Logo
image

মাতৃভাষাৰ সপক্ষে অমিত শ্বাহ

আমাৰ অসম, ৩০ আগষ্টঃ অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে এইবাৰ মাতৃভাষা সংৰক্ষণৰ মুকলি আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ গৃহমন্ত্ৰী শ্বাহে মাতৃভাষাৰ চৰ্চাৰ বাবে ঘৰুৱা কথা-বতৰাত মাতৃভাষা ব্যৱহাৰৰো পোষকতা কৰিছে৷ মাতৃভাষা প্ৰচাৰ-প্ৰসাৰৰ স্বাৰ্থতেই অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰমো স্থানীয় ভাষাত উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও স্পষ্ট কৰিছে অমিত শ্বাহে৷ উল্লেখ্য, শেহতীয়াকৈ অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ মাতৃভাষাবিৰোধী সিদ্ধান্তৰ ৰাজ্যৰ অধিকাংশ দল-সংগঠন তথা ব্যক্তি বিশেষে বিৰোধিতা কৰিছিল৷ কিন্তু ইয়াৰ পাছতো ইংৰাজী মাধ্যমত শিক্ষাদানৰ সপক্ষে যুক্তি দিবলৈ এৰা নাছিল বিজেপিৰ নেতা-মন্ত্ৰীসকলে৷ যাৰ বাবে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আৰএছএছৰ ছাত্ৰ সংগঠন এবিভিপিয়েও প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অৱশ্যে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিবিৰোধী সিদ্ধান্ত লোৱাৰ সময়তে শিশুসকলক মাতৃভাষাত শিক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ দেওবাৰে গুজৰাটৰ গান্ধীনগৰস্থিত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তন সম্বোধন কৰি গৃহমন্ত্ৰী শ্বাহে মাতৃভাষা সংৰক্ষণত গুৰুত্ব আৰোপ কৰি শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলক তেওঁলোকে অধ্যয়নৰ বাবে যি ভাষাই ব্যৱহাৰ নকৰক লাগে ঘৰত নিজৰ মাতৃভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনায়৷ অমিত শ্বাহে লগতে কয় যে এতিয়া চৰকাৰে অভিযান্ত্ৰিক, কাৰিকৰী আৰু চিকিৎসা পাঠ্যক্ৰমত মাতৃভাষাত শিক্ষাৰ প্ৰচাৰ কৰি আছে৷ অমিত শ্বাহে উক্ত অনুষ্ঠানত ভাষণ দি কয়– ‘নিজৰ ভাষা সংৰক্ষণ কৰক৷ আপোনালোকলৈ মোৰ এইটোৱে অনুৰোধ যে ঘৰত নিজৰ ভাষা কওঁক, লিখক আৰু পঢ়ক৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ বাবে যি ভাষাই ব্যৱহাৰ নকৰক লাগে, ঘৰত সদায় মাতৃভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰক৷’ গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সপক্ষে যুক্তি দি কয়– ‘ইয়াৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে দেশৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি এখন নতুন পাঠ্যক্ৰমসৃষ্টি কৰা আৰু বিশ্ববিদ্যালয় স্থাপন কৰা যাতে যুৱচামক উন্নয়নৰ সৈতে সংযোগ কৰিব পৰা যায়৷ কিয়নো ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ ভিত্তিত যুৱচামক জ্ঞান আৰু দক্ষতা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷’ স্নাতক শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্যপ্ৰাপ্তিৰ বাবে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আশাবাদী বুলি উল্লেখ কৰি ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্‌যাপনৰ সময়ত ডিগ্ৰী লাভ কৰাটো গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে শ্বাহে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীজনে কয়– ‘আপুনি আজি অৰ্জন কৰা ডিগ্ৰীটোৱে আপোনাক লাভান্বিত কৰিব৷ কিন্তু ইয়াৰ লগতে যদিহে আপুনি সমাজৰ উন্নতিৰ বাবে অৰিহণা যোগায়, তেন্তে ই সমগ্ৰ দেশক লাভান্বিত কৰিব৷’

দিছপুৰৰ শেহতীয়া ভাষানীতিয়ে বৃদ্ধি কৰিব আধাতে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা

অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহ’লে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ সেয়েহে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদান বিষয়টোৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ তেজপুৰৰ অন্যতম সামাজিক অনুষ্ঠান তৰুণ অসম সংঘই এক বিবৃতিৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যজুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হোৱাৰ সময়তে তেজপুৰত ১৯৩০ চনতে গঢ় লৈ উঠা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘই এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণেৰে চৰকাৰলৈ এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে৷ এই সন্দৰ্ভত সংঘৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই আজি তেজপুৰত প্ৰদান কৰা প্ৰেছ বিবৃতিত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি, ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষা প্ৰদানৰ পোষকতা কৰে৷ বিবৃতিটোত এইবুলি অৱতাৰণা কৰিছে যে, অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহ’লে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ অসমীয়া মাধ্যমত পঢ়া বিদ্যাৰ্থীসকলৰ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদানত অসুবিধা নহ’বৰ বাবে অসম বিজ্ঞান সমিতিয়ে প্ৰস্তুত কৰা বিজ্ঞান কোষ আৰু বিজ্ঞান অভিধানৰ সহায় লৈ পাঠ্যপুথি প্ৰস্তুত কৰি পাঠদান আৰু পাঠগ্ৰহণ সহজ কৰি তুলিব পৰা যায়৷ শিক্ষকে যেতিয়া পাঠদান কৰে তেতিয়া একে সময়তে ইংৰাজী আৰু অসমীয়া প্ৰতিশব্দৰ জ্ঞান প্ৰদান কৰা দেখা যায়৷ আনহাতে, এই দুটা বিষয়ৰ বহু শব্দ ইংৰাজীতে লিখা হয়৷  অসমীয়া মাধ্যমত পঢ়িও জগতত স্বকীয় প্ৰতিভাৰে জিলিকি থকা গণিত নাইবা বিজ্ঞানী বহুতো আছে৷ অভিভাৱকসকলৰ নিজ সন্তানক ভাল স্কুলত ভাল শিক্ষকৰ অধীনত উপযুক্ত শিক্ষা দিয়াৰ আকাংক্ষাক সন্মান আৰু গুৰুত্ব দিয়া উচিত৷ তেওঁলোকক ব্যক্তিগত খণ্ডৰ স্কুলৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল কাৰণ হ’ল, সুস্থ বাতাৱৰণ, উপযুক্ত আন্তঃগাঁথনি, শিক্ষক, নিয়মীয়া পৰিদৰ্শন, দক্ষতাবৰ্ধক পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্য-কলাপ আৰু পৰীক্ষাৰ উন্নত ফলাফল৷ সেয়ে এইবোৰ কাৰক যদি অসমীয়া মাধ্যমৰ স্কুলবোৰত উপলব্ধ হয় তেনেহ’লে নিম্নগামী ছাত্ৰৰ সংখ্যাই যি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে তাক প্ৰতিৰোধ কৰিব পৰা যাব৷  ইংৰাজী মাধ্যমত পঢ়া বিদ্যাৰ্থীসকল অধিক মেধাৱী আৰু স্মাৰ্ট হোৱাৰ ফলত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সহজে সফল হ’ব পাৰিব বুলি যি এক ভ্ৰান্ত ধাৰণাৰ আলমত গণিত আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ ব্যৱস্থা কৰিব খোজা হৈছে সি সম্পূৰ্ণ অমূলক৷ অসমত আধাতে স্কুল এৰা ল’ৰা-ছোৱালীৰ সংখ্যা দেশৰ ভিতৰতে বেছি৷  গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই৷ আনহাতে, বৰ্তমান স্কুলসমূহত এই দুটা বিষয়ৰ উপযুক্ত শিক্ষকৰে অভাৱ; তেনেক্ষেত্ৰত ইংৰাজীতে গণিত আৰু বিজ্ঞান বুজাবৰ বাবে শিক্ষকসকলৰ পাৰদৰ্শিতাৰ নিশ্চয়তা চৰকাৰে দিব পাৰিবনে বুলি বিবৃতিটোত প্ৰশ্ন উত্থাপনেৰে তৰুণ অসম সংঘৰ তৰফৰ পৰা উল্লেখ কৰে যে- কমসংখ্যক ছাত্ৰ-ছাত্ৰী থকা স্কুলবোৰক আন স্কুলৰ লগত চামিলকৰণৰ বাবে অসম চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেইটোৱে মূল সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ গতিকে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাত থকা কেৰোণবোৰ চিনাক্ত কৰি তাৰ সমাধানৰ ব্যৱস্থা হাতত ল’লেহে এই সমস্যা সমাধান হ’ব বুলি আশা কৰিব পাৰি৷  নহ’লে বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিলে এসময়ত অসমত চৰকাৰী অসমীয়া মাধ্যমৰ স্কুল নাথাকিবগৈ, তাৰ ঠাইত কেৱলমাত্ৰ ব্যক্তিগত খণ্ডৰ স্কুলহে থাকিবগৈ৷ এই গুৰুত্বপূৰ্ণ দিশসমূহ সংশ্লিষ্ট কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ভাষা সম্পৰ্কীয় প্ৰস্তাৱত থকা নিৰ্দেশ অনুযায়ী পাঠদান পাঠগ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সংঘৰ তৰফৰ পৰা প্ৰেছ বিবৃতিৰ জৰিয়তে অনুৰোধ জনাইছে৷

