Logo
image

নাম-কীৰ্তনেৰে জগৎগুৰুৰ বন্দনাত মুখৰ হ’ল ৰাজ্য

আমাৰ অসম, ৩০ আগষ্টঃ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকে উপাম, তোহাৰি চৰণ ৰেণু শতকোটি, বাৰেক কৰোহো প্ৰণাম...৷ অসমীয়া মহাজাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪সংখ্যক পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে সোমবাৰে ৰাজ্যজুৰি আকাশ-বতাহ মুখৰিত হৈ পৰে হৰিনামৰ ধবনিৰে৷ জগৎগুৰুৰ বন্দনাৰে মুখৰ হৈ পৰিল সমগ্ৰ অসম৷ নাম-কীৰ্তনৰ ধবনিয়ে মুখৰ কৰিলে অসমৰ আকাশ-বতাহ৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ সৰ্বত্ৰ অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্ৰ-নামঘৰসমূহত ভকত-বৈষ্ণৱ, আই-মাতৃসকল ভক্তিৰসত নিমগ্ন হৈ পৰা দেখা যায়৷ গুৰুজনাৰ জন্মস্থান বৰদোৱাতো ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি উদ্‌যাপন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি৷ সেইদৰে সত্ৰনগৰী বৰপেটা, মাজুলীৰ সত্ৰসমূহ, যোৰহাটৰ টীয়কৰ ঢেকীয়াখোৱা নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰ প্ৰমুখ্যে ৰাজ্যৰ অৰঙে-দৰঙে নামঘৰ, সত্ৰ, শংকৰ সমাজ, বৈষ্ণৱ কেন্দ্ৰস্থলসমূহ নাম-কীৰ্তন, গুৰুজনাৰ বন্দনাৰে মুখৰ হৈ পৰে৷ গুৰুজনাই মহাপ্ৰয়াণ কৰা পৱিত্ৰ তীৰ্থস্থান কোচবিহাৰ মধুপুৰ সত্ৰতো সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে গুৰুজনাক তিৰোভাৱ তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে৷ দুয়ো পৃথকে পৃথকে অসমীয়াতে টুইটযোগে এফাঁকি ঘোষাৰে গুৰুজনালৈ প্ৰণিপাত জনাইছে৷ গুৰুজনাৰ তিথি উপলক্ষে পৱিত্ৰ ভাদ মাহৰ সোমবাৰৰ দিনটোত লাখ লাখ ভকত-বৈষ্ণৱৰ মুখত অনুৰণিত হয়– হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি...৷’

