় পৰ্যায়ৰ বৃহৎ লিখিত পৰীক্ষা৷ তৃতীয় বৰ্গৰ পদৰ বাবে ৰাজ্যৰ ২৬ জিলাৰ মুঠ ১৯০৩টা পৰীক্ষা কেন্দ্ৰত পুৱা দহ বজা আৰু বিয়লি দুই বজাৰ পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ল লিখিত পৰীক্ষা৷ পুৱা দহ বজাত হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বিপৰীতে ৰাজ্যৰ মুঠ ১২১১টা পৰীক্ষাকেন্দ্ৰত মুঠ পাঁচ লাখ চাৰি হাজাৰ ৮৩জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে স্নাতক উত্তীৰ্ণ পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বাবে ৰাজ্যৰ ৬৯২টা পৰীক্ষাকেন্দ্ৰত মুঠ তিনি লাখ ৪৮ হাজাৰ ৯৮ জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়৷ তৃতীয় বৰ্গৰ দুয়োটা পৰীক্ষাত মুঠ ৮,৫২,১৪১জন প্ৰাৰ্থী আজি পৰীক্ষাত অৱতীৰ্ণ হয়৷ ইতিপূৰ্বে যোৱা ২১ আগষ্ট, দেওবাৰে অনুষ্ঠিত হোৱা চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষাত ৫,০৮,৮০৩জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ তৃতীয়বৰ্গৰ ড্ৰাইভাৰ পদৰ বাবে অহা ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাতো অৱতীৰ্ণ হ’ব ৬৯,৪৫৩জন প্ৰাৰ্থী৷ উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে– ‘পৰীক্ষাটো খুব ভাল হৈছে৷ সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত হৈছে৷ এমাহৰ ভিতৰত আমি পৰীক্ষাৰ ফলাফল দিয়াৰ বাবে চেষ্টা কৰিম৷ পৰীক্ষাত অনুত্তীৰ্ণসকলক মাচুল ওভোটাই দিয়া হ’ব৷ কেৱল উত্তীৰ্ণ সকলৰহে মাচুল ওভোটাই দিয়া নহয়৷ অনুত্তীৰ্ণসকলে যি যি বেংক একাউণ্টৰ পৰা পৰীক্ষাৰ মাচুল দিছিল, সেই একাউণ্টলৈ পুনৰ ধন ওভোটাই দিয়া হ’ব৷” উল্লেখ্য যে যোৱা দেওবাৰে [২১ আগষ্ট] ৰাজ্যত চতুৰ্থবৰ্গৰ ১৪,২৮১টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে আজি তৃতীয় বৰ্গৰ ১৯,৭৫৩টা পদৰ বাবে লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত হ’ল৷ ইতিমধ্যে হৈ যোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহিঃৰাজ্যৰ প্ৰাৰ্থীও পৰীক্ষাত বহা বুলি চৰ্চা হৈছে৷ অসম মাধ্যমিক শিক্ষা পৰিষদে সদৰি কৰা তথ্য অনুসৰি ২৬,৪৪১টা খালী পদৰ বিপৰীতে মুঠ ১৪,৩০,৪৩৭জন প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিছে৷ কিন্তু বিশ আগষ্টলৈকে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ১২,২১,৭৫১জন৷ যিহেতু অনলাইন পঞ্জীয়ন বন্ধ বা বিজ্ঞাপনৰ চৰ্ত অনুসৰি চাকৰিৰ আবেদনকাৰীয়ে অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকাটো বাধ্যতামূলক, তেনেক্ষেত্ৰত এই অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থীৰ পৰা ওলাল ইয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ দুই লক্ষাধিক প্ৰাৰ্থী বহিঃৰাজ্যৰ বুলিও সন্দেহ ঘণীভূত হৈছে৷ কিন্তু