মাতৃভাষাৰ সপক্ষে প্ৰতিবাদী কাৰ্যসূচী আটছাৰ

ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি মাতৃভাষাৰ মাধ্যমেদিয়েই শিক্ষাদান বা গ্ৰহণ কৰিলেহে সাৰ্থক শিক্ষা লাভ কৰিব৷ এবছৰ পূৰ্বে দেশৰ গৃহমন্ত্ৰী অসমলৈ আহি অসমৰ ছাত্ৰই অসমীয়াতে মেডিকেল পঢ়িবলৈ পাব বুলি কৈছিল৷ কিন্তু কোনো নীতি-নিয়ম নমনা, কোনো জ্যেষ্ঠ মন্ত্ৰীৰ মতামতক গুৰুত্ব নিদিয়া, অসমৰ বৌদ্ধিক সমাজক গণ্য নকৰা অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজীত অন্যান্য ভাষা পঢ়ুৱাবলৈ লোৱা সিধান্তক সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ৷ দেওবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ বৈঠকৰ পাছত এক প্ৰেছ মেল সম্বোধন কৰি এইদৰে কয় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই৷ উল্লেখ্য যে, দেওবাৰৰ দিনা বোকাখাতত চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ ছাত্ৰ সংগঠনটোৰ সভাপতি ধীৰাজ গোৱালাৰ পৌৰোহিত্যত হোৱা এই কাৰ্যনিৰ্বাহকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাৰ শেষত সভাপতি ধীৰাজ গোৱালাই জনায় যে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব আটছাই৷ অসম চৰকাৰৰ শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰি তেওঁ লগতে কয় যে সৰল চাহ শ্ৰমিকক আঁভুৱা-ভাঁৰি একাংশ চাহ বাগিচাত স্থাপন কৰা আদৰ্শ স্কুলবোৰত আজি চক কিনিবৰ বাবেও পুঁজিৰ আবণ্টন নাই৷ আদৰ্শ বিদ্যালয়ত নাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷ প্ৰধান শিক্ষকেই স্কুলৰ ঘণ্টা মৰাৰ পৰা সকলো কৰিব লগা হৈছে৷ এই আদৰ্শ বিদ্যালয়বোৰৰ শিক্ষকে এতিয়া স্কুল এৰাৰ প্ৰস্তুতি চলাইছে৷ অসম চৰকাৰৰ শিক্ষা বিভাগক সমালোচনা কৰি সভাপতিজনে কয় যে, একত্ৰীকৰণৰ নামত চাহ বাগিচাৰ বিদ্যালয় গাঁৱৰ বিদ্যালয়ত সংযোগ কৰিছে শিক্ষা বিভাগে৷ এয়া বাগিচাৰ শিশুসকলৰ জীৱনক লৈ কৰা হেতালি৷ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰা হ’ব৷ সকলো ফালে হোৱা তীব্ৰ মূল্যবৃদ্ধিৰ পটভূমিত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানি বৃদ্ধিৰ ব্যৱস্থা কৰা নাই৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বান্ধি দিয়া জলপানিৰ নিৰিখেই এতিয়াও প্ৰচলিত৷ গোলাঘাট জিলাৰ বোকাখাতৰ ৰঙাগড়াত অচিন ৰোগত ৭০-৮০জন ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে৷ আমি সেই অঞ্চল ভ্ৰমণ কৰি দেখিছোঁ যে ঘটনাৰ সন্দৰ্ভত গোলাঘাট জিলা অথবা বোকাখাতৰ মহকুমা প্ৰশাসনে এতিয়াও যথোচিত ব্যৱস্থা লোৱা নাই৷ আনকি আক্ৰান্ত শিশুসকলক উন্নত চিকিৎসাৰ বাবে নিবলৈ অক্সিজেন চিলিণ্ডাৰ থকা এম্বুলেন্স এখনো যোগান দিব পৰা নাই লগতে এইপৰ্যন্ত ঘটনাৰ কাৰণ উদ্‌ঘাটনৰ বাবে তদন্তৰো ব্যৱস্থা কৰা নাই৷ ইফালে ৰঙাগড়াৰ ঘটনাৰ সন্দৰ্ভত শীঘ্ৰেই কোনো ব্যৱস্থা নল’লে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আটছাৰ গোলাঘাট জিলা সমিতিক কতৃৰ্ত্ব প্ৰদান কৰা হৈছে বুলিও অৱগত কৰে আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে৷ বোকাখাতৰ মাজেদি বাদুলিপাৰাৰ পৰা জখলাবন্ধা সংযোগী প্ৰস্তাৱিত ৰে’লপথৰ জৰীপৰ সময়ত একাংশ চাহ বাগিচাৰ পৰিচালকে বাধা দিয়া প্ৰসংগত মত প্ৰকাশ কৰি তেওঁ কয় যে চাহ বাগিচাৰ মাটি মালিকৰ পৈতৃক সম্পত্তি নহয়৷ চৰকাৰৰ ইচ্ছা থাকিলে বাগিচাৰ মালিকক মাটি এৰি দিবলৈ মালিকক বাধ্য কৰক৷ চাহ বাগিচাৰ মালিকবোৰৰ সৈতে চৰকাৰৰ সম্পৰ্ক ভাল৷ বাগিচাৰ মালিকে এতিয়া আৰু আগৰ দৰে শ্ৰমিকৰ ঘৰ সজা, পথ নিৰ্মাণ কৰা, পানী যোগান ধৰা আদি কামবোৰ কৰিব নালাগে৷ চৰকাৰৰ দয়াত বাগিচাৰ মালিকে এতিয়া কেৱল লাভ হে কৰিব লাগে৷ সেয়ে আগন্তুক বোনাচৰ প্ৰসংগত কোনো আপোচ কৰা নহ’ব বুলিও তেওঁ মন্তব্য কৰে৷ আটছাৰ মতে প্ৰতিখন বাগিচাৰ মালিকে প্ৰতিজন শ্ৰমিকক ২০ শতাংশ বোনাচ বাধ্যতামূলকভাৱে আদায় দিবই লাগিব৷ এইক্ষেত্ৰত কোনো বুজাবুজি মানি লোৱা নহ’ব৷ চাহ জনগোষ্ঠীৰ কোনো ৰাজনৈতিক নেতা, কোনো সংগঠনে বুজাবুজিৰ কথা ক’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আটছাই বুলিও সম্পাদকজনে জানিবলৈ দিয়ে৷