ঢেকীয়াখোৱা নামঘৰত একেলগে সেৱা ল’লে অতুল বৰা, গৌৰৱ গগৈয়ে

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলো হৰিনামৰ ধবনিৰে মুখৰিত হৈ পৰে৷ এই তিথি উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ লোকে লোকাৰণ্য হৈ পৰে৷ ঐতিহ্যমণ্ডিত নামঘৰটোত আয়োজিত গুৰুজনাৰ তিথিত অসম গণ পৰিষদৰ সভাপতি তথা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু কংগ্ৰেছ সাংসদ তথা সংসদৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈও উপস্থিত হয়৷ পৃথকে পৃথকে নামঘৰটোত উপস্থিত হোৱা দুয়োজন ৰাজনৈতিক নেতাই ধূপ-চাকি জ্বলাই সেৱা লয়৷ নামঘৰ চৌহদত মিলিত হোৱা দুটা বিৰোধী দলৰ ৰাজনৈতিক নেতা দুজনে সৌহাৰ্দপূৰ্ণভাৱে মত বিনিময় কৰাৰ লগতে একেলগে বহি নাম প্ৰসংগত অংশগ্ৰহণ কৰাৰ উপৰি চাহ-জলপান গ্ৰহণ কৰে৷ দুয়োজন নেতাৰ এই মিলন নামঘৰটোত উপস্থিত হোৱা অগণন ভক্তপ্ৰাণ ৰাইজৰ বাবে উৎসুক্যৰ কাৰণ হৈ পৰে৷ অৱশ্যে, সাংবাদিকৰ সৈতে মত বিনিময় কৰি অতুল বৰাই কয়, “মই আজি ভকতীয়া সাজত ঐতিহাসিক নমঘৰভাগলৈ আহিছোঁ৷ কোনো ৰাজনৈতিক ব্যক্তি হিচাপে অহা নাই৷ ইয়াৰ পূৰ্বে মই আঠখেলীয়া নামঘৰ দৰ্শন কৰোঁ৷” মন্ত্ৰীজনে লগতে কয় যে প্ৰতি বছৰে পৱিত্ৰ ভাদ মাহত তেওঁ ঢেকীয়াখোৱা নামঘৰলৈ আহে৷ তেওঁ আজি নামঘৰত কেবাগছিও চাকি জ্বলায়৷ এই সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কয়, “সকলোৰে ভাল হওক, ৰাইজৰ মংগল হওক৷ মই ৰাইজৰ মংগল কামনাৰে চাকি জ্বলাইছোঁ৷” উল্লেখ্য, গুৰুজনাৰ তিথি উপলক্ষে আজি পুৱাৰে পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হয়৷ ভক্তসকলে নামঘৰ প্ৰাংগণত চাকি-বন্তি, ধূপ-ধূনা জ্বলাই শৰাই, নৈবেদ্য আদি আগবঢ়ায়৷ অগণন চাকি-বন্তিৰ আলোকত আৰু ধূপ-ধূনাৰ সুবাসত ঐতিহ্যমণ্ডিত নামঘৰটোৰ পৰিৱেশ উজলি উঠাৰ লগতে নাম-কীৰ্তন, কীৰ্তন পাঠ, দিহানাম আদিৰে নামঘৰ চৌহত মুখৰিত হৈ পৰে৷ জাতীয় সাজ পৰিধান কৰি হেজাৰ বিজাৰ আবাল-বৃদ্ধ-বনিতাৰ আগমন আৰু জাউৰিয়ে হৰি নামে ঢেকীয়াখোৱাক পূণ্যভূমি আৰু মহামিলন থলীত পৰিণত কৰে৷ 

বৰভেটিত ২০০ তামোল পুলি ৰোপণঃ যোৰহাটৰ ঐতিহাসিক বৰভেটিতো আজি বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ এই উপলক্ষে বৰভেটিতো অগণন ভক্ত-বৈষ্ণৱৰ সমাগম হয়৷ ভক্তসকলে চাকি-বন্তি জ্বলোৱাৰ লগতে শৰাই, নৈবেদ্য আদি আগবঢ়ায়৷ ইফালে গুৰুজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি বৰভেটি প্ৰাংগণত দুশটা তামোল পুলি ৰোপণ কৰা হয়৷ 

বিভিন্ন অনুষ্ঠানত তিথি পালনঃ যোৰহাটৰ প্ৰায় সকলো নামঘৰ, বিভিন্ন সত্ৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিতো গুৰুজনাৰ তিৰোভাৱ তিথি  পালন কৰা হয়৷ এই উদ্দেশ্যে পুৱাৰে পৰা হৰিনামৰ ধবনি, খোল, তাল, নাগাৰা আদি শব্দৰে চৌদিশ মুখৰিত হৈ থাকে৷ মইনাপৰীয়া বৰনামঘৰ, মাছৰহাটৰ নামঘৰ, বড়িগাঁও নামঘৰকে ধৰি বিভিন্ন গাঁৱৰ নামঘৰ, বিভিন্ন সত্ৰৰ নামঘৰ আদিত ধৰ্মীয় পৰম্পৰাৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ ইফালে যোৰহাট চকবজাৰ ব্যৱসায়ী সন্থাই ১৯৫৮ চনৰ পৰাই উলহ-মালহেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰি অহাৰ লগতে আজিও তিথি পালন কৰা হয়৷ শংকৰদেৱ বিদ্যা নিকেতনকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানতো আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ উল্লেখ্য, তিথি উপলক্ষে পুৱা উষা কীৰ্তন, আইসকলৰ নাম আৰু দুপৰীয়া নাম কীৰ্তন, সভা, আলোচনা চক্ৰ আদিৰে মহাপুৰুষজনাক স্মৰণ কৰা হয়৷

