Logo
image

বুলড’জাৰেৰে বৰপেটাৰ মাদ্ৰাছা ভাঙি দিলে প্ৰশাসনে

জেহাদীক আশ্ৰয় দিয়াৰ অভিযোগ

আমাৰ অসম, ৩০ আগষ্টঃ বাংলাদেশৰ নিষিদ্ধঘোষিত মৌলবাদী সংগঠন আনচাৰুল বাংলা টীমৰ জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হিচাপে পৰিগণিত বৰপেটা জিলাৰ ঢাকালীয়াপাৰাৰ শ্বাইখুল হিন্দ মাহমুদুল হাচান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত আজি বৰপেটা জিলা প্ৰশাসনে উচ্ছেদ চলায়৷ প্ৰশাসনে উচ্ছেদ চলোৱা এই মাদ্ৰাছাখনতে ২০১৯ চনৰ পৰা আনছাৰুল বাংলা টীমৰ জেহাদী বাংলাদেশী নাগৰিক ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ ওৰফে মহম্মদ সুমন নামৰ জেহাদী এটাই শিক্ষকৰূপে বাহৰ পাতি চলাই গৈছিল জেহাদী কাৰ্যকলাপ৷ মহম্মদ সুমনৰ তত্ত্বাৱধানত জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হৈ পৰিছিল এই মাদ্ৰাছাখন৷  উল্লেখ্য যে, অসম আৰক্ষীৰ বিশেষ শাখাই প্ত মাৰ্চত বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী কাৰ্যকলাপ চলাই থকা ৫টাকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰতে আছিল মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ৷ ঢাকালীয়াপাৰাত গ্ৰেপ্তাৰ হোৱা মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ লোকজনৰ ঘৰ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰালহাজাৰ থানাৰ অন্তৰ্গত আতাদি গাঁৱত৷ আৰক্ষীয়ে তদন্তত লাভ কৰা তথ্য অনুসৰি, মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ মৌলবাদী সদস্যজনে গোপনে অসমত প্ৰৱেশ কৰি ২০১৯ চনৰ পৰাই বৰপেটা জিলাৰ ঢাকালিয়াপাৰা মাদ্ৰাছাত আৰৱী শিক্ষক হিচাপে কাম কৰি আছিল৷ মাদ্ৰাছাখনত শিক্ষক হিচাপে কাম কৰি থকা সময়ৰে পৰা মহম্মদ চুমনে অসমৰ বিভিন্ন প্ৰান্তত এক বিশেষ সম্প্ৰদায়ৰ যুৱকক আল-কায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট’ নামৰ মৌলবাদী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰি ধৰ্মীয় মৌলবাদ আৰু জেহাদৰ শিপা বিয়পাইছিল৷ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ মৌলবাদী সদস্যজন আল-কায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট’ নামৰ মৌলবাদী সংগঠনটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলিও আৰক্ষীয়ে সদৰি কৰে৷ এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে বৰপেটা জিলাত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছিল৷ ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে মহম্মদ সুমনৰ লগতে মাদ্ৰাছাখনৰ অধ্যক্ষ মামুদুল ৰচিদ আৰু আন এজন শিক্ষক আব্বাচ আলীক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে এই জেহাদীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিতৰ্কিত মাদ্ৰাছাখন সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৮ চনত ঢাকালীয়াপাৰত এডোখৰ চৰকাৰী ভূমিত এই অবৈধভাৱে এই মাদ্ৰাছাখন স্থাপন কৰা হৈছিল৷ এই তথ্যসমূহ পোহৰলৈ অহাৰ পাছত অৱশেষত আজি জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হৈ পৰা এই মাদ্ৰাছাখন বৰপেটা জিলা প্ৰশাসনে জেচিবি লগাই উচ্ছেদ কৰে৷