Logo
image

অস্কাৰলৈ ভাৰতৰ ছবি ‘গংগুবাঈ’

আমাৰ অসম, ৩০ আগষ্টঃ আলিয়া ভাট অভিনীত ‘গংগুবাঈ কাঠিয়াৱাড়ী’য়ে চলিত বছৰৰ অস্কাৰৰ বাবে ভাৰতীয় চৰকাৰী অন্তৰ্ভুক্তি লাভ কৰা একপ্ৰকাৰ নিশ্চিত হৈছে৷ যোৱা ২৫ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰা ছবিখন বিগত সময়ছোৱাত দেশে-বিদেশে প্ৰশংসিত হৈছে৷ সঞ্জয় লীলা ভাঞ্চলী পৰিচালিত এই ছবিখন একেনামৰ এগৰাকী মহিলা মাফিয়া আৰু যৌনকৰ্মীৰ জীৱন আধাৰিত, অৰ্থাৎ বায়’পিক৷ গুজৰাটৰ গংগুবাঈ জগজীৱনদাস কাঠিয়াৱাড়ীৰ যৌনকৰ্মীৰ জীৱন, পৰৱৰ্তী সময়ত সেই সাম্ৰাজ্যত মাফিয়াৰ সৈতে থকা সু-সম্পৰ্কৰে অবাধ নিয়ন্ত্ৰণ আৰু যৌনকৰ্মী তথা অনাথ শিশুক আগবঢ়োৱা সাহায্যৰ ওপৰত ভিত্তি কৰি ‘মাফিয়া কুইন অব মুম্বাই’ নামেৰে এছ হুছেইন জাইডিয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল৷ সেই গ্ৰন্থৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে বায়’পিক৷ বলীউদৰ শেহতীয়া খবৰ অনুসৰি এইবাৰৰ অস্কাৰত ভাৰতৰ  পৰা ‘গংগুবাঈ’ক আনুষ্ঠানিকভাৱে প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ’ব পাৰে৷ ইয়াৰ পূৰ্বে ২০০২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ দেৱদাসেও অস্কাৰত ‘অফিচিয়েল এণ্ট্ৰী’ লাভ কৰিছিল৷ দেৱদাসত অভিনয় কৰিছিল শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় আৰু মাধুৰী দীক্ষিতে৷ ‘গংগুবাঈ’ ছবিখনে দেশে-বিদেশে মুঠ ১২৯ কোটি টকাৰ ব্যৱসায় কৰাৰ লগতে নেটফ্লিক্সত ২৫খন দেশৰ ভিতৰত অনা-ইংৰাজী ছবি হিচাপে দীৰ্ঘদিন শীৰ্ষৰ ১০ত আছিল৷ অন্যাৰ্থত ২০২২ৰ ব্লকবাষ্টাৰ ছবি ‘গংগুবাঈ’৷ ‘গংগুবাঈ’ ছবিখনে ভাৰতৰ পৰা এইবাৰৰ অস্কাৰলৈ ‘অফিচিয়েল এণ্ট্ৰী’ পাব বুলি খবৰ প্ৰকাশ হোৱাৰ পূৰ্বেই চলিত বছৰৰ দেশৰ বৃহত্তম ব্লকবাষ্টাৰ ছবি দক্ষিণৰ ‘আৰ আৰ আৰ’ আৰু ‘বহুচৰ্চিত তথা বিতৰ্কিত ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ ছবিখনো অস্কাৰৰ দৌৰত থকা বুলি খবৰ ওলাইছিল৷ এই দুখন ছবিৰ নামো এই পৰ্যন্ত প্ৰতিদ্বন্দ্বিতাত আছে৷