Logo
image

এই মহঙা দিনত পদ্মভৱন নিৰ্মাণ হ’ল কেনেকৈ? কংগ্ৰেছ

আমাৰ অসম, ৩০ আগষ্টঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা এই মহঙা দিনত বিজেপিৰ পদ্মভৱন কেনেকৈ নিৰ্মাণ হ’ল৷ ক’ৰ পৰা আহিল ফাইভষ্টাৰ হোটেল সদৃশ পদ্মভৱন নিৰ্মাণৰ কোটি কোটি টকা গুৱাহাটীত উপস্থিত হৈ এই প্ৰশ্ন কৰিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী নেট্টা ডি’ ছজাই৷ উল্লেখ্য যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ৪ ছেপ্টেম্বৰত দিল্লীৰ ৰামলীলা মৈদানত গ্ৰহণ কৰা ‘হাল্লা ব’ল, চ’লো দিল্লী’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ জন সজাগতাৰ বাবে গুৱাহাটীলৈ লৈ অহা ডি’ ছজাই আজি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ সৈতে এক সংবাদমেল সম্বোধন কৰি কয় যে মূল্যবৃদ্ধিয়ে জৰুলা কৰাৰ সময়ত বিজেপিয়ে কোটি কোটি টকা খৰচ কৰি পদ্মভৱন নিৰ্মাণ কৰাটো আচৰিত কথা৷ উল্লেখ্য যে সোমবাৰে বিয়লি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই গুৱাহাটীৰ উজান বজাৰত উত্তৰ-পূব বিজেপিৰ নৱ নিৰ্মিত মুখ্য কাৰ্যালয় পদ্ম ভৱনৰ উদ্বোধন কৰিছিল৷ ইফালে মূল্যবৃদ্ধি আৰু মোদী চৰকাৰক সমালোচনা কৰি ডি’ ছজাই কয়–সাধাৰণ জনতাৰ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে৷ গেছ ছিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়েও সকলোকে ব্যতিব্যস্ত কৰি তুলিছে৷ মোদী চৰকাৰৰ নীতিহীন আঁচনিৰ বাবে আজি দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ বিজেপি চৰকাৰে কেৱল পুঁজিপতি সকলক সুখী কৰিছে৷ অসমৰ শেহতীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সন্দৰ্ভতো মন্তব্য কৰি ডি’ ছজাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সমালোচনাৰ পাছতহে মাচুল ঘূৰি দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে সদায় মাত মাতি যাব কংগ্ৰেছে৷ সংবাদ মেলত ডি’ ছজাই কয় যে ২০১৪ চনত ক্ষমতালৈ অহাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণতে ব্যৰ্থ হৈছে তেনে নহয়, তেওঁৰ ভুল নীতি আৰু প্ৰতাৰণা পৰিণতিত প্ৰকৃততে জনসাধাৰণৰ দুখ-কষ্ট হেজাৰগুণে বৃদ্ধি হৈ সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ভয়াৱহ কৰি তুলিছে৷ খাদ্য শস্য, দৈ, লাছি, মাখন আদি দৈনন্দিন ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কেনেকৈ জি এছ টি মুক্ত আছিল, ২০১৯ চনত সেই কথা ভোটাৰক কৈ গৌৰৱ কৰা প্ৰধানমন্ত্ৰীয়ে কিন্তু ২০২২ চনত সেই সামগ্ৰীবোৰৰ ওপৰত নিজেই জি এছ টি আৰোপ কৰিলে৷ ২০১৯ চনৰ নিৰ্বাচনত তেওঁ ‘উজ্বালা আঁচনি’ খন ব্যৱহাৰ কৰি ভোট লাভ কৰিছিল যদিও উদ্দেশ্য সিদ্ধিৰ পিছতে তেওঁ ঠাণ্ডা হৃদয়েৰে ৰন্ধন গেছৰ ৰাজসাহায্য বাতিল কৰি পেলালে৷ এল পি জিৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাই প্ৰতি চিলিণ্ডাৰত ১,০৫৩-১,২৪০ টকাতকৈও বেছি হ’লগৈ আৰু লাখ লাখ গ্ৰাহকে খালী গেছ চিলিণ্ডাৰ পুনৰ পূৰ্ণ কৰি লোৱাৰ সামাৰ্থ হেৰুৱাই পেলালে৷ বহু উদাহৰণৰ ভিতৰত এইবোৰ মাত্ৰ দুটাহে, য’ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক প্ৰতাৰণা কৰি ভোট লাভ কৰিছিল আৰু তাৰ পিছত তেওঁ জনতাক আওমৰণে মৰিবলৈ এৰি দি একপ্ৰকাৰ পিঠিত ছুৰীকাঘাত কৰিলে৷