Logo
image

পাক-বধৰ দিনাই হাতত ৰাষ্ট্ৰীয় পতাকা ল’বলৈ অস্বীকাৰ কৰি বিতৰ্কত জয় শ্বাহ

আমাৰ অসম, ৩০ আগষ্টঃ সচৰাচৰ ভাৰত-পাকিস্তান ক্ৰিকেট মেচত যি উত্তেজনা আৰু চৰ্চাৰ সৃষ্টি হয়, দেওবাৰে ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ দুই চিৰশত্ৰু দলৰ মুখামুখিৰ পূৰ্বে তেনে উত্তেজনাই বিৰাজ কৰা নাছিল৷ চকুত পৰাকৈ কম আছিল এই মেচখনৰ ‘হাইপ’৷ পিছে মেচ শেষ হ’বলৈ তিনিটা বল বাকী থকা অৱস্থাত উত্তেজনাই চূড়ান্ত সীমা স্পৰ্শ কৰিছিল৷ কিয়নো সেই মুহূৰ্তত ‘ল’ স্ক’ৰিং’ মেচ হ’লেও ভাৰতক বিজয়ৰ বাবে তিনিটা বলত ৬ ৰাণৰ প্ৰয়োজন হৈছিল৷ ক্ৰিজত আছিল হাৰ্ডিক পাণ্ডিয়া আৰু দীনেশ কাৰ্তিক৷ পিছে হাৰ্ডিক পাণ্ডিয়াই ভাৰতীয় ক্ৰিকেট অনুৰাগীক উত্তেজনাৰ শীৰ্ষলৈ নি এটা বিশাল ছিক্সাৰ মাৰি মেচখনৰ দুৰ্দান্ত পৰিসমাপ্তি ঘটালে৷ ভাৰতৰ সেই বিজয়ক লৈ উৎফুল্লিত হৈ পৰিছিল গেলাৰীত থকা দৰ্শক৷ হাতে হাতে উৰিছিল জাতীয় পতাকা৷ ত্ৰিৰংগাৰ লহৰ বৈ গৈছিল ডুবাইৰ ষ্টেডিয়ামত৷ লাইভ টেলিকাষ্টত দেখা গৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰে ষ্টেডিয়াম ভৰি পৰা এটা গৌৰৱপূৰ্ণ মুহূৰ্ত৷ কেমেৰাই হাৰ্ডিক পাণ্ডিয়া আৰু দীনেশ কাৰ্তিকক ক্ল’জ আপত দেখুৱাইছিল৷ ইয়াৰ পাছতে কেমেৰাৰ ‘ভাৰ্জিন ট্যুৰ’ত তেনেই কাষতে দেখা গৈছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহক৷ উৎফুল্লিত হৈ পৰিছিল জয় শ্বাহো৷ কিন্তু হঠাতে সংঘটিত এটা ঘটনাই সৃষ্টি কৰিলে বিতৰ্কৰ৷ ভাৰতীয় দলৰ বিজয়ত হাততালি দি থকা জয় শ্বাহলৈ তেওঁৰ কাষতে থকা আন এজন বিষয়ববীয়াই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন আগবঢ়াই দিছিল৷ পিছে জয় শ্বাহে ৰাষ্ট্ৰীয় পতাকা হাতত ল’বলৈ অস্বীকাৰ কৰিলে৷ কিয় অস্বীকাৰ কৰিলে বা কি পৰিস্থিতিত তেওঁ হাতত ৰাষ্ট্ৰীয় পতাকা তুলি নল’লে সেই কথা জনাৰ উপায় নাই৷ অন্ততঃ জয় শ্বাহে সেই সন্দৰ্ভত মন্তব্য নকৰালৈকে গেলাৰীৰ প্ৰকৃত পৰিস্থিতি কি আছিল সেয়া কাৰো বোধগম্য নহ’ব৷ কিন্তু জয় শ্বাহে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন হাতত তুলি ল’বলৈ অস্বীকাৰ কৰাৰ ভিডিঅ’ নেট মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে জয় শ্বাহৰ কাৰ্যক লৈ তুমুল সমালোচনাৰ জোৱাৰ উঠিছে৷ সমালোচনা উদ্ভৱ হোৱাটো এইবাবেই স্বাভাৱিক যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহ হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ৷ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি দেশৰ বিৰোধী ৰাজনৈতিক দললৈকে সকলোৰে সমালোচনাৰ লক্ষ্য হৈ পৰিছে জয় শ্বাহ৷ 