চুতীয়া ছাত্ৰ সন্থাৰ আন্দোলন ঘোষণা

ৰাজ্য চৰকাৰে একাংশ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাত ক্ষুণ্ণ হৈ পৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা৷ চৰকাৰী একাংশ বিষয়াই পৰ্যবেক্ষণ নকৰাকৈ সম্পূৰ্ণ চৰকাৰী নীতি-নিয়মক জলাঞ্জলি দি ষড়যন্ত্ৰমূলকভাৱে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ক কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে৷ এক প্ৰেছ বিবৃতিত সন্থাৰ সভাপতি জিতু শইকীয়া আৰু সম্পাদক সঞ্জীৱ চুতীয়াই জানিবলৈ দিয়ে যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ৰ অন্তৰ্গত লাৰুপৰীয়া প্ৰাথমিক বিদ্যালয়খন কচুৱনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণৰ যি নিৰ্দেশনা প্ৰদান কৰিছে তাক কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ যিহেতু কচুৱনী পথাৰ প্ৰাথমিক বিদ্যালয়ত কমসংখ্যক ছাত্ৰ-ছাত্ৰী আছে আৰু লাকপৰীয়া প্ৰাথমিক বিদ্যালয়ত ৭৪জন ছাত্ৰ-ছাত্ৰী আৰু তিনিজন শিক্ষক আছে৷ লাৰুপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি যথেষ্ট উন্নত৷ লাহোৱাল প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ৰ বিষয়াই বিদ্যালয়ৰ দুখনৰ শৈক্ষিক পৰিৱেশ, বিদ্যালয়ৰ আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আদি ঠাইত গৈ ভালকৈ পৰ্যবেক্ষণ নকৰাৰ বাবে কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিব বিচাৰিছে৷ সংশ্লিষ্ট বিষয়াৰ ভুলৰ এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি৷ ইয়াৰ ওপৰত ২ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, জিলা উপায়ুক্ত, স্থানীয় বিধায়ক স্মাৰক-পত্ৰযোগে উচ্ছ পৰ্যায়ৰ তদন্ত কৰি কোন বিষয়াৰ ভুলৰ বাবে এনে কাৰ্য সংঘটিত হ’বলৈ পালে তাৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ আৰু দক্ষ বিষয়াৰ দ্বাৰা বিদ্যালয়ৰ দুখন পৰ্যবেক্ষণ কৰাই একত্ৰীকৰণ বাতিল কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছিল যদিও আজিপৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰাত অহা ৰ ছেপ্টেম্বৰৰ পৰা লাহোৱাল প্ৰাথমিক শিক্ষাখণ্ডত কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী, ১৫ ছেপ্টেম্বৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও, ১৯ ছেপ্টেম্বৰত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব৷ ইয়াৰ পাছতো যদি কোনো গুৰুত্ব প্ৰদান নকৰে পুনৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিবৃতিযোগে জানিবলৈ দিছে৷