গুৰুজনাৰ বন্দনাৰে মুখৰ মধুপুৰ সত্ৰ

অসমৰ ভৌগোলিক চাৰিসীমা অতিক্ৰম কৰি অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতিৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি সমগ্ৰ পশ্চিম বংগত মহাপুৰুষগৰাকীৰ একশৰণ নামধৰ্মৰ অনুৰাগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰা প্ৰক্ৰিয়াই অসমীয়া কৃষ্টি-সংস্কৃতি জগত সভালৈ লৈ যোৱাৰ মহাপুৰুষজনাৰ সপোনে সাকাৰ ৰূপ পাবলৈ সক্ষম হৈছে৷ গুৰুজনাৰ বৈষ্ণৱ আদৰ্শ গুৰুবন্দনা, নাম-প্ৰসংগ, বৰগীত, সত্ৰীয়া নৃত্যৰ চৰ্চাৰ মাজেৰে সমগ্ৰ উত্তৰ বংগতেই মহাপুৰুষ শঙ্কৰদেৱৰ উপৰিও মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে বংগৰ একাংশ বৈষ্ণৱ ধৰ্মৰ বিশ্বাসীলোকে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰে অংশ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰা মধুপুৰ সত্ৰত ২৯ আগষ্টত মহাপুৰুষজনাৰ ৪৫৪সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত পালন কৰা হয়৷ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মধুপুৰ সত্ৰৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত জনায় যে পৱিত্ৰ তিথিৰ লগত সংগতি ৰাখি সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ উদ্যোগত পুৱা প্ৰভাত ফেৰীৰে তিৰোভাৱ তিথিৰ শুভাৰম্ভ কৰা হয়৷ পাছত সত্ৰৰ কীত্তৰ্নঘৰত ভাগৱত পাঠ, নাম-প্ৰসংগ, নাগাৰা নাম অনুষ্ঠিত হয়৷ আবেলি অনুষ্ঠিত হোৱা আইসকলৰ নামেৰে তিৰোভাৱ তিথিৰ সামৰণি মৰা হয়৷ এই কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকত, তদাৰক সমিতিৰ সম্পাদক ড॰ কেশৱ দাসৰ উপৰিও উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ শতাধিক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ কিছুসংখ্যক লোকে অংশ লয়৷ বিবৃতিটোত প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ক্ৰমাগতভাৱে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো সাম্প্ৰতিক সময়ত মহাপুৰুষ শঙ্কৰদেৱৰ অনুগামীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মহাপুৰুষে প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মৰ সংৰক্ষণ কৰাৰ কাৰণে বিভিন্ন গ্ৰন্থ আদি প্ৰকাশ কৰিছে৷ এই গ্ৰন্থসমূহৰ জৰিয়তে অসমৰ লগত সংযোজিত হৈ থকা বাংলাদেশত বাস কৰা লোকসকলৰ মাজত মহাপুৰুষজনাৰ অমূল্য সৃষ্টিৰাজিক বিয়পাই দিয়াৰ প্ৰচেষ্টা চলি আছে৷ এনে প্ৰচেষ্টা অধিক উৎসাহিত আৰু সংগঠিত ৰূপত উপস্থাপন কৰাৰ লক্ষ্য আগত ৰাখি মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত বাংলাদেশত মহাপুৰুষ দুজনাৰ কৰ্মৰাজি বিষয়ত এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সত্ৰীয়া সংস্কৃতি সন্মিলন অনুষ্ঠিত কৰাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে৷ এই সন্দৰ্ভত ইতিমধ্যে সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ তৎপৰতাত বাংলাদেশৰ শঙ্কৰদেৱ ফাউণ্ডেছনকে ধৰি কেইবাজনো বিশিষ্ট লোকৰ লগত প্ৰাৰম্ভিক আলাপ-আলোচনা চলাই থকা হৈছে৷ মধুপুৰ সত্ৰ সমিতিয়ে এইক্ষেত্ৰত অসম চৰকাৰৰ সক্ৰিয় সহযোগ কামনা কৰাৰ লগতে অসমৰ ভক্তপ্ৰাণ ৰাইজৰো সহায়-সহযোগ আৰু পৰামৰ্শ বিচাৰিছে৷

