Logo
image

আকৌ আহিল ‘মোগল’

আমাৰ অসম, ৩০ আগষ্টঃ ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ আহিল ‘মোগল’ৰ কথা৷ এইবাৰ ৰাজনীতিৰ পথাৰলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নহয়, কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে আচম্বিতে আনিলে ‘মোগল’ৰ প্ৰসংগ৷ সোমবাৰৰ দিনটোত ৰাজ্যৰ চৌদিশে সত্ৰ, নামঘৰত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপনৰ নাম-প্ৰসংগত ৰাইজ উৰুলীমুখৰ থকাৰ সময়তে সংবাদমেল পাতি বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক হঠাৎ মোগল বন্দনাত পঞ্চমুখ হ’ল৷ খালেকে ক’লে–  ‘মোগলক লৈ মই গৌৰৱ কৰোঁ৷ হিন্দুস্তানৰ আকাৰ দিছিল মোগলে৷ মোগলক বাদ দি তাজমহল, কুটুবমিনাৰ, লালকিল্লা কল্পনাই কৰিব নোৱাৰি৷ আজিৰ দিল্লীক গঢ় দিছিল মোগলে৷ উমানন্দ মন্দিৰ বনাবলৈ ঔৰংগজেৱেই মাটি দিছিল৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাৰন্তে স্বীকাৰ কৰিছে যে আজিৰ দিল্লীখনক গঢ় দিছিল মোগলে৷ মোগল সকল হাড়ে-হিমজুৱে ভাৰতৰ সৈতে একাত্ন হৈ গৈছিল৷ মোগলে বনোৱা লালকিল্লাৰ পৰাই দেশৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ যেতিয়া ঔৰংগজেৱৰ দখলত গুৱাহাটী আছিল, তেতিয়া মোগল সম্ৰাট ঔৰংগজেৱে উমানন্দ মন্দিৰ বনাবলৈ মাটি দিছিল৷’ ইফালে, কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ এই মন্তব্যৰ পাছতেই প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত মোগল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘যিমানেই লোকসভাৰ ইলেকশ্বনৰ দিন চমু চাপি আহিব, সিমানেই আব্দুল খালেক আৰু শ্বেৰমান আলীৰ মাজত সাম্প্ৰদায়িক কথা-বতৰা কোৱাৰ প্ৰতিযোগিতা চলিব৷ বৰপেটাৰ মানুহক আব্দুল খালেক, শ্বেৰমানে যিমান বুৰ্বক বুলি ভাবিছে, সিমান বুৰ্বক নহয়৷ ইলেকশ্বন আহিলেহে খালেকৰ মোগললৈ মনত পৰে৷ বাকী দুই বছৰ মনে মনে থাকে৷ ইলেকশ্বনৰ সময়ত খালেক, শ্বেৰমানৰ মুছলমানপ্ৰীতি, সাম্প্ৰদায়িক কথাই আকাশ চুবগৈ৷ আমি ২৪ ঘণ্টা, ৩৬৫ দিনেই ‘ভাৰত মাতা কী জয়’ ধবনি দিওঁ৷’ উল্লেখ্য, যোৱা বিধানসভাৰ নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ নিৰ্বাচনী ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ হট টপিক আছিল ‘মোগল’৷ মৌলানা বদৰুদ্দিন আজমলক মোগল সজাই তথা কংগ্ৰেছে মোগলক আনি ৰাজপাটত বহুওৱা বুলি অভিযোগ কৰি হিমন্ত বিশ্ব শৰ্মাই ঘনে ঘনে উচ্ছাৰণ কৰিছিল মোগলৰ প্ৰসংগ৷ সমাজত শিপাত মোগল সোমাই যোৱা বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই মোগলক পুলি-পোখাই উভালিবৰ বাবে ৰাইজৰ পৰা নিৰ্বাচনী ৰণ পাৰ হোৱাৰ আশীৰ্বাদ বিচাৰিছিল৷