সেই সন্দেহৰ ভেদ ভাঙি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে– ‘৯ লাখ ৩৪ হাজাৰ প্ৰাৰ্থী মূল হিচাপত পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ এজনেই পাঁচটা পৰীক্ষাত অৱতীৰ্ণ হৈছে, সেই হিচাপে প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৪ লাখ৷’ লক্ষণীয় যে ৰাজ্য চৰকাৰে শেহতীয়া অধিসূচনা অনুসৰি অসম প্ৰত্যক্ষ নিযুক্তিৰ অধীনত খালী হোৱা পদৰ সংখ্যা বৃদ্ধি কৰি ৩৪,০৩৪টা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰাৰ দৰে যদি অনুত্তীৰ্ণসকলক চৰকাৰে আবেদন মাচুল ঘূৰাই দিয়ে, তেন্তে মুঠ ১৩,৯৬,২৯৯ জনক মাচুল ঘূৰাই দিব লাগিব৷ চৰকাৰৰ মাচুল ৰেহাইৰ ঘোষণাক লৈ নিবনুৱাৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ বহুতেই প্ৰশ্ন কৰিছে– চৰকাৰে এতিয়া মাচুল ৰেহাই দিয়াতকৈ পূৰ্বতেই মাচুল হ্ৰাস কৰাহেঁতেন আৰ্থিকভাৱে দুৰ্বল ঘৰৰ নিবনুৱাই সকাহ পালেহেঁতেন৷ বহুতেই মাচুলৰ বাবে পৰীক্ষাত আবেদনেই কৰিব নোৱাৰিলে৷ ধনৰ অভাৱত বহু নিবনুৱাই অন্য জিলাত গৈ চাকৰিৰ পৰীক্ষাত বহিব নোৱাৰিলে৷ বহুতেই আগদিনাই গুৱাহাটী বা অন্য জিলাত হোটেলত থাকি বা ৰাতিপুৱাই গাড়ী ভাৰা কৰি পৰীক্ষা দিবলগীয়া হ’ল৷ সেই খৰচবোৰো অনুত্তীৰ্ণই ঘূৰাই পাবনে৷
কলিয়াবৰত যান-জঁটত আবদ্ধ শ শ পৰীক্ষাৰ্থী
কলিয়াবৰৰ ৩৭ [ক] নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগত হোৱা ব্যাপক যান-জঁটে ভীষণ অসুবিধাৰ সৃষ্টি কৰে৷ কলিয়াবৰ-তেজপুৰ সংযোগী পথত সৃষ্টি হৈছিল এই ব্যাপক যান-জঁট৷ ফলত এই যান-জঁটত আবদ্ধ হৈ শ শ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ সৃষ্টি হয়৷ উল্লেখ্য যে, অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ বাবে তেজপুৰ, ঢেকীয়াজুলি আদি ঠাইৰ পৰীক্ষা কেন্দ্ৰলৈ বুলি যোৱা পৰীক্ষাৰ্থীসকলৰ সৰু-বৰ বাহনসমূহ নলতলীৰ পৰা কলিয়াভোমোৰা দলংপৰ্যন্ত যান-জঁটত আবদ্ধ হৈ কিছুসময়ৰ বাবে অচল হৈ পৰে৷ চাকৰি প্ৰাৰ্থীৰ বাহনৰ ভিৰৰ বাবেই যান-জঁট সৃষ্টি হোৱাত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
বঙাইগাঁৱত পৰীক্ষাৰ্থীৰ উপস্থিতিৰ বহীত চহী আন পৰীক্ষাৰ্থীৰ
বঙাইগাঁৱত আজি অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এজন পৰীক্ষাৰ্থীয়ে৷ বনজিৎ নাথ নামৰ পৰীক্ষাৰ্থীজনৰ পৰীক্ষা কেন্দ্ৰ আছিল বঙাইগাঁও মহাবিদ্যালয়৷ পৰীক্ষাৰ্থীজনে উত্থাপন কৰা অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰত এখন উপস্থিতিৰ বহীত চহী লোৱা হৈছিল প্ৰতিজন পৰীক্ষাৰ্থীৰ পৰা৷ কিন্তু তেওঁৰ ৰোল নম্বৰ আৰু নামৰ ঠাইত উপস্থিত বহীত অইন পৰীক্ষাৰ্থীৰ চহী দেখা পাই পৰীক্ষাৰ্থীজনে পৰীক্ষা কেন্দ্ৰত থকা নিৰীক্ষকক জনায় বিষয়টো৷ এই অভিযোগ পোৱাৰ পাছত কিছুসময় অপেক্ষা কৰি বিষয়টো একো নহয় বুলি জনাই তেওঁৰ নামৰ আৰু ৰোল নম্বৰৰ বিপৰীতে উপস্থিত বহীত আন এটা চহী লয় নিৰীক্ষকে ৷ কিন্তু এনে খেলিমেলি সৃষ্টি হোৱাত পৰীক্ষাৰ্থীজনে এতিয়া শংকাত ভুগিবলগীয়া হৈছে৷
