Logo
image

যেতিয়াই তেতিয়াই নাহিব! ঘৰৰ সন্মুখত জাননী আঁৰিলে বিধায়কে

আমাৰ অসম, ৩০ আগষ্টঃ সততে বিতৰ্কৰ আবৰ্তত থকা বিজেপিৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বাসভৱনত থকা এখন জাননী শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ জাননীখন আৰি থোৱা আছে বিধায়কজনৰ বাসগৃহ চৌহদত৷ জাননীখন বিধায়কজনে আৰি থৈছে তেওঁক সাক্ষাৎ কৰিবলৈ অহা লোকক উদ্দেশ্যে কৰি৷ বৃহৎ আকাৰৰ জাননীখনৰ শিৰোনামটো হ’ল ‘মোৰ কামবন ঢেৰ’৷ জাননীখনত বিধায়ক বৰাই লিখিছে–‘১ মিনিটৰ আগত নাহিব৷ একো কামবন নাই যেতিয়া আগত বহি থাকোগৈ ব’ল–বহুতেই এনে কৰে বাবেই এইখন জাননী৷ উল্লেখ্য যে বিধায়ক বৰাই জাননীখনত ৰঙা ৰঙৰে ডাঙৰ ডাঙৰ আখৰৰে ‘মোৰ কামবন ঢেৰ’ বুলি লিখিছে যদিও সমষ্টিবাসীয়ে তেওঁক বিচাৰি সততে হাবাথুৰি খাবলগীয়া হয়৷ সমষ্টিৰ বিধায়কজনক সমষ্টিবাসীয়ে সহজে লগ পাব লাগে যদিও বিধায়ক বৰাৰ ক্ষেত্ৰত সেয়া নহয়৷ বৰাৰ ইচ্ছা অনিচ্ছাৰ ওপৰততে নিৰ্ভৰ কৰে সমষ্টিবাসীয়ে তেওঁক লগ পাব নে নাই৷ এই অভিযোগ সমষ্টিৰ অধিকাংশ ভোটাৰ তথা তেওঁৰ দলীয় সতীৰ্থৰ৷ সচৰাচৰ ৰাজনেতা বা মন্ত্ৰী-বিধায়ক এজনৰ বাসগৃহৰ দুৱাৰ নিজৰ সমষ্টিবাসী, দলীয় কৰ্মী বা ৰাইজৰ বাবে মুকলি থাকে৷ কিন্তু অতুল বৰাৰ ক্ষেত্ৰত হয়তো সেয়া কিছু পৃথক৷ সাক্ষাতৰ বাবে নিৰ্দিষ্ট কৰি দিয়া সময়তকৈ ১ মিনিট পূৰ্বেও নাহিবলৈ কঠোৰভাৱে সকীয়াই দিয়া বিধায়ক অতুল বৰাৰ সাক্ষাৎ পাবলৈ কিন্তু সমষ্টিবাসীয়ে দিনৰ পিছত দিন অপেক্ষা কৰিব লাগে৷ দলীয় আৰু চৰকাৰী কাৰ্যসূচীৰ পৰা সভাত আতৰি থকা দিছপুৰ সমষ্টিৰ এই বিধায়কজনে ইতিপূৰ্বে মূল্যবৃদ্ধি সন্দৰ্ভত কেতবোৰ উদ্ভূত মন্তব্য দি বিতৰ্কৰ আবৰ্তত সোমাই পৰিছিল৷ আনকি তেওঁ নিজৰ দলৰে মন্ত্ৰীকো বহুবাৰ ৰাজহুৱাভাৱে সমালোচনা কৰি দলৰ ৰোষত পৰিবলগীয়া হৈছিল৷ শেহতীয়াভাৱে দিছপুৰ চৌহদৰ বিধায়ক আবাসত থকা তেওঁৰ চৰকাৰী আবাসত এজোপা আম গছৰ পৰা আম চিঙি খোৱাৰ অভিযোগত এজন লোকক পুলিচৰ হতুৱাই আটক কৰোৱা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বিজেপিৰ বিধায়কজন৷