Logo
image

অসমীয়া সংস্কৃতিৰ দুই কাণ্ডাৰীলৈ ভূপেন হাজৰিকা বঁটা

আমাৰ অসম, ৩১ আগষ্টঃ অসমীয়া সংস্কৃতিৰ দুগৰাকী কাণ্ডাৰী৷ ইয়াৰে এজন প্ৰয়াত, আনজন অসুস্থ৷ এই দুয়োগৰাকী বিশিষ্ট শিল্পীলৈ আগবঢ়োৱা হৈছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সন্মানজনক ‘ভূপেন হাজৰিকা বঁটা’৷ শিল্পী দুগৰাকী হৈছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা আৰু বৰেণ্য পৰিচালক, চিত্ৰকৰ, কাৰ্টুনিষ্ট পুলক গগৈ৷ ‘হস্তীৰ কন্যা’ প্ৰতিমা পাণ্ডে বৰুৱালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে ‘লুইত-গদাধৰ ভূপেন হাজৰিকা সমন্বয় বঁটা’৷ ৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ হৈ এই সন্মানজনক বঁটা গ্ৰহণ কৰিব তেখেতৰ স্বামী, বিশিষ্ট শিল্পী গংগাশংকৰ পাণ্ডেই৷ একেদিনাই একেটা অনুষ্ঠানতে বিশিষ্ট চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, চলচ্ছিত্ৰ পৰিচালক পুলক গগৈক আগবঢ়োৱা হ’ব সন্মানজনক ‘ভূপেন হাজৰিকা হিতৈষী বঁটা’৷ দুয়োটা বঁটা প্ৰদান কৰিব ৰাজ্যৰ সাংস্কৃতিকমন্ত্ৰী বিমল বৰাই৷ উল্লেখ্য, এইবাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত উদ্‌যাপন কৰা হ’ব ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক জয়ন্তী৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে জনোৱা মতে ‘সমন্বয় দিৱস’ৰূপে পালন কৰা হ’ব ভূপেন হাজৰিকা ৯৬সংখ্যক জন্মদিন৷ এই উপলক্ষে দুদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ ৭ আৰু ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত হ’ব সমন্বয় দিৱস৷ ৭ ছেপ্টেম্বৰ, বুধবাৰে পুৱা ৯.৩০ বজাত ড॰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানেৰে আৰম্ভ হ’ব দুদিনীয়া কাৰ্যসূচী৷ মূল অৰ্পক সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট লেখিকা তথা ‘সাদিন’ আৰু ‘সাতসৰী’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী৷ সেইদিনাই পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানৰ উদ্বোধক তথা বন্তি প্ৰজ্বলক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম শিশু সাহিত্য ন্যাসৰ সচিব হূষীকেশ গোস্বামী৷ ৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে পুৱা ১০ বজাত সমন্বয় দিৱসৰ মূল পতাকা উত্তোলন কৰিব নৃত্যাচাৰ্য যতীন গোস্বামীয়ে৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ পতাকা উত্তোলন কৰিব ন্যাসৰ সভাপতি ড॰ মংগল সিং হাজোৱাৰীয়ে৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পতাকা উত্তোলন কৰিব সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷ ড॰ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক জন্মদিন উপলক্ষে ৯৬খন পতাকা উত্তোলন কৰিব অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যাপকসকলৰ লগতে বৰেণ্য সংগীতগুৰুসকলৰ উপৰি সংবাদ মাধ্যমৰ সন্মানীয় প্ৰতিনিধি বিশিষ্ট সাংবাদিকসকলে৷ সেইদিনাই পুৱা ১১ বজাত বিশিষ্ট লেখক তথা সাহিত্য সমালোচক ড॰ আনন্দ বৰমুদৈয়ে উন্মোচন কৰিব সমন্বয় দিৱসৰ স্মৃতিগ্ৰন্থ ‘ভূপেন্দ্ৰজ্যোতি’৷ সন্ধিয়া ৫ বজাত ভূপেন হাজৰিকা সংগ্ৰহালয়ত প্ৰজ্বলন কৰা হ’ব ৯৬গচি বন্তি৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সদস্য-বিষয়ববীয়াসকলে বন্তি প্ৰজ্বলন কৰিব৷ ইয়াৰ পাছতে ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ সংবৰ্ধিত অংশ উদ্বোধন কৰিব ৰাজ্যৰ সাংস্কৃতিকমন্ত্ৰী বিমল বৰাই৷ ৮ ছেপ্টেম্বৰৰ বিয়লি ৫.৩০ বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান৷ বন্তি প্ৰজ্বলন কৰিব শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী শিখা দত্তই৷ ভাৰতীয় চলচ্ছিত্ৰৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মানপ্ৰাপক তৰালি শৰ্মাৰ বৰগীতেৰে আৰম্ভ হ’ব সভা৷ এই সভা উদ্বোধন কৰিব ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ আদৰণী ভাষণ দিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱালে৷ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰিব সংগীতগুৰু দামোদৰ বৰা আৰু বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক শংকৰলাল গোৱেংকাই৷ প্ৰবীণ আৰু নবীন কণ্ঠশিল্পীসকলৰ সমবেত সংগীতত ভাগ ল’ব জে পি দাস, নমিতা ভট্টাচাৰ্য, পাহাৰী দাস, কুইন দাস, মালবিকা বৰা, অঞ্জু দেৱী, শান্তা উজীৰ, শান্তা ঠাকুৰীয়া, অনিৰ্বাণ দাস, নিত্যানন্দ ডেকা, ৰাজু আনচাৰী, অসীমজ্যোতি বৰুৱা, আলেখ্য চক্ৰৱৰ্তী, গায়ত্ৰী হাজৰিকা, ৰূপম ভূঞা, হেমন্ত নাথ, তুলিকা দেৱী, মৌচুমী পৰাশৰ, জ্বলি লস্কৰ, গাৰ্গী দত্ত আৰু সন্দীপ হাজৰিকাই৷ ইয়াৰ পাছতে সাংস্কৃতিকমন্ত্ৰী বিমল বৰাই প্ৰদান কৰিব ‘লুইত-গদাধৰ ভূপেন হাজৰিকা সমন্বয় বঁটা’ আৰু ‘ভূপেন হাজৰিকা হিতৈষী বঁটা’৷ সমন্বয় বঁটা মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে প্ৰতিমা পাণ্ডে বৰুৱাক৷ আনহাতে হিতৈষী বঁটা আগবঢ়োৱা হৈছে দীৰ্ঘদিনে অসুস্থ হৈ থকা বিশিষ্ট শিল্পী পুলক গগৈক৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তৰফৰ পৰা ৭ আৰু ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমন্বয় দিৱসৰ সকলো কাৰ্যসূচীত সকলো শ্ৰেণীৰ লোকৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হৈছে৷