ৰাষ্ট্ৰীয় পতাকা হাতত তুলি নোলোৱাৰ বাবে জয় শ্বাহ আৰু শাসনাধিষ্ঠিত বিজেপি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কটূ সমালোচনা কৰিছে বিজেপিৰ সততে আক্ৰমণৰ লক্ষ্য হৈ থকা তৃণমূল কংগ্ৰেছৰ দ্বিতীয় শীৰ্ষস্থানীয় নেতা অভিষেক বেনাৰ্জীয়ে৷ সোমবাৰে দিনটোৰ ভিতৰত তেওঁ জয় শ্বাহক দুবাৰকৈ সমালোচনাৰ লক্ষ্য কৰি লয়৷ প্ৰথমবাৰ টুইটাৰত আৰু দ্বিতীয়বাৰ এটা অনুষ্ঠানত ভাগ লৈ ৰাজহুৱাভাৱে জয় শ্বাহক কটুক্তি কৰিছে অভিষেক বেনাৰ্জীয়ে৷ টুইটাৰত সেই বিতৰ্কিত ভিডিঅ’ আপলোড কৰি অভিষেক বেনাৰ্জীয়ে লিখিছে– ‘জয় শ্বাহৰ এই ৰাষ্ট্ৰীয় পতাকা ধাৰণ কৰিব নোখোজা বিষয়টো আচলতে শাসকগোষ্ঠীৰ বৃহত্তৰ ভণ্ডামিৰ লক্ষণ৷ তেওঁলোক নাটকত মত্ত হৈ থাকে৷ কিন্তু মূল্যবোধৰ খুবেই অভাৱ৷ দেশপ্ৰেমৰো ভীষণ অভাৱ৷ ঝুমলাৰ সকলো সীমা তেওঁলোকে অতিক্ৰম কৰিছে৷’ ইয়াৰ পাছত অভিষেক বেনাৰ্জীয়ে তৃণমূল ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জয় শ্বাহক তেওঁৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অপমানৰ বাবে পিতৃ অমিত শ্বাহক ত্যাজ্যপুত্ৰ আহ্বান জনায়৷ তেওঁ কয়– ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হৃদয়ত নূন্যতম দেশপ্ৰেম থাকিলে এই দেশদ্ৰোহী কাৰ্যৰ বাবে পুত্ৰক ত্যাজ্য পুত্ৰ কৰিলেহেঁতেন৷ এওঁলোকে সমগ্ৰ দেশকে শিকাইছে দেশপ্ৰেম কি? কিন্তু তেওঁৰ পুত্ৰই কৈছে, মই জাতীয় পতাকা হাতেৰে নধৰো৷ যি পতাকাৰ বাবে দেশৰ হাজাৰ হাজাৰ দেশপ্ৰেমীয়ে আত্মবলিদান দিছে, সেই পতাকাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্ৰৰ মনোভাৱ কি সেয়া দেশবাসীয়ে মুকলিভাৱে দেখিলে৷ আমি কি এওঁলোকৰ পৰাই দেশপ্ৰেমৰ প্ৰমাণ-পত্ৰ ল’ব লাগিব? ইপিনে অমিতব্যয়ী ৰাজপুত্ৰই জাতীয় গৰ্বৰ কথা নাজানে৷’

কে চন্দ্ৰশেখৰ ৰাওৰ টি আৰ এছ দলে জয় শ্বাহৰ প্ৰতি কটাক্ষ কৰি কৈছে– ‘জয় শ্বাহৰ মাজত  হয়তো তেওঁৰ পূৰ্বপুৰুষ আৰ এছ এছৰ শক্তিশালী প্ৰভাৱ আছে৷’ একেদৰে কংগ্ৰেছে প্ৰশ্ন কৰিছে–  কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্ৰৰ জাতীয় পতাকা হাতত লোৱাত আপত্তি কি?