চকুপানীয়েই এতিয়া সংগী ‘কোটিপতি’ অৰ্পিতাৰ
আমাৰ অসম, ৩০ আগষ্টঃ শিক্ষক নিযুক্তিৰ কেলেংকাৰিত অভিযুক্ত পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ সৈতে গ্ৰেপ্তাৰ হোৱা ‘ঘনিষ্ঠ বান্ধৱী’ অৰ্পিতা মুখাৰ্জীৰ এতিয়া চকুপানীয়েই একমাত্ৰ সংগী৷ কাৰাগাৰৰ ভিতৰত কান্দি কান্দিয়েই সময় পাৰ কৰিবলগীয়া হৈছে ‘কোটিপতি’ অৰ্পিতাই৷ উল্লেখ্য যে পাৰ্থ চেটাৰ্জীৰ গ্ৰেপ্তাৰৰ পাছত অৰ্পিতাৰ ফ্লেটৰ পৰা ইডিয়ে ৫০কোটিৰো অধিক টকা উদ্ধাৰ কৰে৷ আয়ৰ সৈতে সামঞ্জস্যহীন এই ধনৰ পাহাৰ উদ্ধাৰৰ পাছত একালৰ প্ৰতিপত্তিশীল মন্ত্ৰীজনৰ ঘনিষ্ঠ অৰ্পিতাও জে’ললৈ যাবলগীয়া হয়৷ সম্প্ৰতি আলিপুৰদুৱাৰ জে’লত কাৰাবন্দী হৈ আছে অৰ্পিতা মুখাৰ্জী৷ কিন্তু বন্দীত্বৰ জীৱন মুঠেই সহ্য কৰিব নোৱাৰা অৰ্পিতাই বাৰে বাৰে জে’লৰ বাহিৰলৈ ওলাব বিচাৰি চিপাহী-চন্তৰীক কাবৌ-কাকূতি কৰা আৰম্ভ কৰিছে৷ হাতযোৰ কৰি এতিয়া হিয়া ঢাকুৰি কান্দে অৰ্পিতাই৷ বাৰে বাৰে এটাই অনুৰোধ– মোক জে’লৰ বাহিৰলৈ নিয়ক৷