আদিএলেঙি সত্ৰত ভোজন বেহাৰ নাট

আজি গুৰুজনা শংকৰদেৱৰ তিৰোভাৱ তিথি৷ মাজুলীত অৱস্থিত চৌত্ৰিশখন সত্ৰৰ লগতে পাঁচশতাধিক গাঁৱৰ নামঘৰত মহাসমাৰোহেৰে উদ্‌যাপিত হৈছে এই গুৰুকীত্তৰ্ন৷ পুৱাৰে পৰা উষাকীত্তৰ্ন আয়তীৰ নাম আৰু দুপৰীয়া পুৰুষৰ সমূহীয়া নাম ভাগৱত পাঠ, স্থান বিশেষত শিশুসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা দেখা গৈছে৷ মাজুলী নিকা সংহতিৰ সত্ৰানুষ্ঠান কমলাবাৰী  উত্তৰ কমলাবাৰী ভোগপুৰ মধ্যমাজুলী কমলাবাৰী সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৰুকীত্তৰ্ন উদ্‌যাপন কৰা হয়৷ পৰম্পৰা অনুযায়ী উক্ত সত্ৰানুষ্ঠানকেইখনে প্ৰথম দিনা চাউল ভোজনী,  দ্বিতীয় দিনা থাপনি তৃতীয় দিনা মূল তিথি আৰু চতুৰ্থ দিনা ভাঙনি অৰ্থাৎ গুৰুজনাৰ সম্পূৰ্ণ জীৱন চৰিত পাঠ কৰা হয়৷ সত্ৰকেইখনে মাধৱদেৱ আৰু বদুলা পদ্মআাতাৰ তিথিয়ো চাৰিদিনীয়াকৈয়ে উদ্‌যাপন কৰে৷ ভাদ মাহত এইকেইজনাৰ তিৰোভাৱ তিথিত গুৰুজনাৰ সৃষ্টিৰ ন-ধেমালি, ঘোষা-ধেমালি বৰ-ধেমালি আদি কৰি সকলোবোৰ গায়ন-বায়নৰ ধেমালি পৰিৱেশন কৰাৰ নিয়ম আৰু ওৰে নিশা খোল-তাল আৰু গীত-মাতৰ ধবনিৰে বিধৌত হৈ পৰে সমগ্ৰ মাজুলী৷ মূল তিথিৰ দিনা নাম-প্ৰসংগৰ পাছত গায়ন-বায়ন, নতুৱা নাচ, বাহাৰ নাচ ওজা নৃত্য পৰিৱেশন কৰাৰ পৰম্পৰা এই চাৰিখন সত্ৰই বৰ্তাই ৰাখিছে৷ তদুপৰি, মাজুলীৰ প্ৰায়বিলাক শিক্ষানুষ্ঠানতেই ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে গুৰু তিথি উদ্‌যাপন কৰা সুৰক্ষিত হৈ আছে৷ কমলাবাৰীস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত গুৰু তিথি উপলক্ষত গুৰু বন্দনা, বৰগীত বক্তৃতা অনুষ্ঠান সম্পন্ন কৰে৷  মাজুলীৰ পুৰুষ সংহতিৰ সত্ৰানুষ্ঠান গুৰুজনাৰ বিৰচিত ‘ভোজন বেহাৰ’ অংকীয়া নাট পৰিৱেশন কৰে৷

আঠখেলীয়া নামঘৰত আশিস ল’লে কৃষিমন্ত্ৰী অতুল বৰাই

পৱিত্ৰ ভাদ মাহৰ লগতে শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত হৰিনামৰ ধবনিৰে মুখৰিত হৈ পৰা সমান্তৰালভাৱে গোলাঘাট ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো তিথি উদ্‌যাপন কৰা হয়৷ ঐতিহাসিক শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত হৰিনামৰ ধবনিয়ে মুখৰিত কৰাৰ লগতে ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে ভিৰ কৰেহি নামঘৰ চৌহদত৷ গুৰুজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি নামঘৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ আশিস লয়৷ আজন্মৰ সেৱাস্থলীৰ পৰা কৃষিমন্ত্ৰীজনে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা জগত গুৰুজনাক সোঁৱৰণ কৰি শ্ৰদ্ধা নিৱেদন কৰে৷ অন্যহাতে, চুতীয়া জাতি ছাত্ৰ সন্থাৰ কমাৰবন্ধা আৰু আঠখেলীয়া আঞ্চলিকৰ কৰ্মকৰ্তাসকলে সেৱাস্থলীলৈ অহা ভকত-বৈষ্ণৱ তথা দৰ্শনাৰ্থীসকলক খোৱাপানীৰ যোগান ধৰি সেৱা আগবঢ়ায়৷

