Logo
image

দিল্লীত বিহাৰ পুলিচৰ জালত ডব্লিউ

অৱদেশ যাদৱ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধৃত

আমাৰ অসম. ৩০ আগষ্টঃ সুদীৰ্ঘ ৫ মাহৰ মূৰত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ ফাঁচীবজাৰৰ ব্যৱসায়ী অৱদেশ যাদৱৰ মূল হত্যাকাৰী৷ বিহাৰৰ ডব্লিউ যাদৱ নামৰ মূল হত্যাকাৰীটোক বিহাৰ আৰক্ষীয়ে দেওবাৰে দিল্লীৰ পুষ্পবিহাৰ ছাকেটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিজৰ ফ্লেটৰ প্ৰৱেশ পথতে বাইকত অহা দুই দুবৃৰ্ত্তই অৱদেশ যাদৱ নামৰ ব্যৱসায়ীজনক হত্যা কৰি পলায়ন কৰিছিল৷ গুলীচালনাৰ লগতে দুবৃৰ্ত্তই দুটাই বাইক এৰি পলায়ন কৰা দৃশ্য চিচিটিভিতো বন্দী হৈছিল৷ পাৰিবাৰিক সংঘাতৰ বাবেই বিহাৰৰ ডব্লিউ যাদৱে বিহাৰৰে বাসিন্দা ফাঁচীবজাৰৰ ব্যৱসায়ী অৱদেশক ছুপাৰী কিলাৰ নিয়োগ কৰি হত্যা কৰিছিল৷ এই ঘটনাৰ অনুসন্ধান কৰি গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে বিহাৰত অভিযান চলাইছিল যদিও আৰক্ষীৰ আগমনৰ খবৰ পাই পলায়ন কৰিছিল কুখ্যাত ডব্লিউ যাদবে৷ পৰৱৰ্তী সময়ত গুৱাহাটী আৰক্ষীয়ে বিহাৰৰ পৰা হত্যাকাণ্ডত জড়িত পংকজ কুমাৰ নামৰ এটা ছুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ডব্লিউ যাদৱে নেপালত আত্মগোপন কৰিছিল৷ শেহতীয়াকৈ বিহাৰ আৰক্ষীয়ে অৱদেশ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডব্লিউ যাদৱে দিল্লীত আত্মগোপন কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰিছিল৷ সেই অনুসৰি বিহাৰ আৰক্ষীৰ এছ টি এফৰ দলে দেওবাৰে দক্ষিণ-পূব দিল্লী আৰক্ষীৰ সহযোগত পুষ্প বিহাৰৰ এটা ফ্লেটতত আশ্ৰয় লৈ থকাৰ সময়তে ডব্লিউ যাদৱক গ্ৰেপ্তাৰ কৰে৷ শীঘ্ৰে গুৱাহাটী আৰক্ষীয়ে ডব্লিউ যাদৱক নিজৰ জিম্মাত ল’ব বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য হত্যাকাণ্ডৰ ঘটনাৰ দিনা দুবৃৰ্ত্তই শূন্য দূৰত্বৰ পৰা অৱদেশ যাদৱক বুকুত লক্ষ্য কৰি তিনিটাকৈ গুলী মাৰিছিল৷ গুৰুতৰভাৱে আহত যাদৱক ততাতৈয়াকৈ মাৰোৱাৰী প্ৰসূতি চিকিৎসালয়লৈ যোৱা হৈছিল যদিও কিছু সময়ৰ পাছতেই চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লৈছিল৷ অভিযোগ অনুসৰি অৱদেশ যাদৱৰ পৰিয়ালেও ডব্লিউ যাদৱক হত্যাৰ বাবে ছুপাৰী কিলাৰ নিয়োগ কৰিছিল বুলিও সেই সময়ত আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছিল৷ দুবৃৰ্ত্তৰ আক্ৰমণত ডব্লিউ যাদবৰো হাতত গুলী লাগি আহত হৈছিল৷ অৱশ্যে অৱদেশ যাদৱ হত্যাকাণ্ডৰ আন এটা ছুপাৰী কিলাৰ বুলু পাছোৱান বৰ্তমানো পলাতক হৈ আছে৷