Logo
image

টুইন টাৱাৰ ধবংসৰ পাছতে ভয়ংকৰ প্ৰদূষণৰ গ্ৰাসত নয়দা

চাৰিওফালে ধূলিৰ আচ্ছাদন, মৰহিবলৈ ধৰিছে গছ-লতিকা

আমাৰ অসম, ৩০ আগষ্টঃ উত্তৰপ্ৰদেশৰ নয়দাত দেওবাৰে ৩২ মহলীয়া এটা যুগ্ম অট্টালিকা  ধূলিসাৎ কৰি পেলোৱাৰ পাছত উক্ত এলেকাত এতিয়া ধূলিৰ প্ৰদূষণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ধূলিৰ আচ্ছাদনে ঢাকি ধৰিছে এলেকাটোৰ লগতে ইয়াৰ গছ-লতিকাসমূহক৷ উল্লেখ্য যে  ৯টা বছৰে নিৰ্মাণ কাৰ্য চলি থকা অট্টালিকা দুটা দেওবাৰে মাত্ৰ ৯ ছেকেণ্ডতে ধূলিস্যাৎ কৰি পেলোৱা হয়৷ ইয়াৰ বাবে অত্যাধুনিক প্ৰযুক্তি আৰু কেইবা টন বিস্ফোৰকৰ প্ৰয়োজন হয়৷ ১০ জনীয়া বিশেষজ্ঞৰ দল এটাই যুগ্ম অট্টালিকাটো ধূলিস্যাৎ কৰাৰ পাছত সমগ্ৰ অঞ্চলটো ধূলিয়ে আৱৰি ধৰে৷ আৰম্ভ হ’বলৈ ধৰে অট্টালিকা দুটা ধবংস কৰিবলৈ ব্যৱহাৰ কৰা বিস্ফোৰকৰ পাশ্বৰ্ক্ৰিয়া৷ ফলত যিটো এলেকাত টুইন টাৱাৰটো নিৰ্মাণ কৰি থকা হৈছিল তাৰ আশে-পাশে থকা সমস্ত গছ-লতিকা টাৱাৰটো ধূলিস্যাৎ কৰাৰ পাছৰে পৰা মৰহিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ আনহাতে কাষতে থকা এবিএছ আৱাসিক চৌহদৰ কেইবাটাও অট্টালিকাতো ফাট মেলা প্ৰত্যক্ষ হয়৷