বটদ্ৰৱা থানত গুৰু কীৰ্তন

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ‘গুৰু কীত্তৰ্ন’ উৎসৱভাগ কালিৰে পৰা সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আড়ম্বৰপূৰ্ণভাৱে উদ্‌যাপন হৈছে৷ কালি গন্ধোৎসৱ উপলক্ষে বাহাৰ, ৰাম ধেমালি অনুষ্ঠিত হোৱাৰ পাছত আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জীৰা নামৰ পাছতেই আইসকলৰ পুৱা নাম-প্ৰসঙ্গত ‘ৰুক্মিণী হৰণৰ’ দিহা গোৱা হয়৷ গায়ন-বায়নে পুৱা গীতত ‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ গীত পৰিৱেশন কৰে৷ দুপৰীয়া কীত্তৰ্নত ‘মাধৱ মাধৱ মধু ৰিপু গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম’ ঘোষা পৰিৱেশনৰ পাছত ‘ৰাম নিৰঞ্জন’, ‘এ হৰি ৰাম নিৰঞ্জন’, ‘কৃষ্ণ সূৰ্য ভৈলন্ত উদিত’ শীৰ্ষক কীত্তৰ্ন পৰিৱেশন কৰা হয়৷  বিয়লি আইসকলৰ নামত ‘ভোজন বেহাৰ’ৰ দিহা গোৱা হয়৷ ইফালে ৩৬৬বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৰুকীত্তৰ্নৰ বিয়লি ভাগত নাটঘৰ প্ৰাংগণত অনুষ্ঠিত হয় ‘ভোজন বেহাৰ’ নাট৷ অন্যহাতে, গুৰুকীত্তৰ্ন উপলক্ষে বটদ্ৰৱাৰ দুই সত্ৰৰ লগতে সমীপৱৰ্তী এলেকাৰ সমূহ অনুষ্ঠান-প্ৰতিষ্ঠানত যোৱা নিশাৰে পৰা নাম-কীত্তৰ্ন আৰু পুৱা ঊষা-কীত্তৰ্ন কৰি বটদ্ৰৱাৰ দুই সত্ৰ পৰিভ্ৰমণ কৰে৷ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণৰ আগমন ঘটি দুপৰীয়া ভাগলৈ বটদ্ৰৱাৰ চৌদিশ হৰিনামৰ অমলধবনিৰে মুখৰিত হৈ পৰে৷ লগতে বটদ্ৰৱা যুৱকবৃন্দ দাৰা পৱিত্ৰ আকাশী গংগাৰ তীৰত সমূহ ভক্তপ্ৰাণ ৰাইজক লঘু আহাৰ বিতৰণ কৰে৷

