তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত অনুত্তীৰ্ণই আকৌ পাব সুযোগ
আমাৰ অসম, ৩০ আগষ্টঃ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ কথা ঘোষণা কৰাৰ পাছত এইবাৰ অনুত্তীৰ্ণ প্ৰাৰ্থীলৈ আন এক সুযোগৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এইবাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত সফল হ’ব নোৱৰাসকলৰ বাবে পুনৰ নতুনকৈ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ নতুন বিজ্ঞাপন প্ৰকাশ পালে অনুত্তীৰ্ণসকলে পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে নতুন বিজ্ঞাপন প্ৰকাশ কৰিব বুলি নিবনুৱাসকলক আশা দিলেও বাস্তৱত চৰকাৰে দ্বিতীয়বাৰলৈ এনেদৰে বৃহৎ সংখ্যক পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব পাৰিব নে নাই সেয়া সন্দেহজনক৷ কিয়নো কম দিনৰ ভিতৰত হাজাৰ হাজাৰ পদ খালী হোৱাৰ সম্ভাৱনা কম৷ এই সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাসকলক আশ্বাস প্ৰদান কৰি কয়– “তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত সফলতা নাহিলেও চিন্তা কৰিবলগীয়া নাই৷ কিয়নো পৰীক্ষা প্ৰক্ৰিয়া চলি থাকিব৷ আকৌ বিভিন্ন পোষ্ট ওলাব৷ অসমত ঔদ্যোগিকীকৰণ হৈ আছে৷ চাকৰিৰ বাবে পৰীক্ষা দিয়া সকলো প্ৰাৰ্থী নিবনুৱা নহয়৷ বহুতে ক’ৰবাত ক’ৰবাত কোম্পানী আদিত চাকৰি কৰি আছে৷ বহু ল’ৰাই দিল্লী-কলকাতাৰ পৰাও পৰীক্ষা দিবলৈ আহিছে৷ অসমত ২৬ লাখ নিবনুৱা আছিল বুলি ধাৰণা কৰা হৈছিল৷ এতিয়া কম্পিউটাৰাইজ কৰাৰ পাছত নিবনুৱাৰ সংখ্যা ১২.৫০ লাখলৈ নামি আহিল৷ অসমৰ দৰে এখন ৰজ্যত এবছৰত ১ লাখ নিবনুৱাক চাকৰি দিব পাৰো, অৰুণোদয় দিব পাৰো, ৰাস্তা-ঘাট, মেডিকেল কলেজ যদি বনাব পাৰো, ইয়াতকৈ সুস্থিৰ কি লাগে৷ আমাৰ মতে অসম এতিয়া প্ৰগতিৰ পথতো আগবাঢ়ি গৈছে৷ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত ১৪ লাখ প্ৰাৰ্থী কেনেকৈ হ’ল বুলি বহুতে বিতৰ্ক কৰিছে৷ মুঠ পৰীক্ষাৰ্থী অৰ্থাৎ মূৰ হিচাপ কৰিলে প্ৰাৰ্থী হ’ব ৯ লাখ ৩৫ হাজাৰ৷ কিন্তু শিক্ষাগত অৰ্হতা থাকিলে এজন প্ৰাৰ্থীয়ে ৫ টা পৰীক্ষাতো অৱতীৰ্ণ হ’ব পাৰে৷ সেইবাবে পৰীক্ষাটোত বহি হিচাপ কৰিলে ১৪ লাখ হৈছে৷ সৰু সৰু কথাত নিবনুৱাসকলৰ মূৰবিলাক গৰম কৰি থাকিব নালাগে৷