বকোৰ পৰীক্ষা দিব নোৱাৰিলে কেইবাজনেও
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ কেইবাখনো পৰীক্ষা কেন্দ্ৰতো আজি সুকলমে অনুষ্ঠিত হয় অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি পদৰ প্ৰাৰ্থীৰ লিখিত পৰীক্ষা৷ পিছে, বকোৰ ‘২ নং যোগীপাৰা লাল বাহাদুৰ শাস্ত্ৰী আঞ্চলিক উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত আগবেলা পৰীক্ষাত কেইবাজনো দূৰ-দূৰণিৰ প্ৰাৰ্থীয়ে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয়৷ উল্লেখ্য, নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হ’ব নোৱৰা পৰীক্ষাৰ্থীকেইজনে পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয়৷ প্ৰাপ্ত বাতৰি মতে, অতিকে ভিতৰুৱা তথা পৰীক্ষা কেন্দ্ৰটোৰ সম্পৰ্কত পূৰ্বৰ কোনো পৰিচয় নথকাৰ লগতে অঞ্চলটোৰ ৰাস্তা-ঘাটৰ সম্পৰ্কত কোনো ধাৰণা নথকা কেইবাজনো পৰীক্ষাৰ্থীয়ে কেন্দ্ৰটোত সময়মতে উপস্থিত হ’বলৈ সক্ষম নোহোৱা বাবে কেন্দ্ৰটোৰ নিৰীক্ষকৰ দায়িত্বত থকা বিষয়াই পৰীক্ষা দিয়াৰ অনুমতি প্ৰদান নকৰা বুলি জানিব পৰা গৈছে৷ ইফালে, ৰাস্তা ভুল কৰি ছমৰীয়া সত্ৰহৈ অহা পৰীক্ষাৰ্থী শালমাৰাত কলহী নৈ নাৱেৰে পাৰ হৈ ই-ৰিস্কাৰে পৰীক্ষা কেন্দ্ৰটোলৈ যাবলগীয়া হোৱাত সময়মতে পৰীক্ষা কেন্দ্ৰটোত প্ৰাৰ্থীয়ে উপস্থিত হ’ব নোৱৰাৰো অভিযোগ উত্থাপিত হৈছে৷ যাৰ বাবে পৰীক্ষা বহিব নোৱৰা পৰীক্ষাৰ্থীসকলে হতাশাত ভোগা পৰিলক্ষিত হয়৷ স্মৰ্তব্য, পৰীক্ষা কেন্দ্ৰটো আগবেলা পাঁচ শতাধিক আৰু পিছবেলা পাঁচ শতাধিক পৰীক্ষাৰ্থীৰ বাবে সাজু কৰি তোলা হৈছিল৷ লক্ষণীয়, বকোৰ ২ নং যোগীপাৰা লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়, ছমৰীয়া হাইস্কুল আৰু ছমৰীয়া কলেজ পৰীক্ষা কেন্দ্ৰত পুৱা বহু দূৰ-দূৰণিৰ পৰা অহা পৰীক্ষাৰ্থী আৰু আত্মীয়ৰ ভিৰ পৰিলক্ষিত হয়৷ ইপিনে, কামৰূপ জিলাৰ ১০৬টা পৰীক্ষাকেন্দ্ৰত এই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ছমৰীয়া হাইস্কুল পৰীক্ষা কেন্দ্ৰত ৩৩০ জন আৰু ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ত ২৫০ জন পৰীক্ষাৰ্থীয়ে প্ৰথম ভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ইফালে, পৰীক্ষা নিয়াৰিকৈ তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ পৰীক্ষা স্বচ্ছ, মুক্ত আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাৰ্থীসকলক তন্ন তন্নকৈ পৰীক্ষা কৰা দেখা যায়৷ পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধলৈকে নিষেধাজ্ঞা জাৰি কৰা পৰিলক্ষিত হয়৷