সত্ৰনগৰী বৰপেটাত শ্ৰীমন্ত শংকৰদেৱৰ তিথি পালন

অসমীয়া জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সত্ৰনগৰী বৰপেটা থান সত্ৰসমূহত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ এই তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত সাতদিনীয়াকৈ পালন কৰা হয়৷  ২৩ আগষ্টত সত্ৰত কীত্তৰ্ন থাপনা কৰাৰ পাছৰে পৰা তাল ভংগ নোহোৱাকৈ কীত্তৰ্ন কৰি আজি মূল সবাহ অনুষ্ঠিত হয়৷ কীত্তৰ্ন থাপনা কৰাৰ দিনাৰে পৰা মূল সবাহৰ দিনালৈকে ভকত-আইসকলৰ নাম -প্ৰসংগ, গায়ন-বায়নৰ খোল প্ৰসংগ, ঘোষা-কীত্তৰ্ন, ব্যাসকীত্তৰ্ন আৰু নিশা গায়ন-বায়নৰ দ্বাৰা সেৱাৰ কীত্তৰ্ন অনুষ্ঠিত কীত্তৰ্ন হয়৷  কীত্তৰ্ন থাপনা কৰাৰ আগদিনা সন্ধিয়া কীত্তৰ্ন ঘৰৰ গুৰু আসনৰ সন্মুখত ভকত লেখা অনুষ্ঠান অনুষ্ঠিত হয়৷ কীত্তৰ্ন মহোৎসৱ উপলক্ষে আজি বিয়লি বৃন্দাৱনহাটীৰ বাপুসকলে সত্ৰত কৰভাৰ প্ৰদান কৰে৷ কৰভাৰৰ জৰিয়তে সত্ৰত প্ৰদান কৰা চাউল, কাচকল, কোমোৰা, ঔটেঙা আদি সামগ্ৰীসমূহ সত্ৰৰ বৰাৰ জৰিয়তে সত্ৰত ভাগ থকা ভকতসকলৰ মাজত বিতৰণ কৰে৷ শ্ৰীমন্ত শংকৰদেৱৰ কীত্তৰ্ন মহোৎসৱ উপলক্ষে আজি পুৱা বৰপেটা সত্ৰত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী কিৰেণ ৰিজিজু, অসমৰ আইনমন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা বৰপেটা সত্ৰত উপস্থিত হৈ সেৱা লয়৷ কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী ৰিজিজুৱে পোনপ্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰত উপস্থিত হৈ অভিভূত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে তেওঁ মহাপুৰুষ গুৰুজনাক স্মৰণ কৰে৷ মন্ত্ৰী ৰিজিজুৱে পুনৰ বৰপেটা সত্ৰলৈ অহাৰ কথা দোহাৰে৷  ইয়াৰ পূৰ্বে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৮ বছৰ ৬ মাহ কাল বসতি কৰা পাটবাউসী থান সত্ৰত উপস্থিত হৈ সেৱা লয়৷ আনহাতে, শংকৰদেৱ স্থাপিত পাটবাউসী থান সত্ৰ,  মাধৱদেৱ স্থাপিত গণককুছি সত্ৰ, বাৰাদি সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু শংকৰদেৱে উজনিৰ পৰা ভটিয়াই আহি প্ৰথমে পদাৰ্পণ কৰা চূণপোৰা ভিঠি থান আদি কেইবাখনো থান-সত্ৰত মহাপুৰুষ গুৰুজনাৰ কীত্তৰ্ন মহোৎসৱ পালন কৰা হয়৷ কালি বৰপেটা সত্ৰ, বৃন্দাৱনহাটী আৰু মাজৰহাটীত সোঁৱৰণী সভা পতাৰ লগতে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

বৃহত্তৰ ভৱানীপুৰ সমষ্টিৰ সত্ৰ, নামঘৰসমূহত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন কৰা হয়৷ ভৱানীপুৰৰ নিকটৱৰ্তী কলবাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন কৰা হয়৷ পুৱাৰে পৰা দিনজোৰাকৈ উদ্‌যাপিত তিৰোভাৱ তিথিত আয়তীৰ নাম-কীত্তৰ্ন, ভকতৰ ঘোষা পাঠ, খোলৰ প্ৰসংগ কৰাৰ লগতে দুপৰীয়াৰ পৰা সত্ৰৰ মজিয়াত পৰম্পৰা ৰীতিৰে শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ঝুমুৰা ‘ভোজন বিহাৰ’ পৰিৱেশন কৰা হয়৷ আনহাতে, ভৱানীপুৰ সত্ৰ, কৰ্দৈগুৰি বংশীগোপাল মহাপ্ৰভুৰ নামঘৰ, পুৰণ ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰ, ধুপগুৰি সত্ৰ, বাংলীপাৰাৰ মদনমোহন গোসাই থান সত্ৰ, কুৰোবাবা সত্ৰ, নমাটি মুকুণ্ড দেৱৰ সত্ৰৰ লগতে ভৱানীপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ শতাধিক নামঘৰত নাম-কীত্তৰ্ন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ভকত-আয়তীয়ে গুৰুজনাক স্মৰণ কৰে৷

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ লগতে তেজপুৰতো পালন কৰা হয়৷ তেজপুৰৰ বিভিন্ন ৰাজহুৱা নামঘৰ, সত্ৰ তথা বিদ্যালয়, মহাবিদ্যালয়সমূহত মহাপুৰুষজনাৰ তিথি আজি উদ্‌যাপিত হয়৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে তেজপুৰৰ মাজগাঁও বৰনামঘৰত পুৱা প্ৰসংগ কৰাৰ পাছতে ৰাইজে হৰিনামেৰে মুখৰিত কৰি তোলে৷ নাম-প্ৰসংগৰ পাছত গুৰুজনাৰ কৰ্মৰাজিৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ একেদৰে নিকামূল সত্ৰ, চিপহা সত্ৰ, শইকীয়া চুবুৰী, হাটভগা চুবুৰী, ঘৰপৰা চুবুৰী, খৰাআটি, ইন্দিৰা নগৰ, মৰাভৰলীপাৰ, দেউৰীগাঁও, ডেকাৰগাঁও, বৰঝাৰগাঁও, পৰ্বতীয়া, বেছেৰীয়া, ডিপোতা, মিলনপুৰ, কলিবাৰী বাসন্তী পুৰকে ধৰি ৰাজহুৱা নামঘৰ, সত্ৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ থাকে৷ ইফালে তেজপুৰৰ নিকটৱৰ্তী নিজ হলেশ্বৰ গাঁৱতো আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ নিজ হালেশ্বৰ গাঁৱৰ শংকৰ-মাধৱ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে দিনৰ ভাগত নাম-প্ৰসংগ কৰি দুদিনীয়া কাৰ্যসূচীৰে দুখন ভাওনা প্ৰদৰ্শন কৰা হ’ব৷ আজি গাঁওখনৰ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীসকলে সীতাহৰণ বালি বধ আৰু কাইলৈ যুৱক-যুৱতীৰ দ্বাৰা মণিকাঞ্চন উদ্ধাৰ-মহাসূৰ বধ নামৰ ভাওনা প্ৰদৰ্শন কৰিব৷ ইপিনে, বিহগুৰিস্থিত শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই আধাৰশিলা স্থাপন কৰা বিদ্যালয়ৰ এখন স্থায়ী ৰংগমঞ্চ সম্পূৰ্ণ হৈ উঠাত আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে মঞ্চখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অভিনেতা আৰু অসম নাট্য সন্মিলনৰ উপ-সভাপতি মৃগেন চন্দ্ৰ বড়াই৷ সভাত নিৰ্দিষ্ট বক্তা হিচাবে গুৰুজনাৰ বিষয়ত বক্তব্য প্ৰদান কৰে বিদ্যালয়ৰ এজন কৃতি আৰু প্ৰাক্তন ছাত্ৰ অভিজ্ঞান কৃষ্ণ মহন্তই৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৰগীত প্ৰতিযোগিতা, দিহা নাম প্ৰতিযোগিতা, কুইজ, ৰচনা প্ৰতিযোগিতাৰ লগতে নাম-কীত্তৰ্ন অনুষ্ঠিত কৰা হয়৷ আনহাতে, তেজপুৰ কলেজিয়েট হাইস্কুলকে ধৰি তেজপুৰৰ প্ৰায়সংখ্যক শিক্ষানুষ্ঠানতে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়৷

নৱ-বৈঞ্চৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাতো নামঘৰ, বিভিন্ন অনুষ্ঠান আৰু শিক্ষানুষ্ঠানসমূহত উলহ-মালহেৰে নাম-কীত্তৰ্নেৰে উদ্‌যাপন কৰা হয়৷ তদুপলক্ষে কোকৰাঝাৰ চহৰৰ হাতিমাথাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪সংখ্যক তিৰোভাৱ তিথি উদ্‌যাপন কৰা হয়৷ তিৰোভাৱ তিথিৰ সৈতে সংগতি ৰাখি গুৰুজনাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন, হৰিনাম ধবনি আৰু নাম-প্ৰসঙ্গৰে উদ্‌যাপন কৰা হয়৷ ছাত্ৰ-ছাত্ৰী আৰু উঠি অহা প্ৰজন্মৰ মাজত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু কৰ্মৰাজিক ধৰি ৰাখি সমাজখনক আগবঢ়াই নিয়াৰ লগতে কণ কণ শিশুসকলৰ মাজত গুৰুজনাৰ মহত্ত্ব উপলব্ধি কৰিবলৈ অনুষ্টুপীয়াকৈ হ’লেও বিদ্যালয়খনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা বুলি সদিৰ কৰে বিদ্যালয় কতৃৰ্পক্ষই৷ উল্লেখ্য যে, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উপৰিও কোকৰাঝাৰ শংকৰদেৱ নামঘৰতো আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন কৰা হয়৷