Logo
image

দিল্লীত লাচিত দিৱস, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

কেবিনেট সিদ্ধান্ত ভূ দান আৰু গ্ৰাম দান আইন বাতিল

আমাৰ অসম, ৩১ আগষ্টঃ ‘অহা নৱেম্বৰত দুদিনীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত দিৱস৷ ২৩, ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনোৱা হ’ব৷’ মঙলবাৰে দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটৰ আন সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি মন্ত্ৰী কেশৱ মহন্তই এনেদৰে কয়– ‘আজিৰ কেবিনেটৰ বৈঠকে ভূদান আৰু গ্ৰামদান আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত লোকক চৰকাৰীভাৱে সাহায্য প্ৰদান কৰা হ’ব৷ চৰকাৰী পলিটেকনিক, আই টি আইক সক্ৰিয় কৰি তুলিবৰ বাবে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ কৰা হৈছে৷ কমনৱেল্‌থত সোণৰ পদক পোৱা নয়নমণি শইকীয়াক অসম পুলিচৰ ডিএছপি অথবা বন বিভাগৰ ডেপুটী কামাণ্ডেণ্ট অৱ ফৰেষ্ট পদৰ চাকৰি দিয়া হ’ব৷ দুয়োটা পদৰ যিকোনো এটা বাছনি কৰি ল’ব পাৰিব নয়নমণিয়ে৷ লগতে ৫০ লাখ টকা অনুদান হিচাপে দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ ৩ ছেপ্টেম্বৰত নয়নমণি শইকীয়াক জনোৱা হ’ব বিশেষ সম্বৰ্ধনা আৰু প্ৰদান কৰা হ’ব নিযুক্তি-পত্ৰ৷ পুৰণি ৩২৯খন আইন অহা বিধানসভাত বাতিলৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ পিতৃ-মাতৃৰ বন্দনাৰ বাবে চৰকাৰী চাকৰিয়ালসকলে অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী, ২০২৩ত স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব৷ অসম চৰকাৰৰ চিন্তন শিবিৰ ২৪/২৫ আৰু ২৬ ছেপ্টেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ সকলো মন্ত্ৰী-বিধায়ক সকলো বিভাগৰ সচিব অথবা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বৈঠক৷ বাজেট প্ৰস্তুত কৰাৰ আগতেই অনুষ্ঠিত হ’ব এই চিন্তন শিবিৰ৷ এই কাৰ্যসূচী প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব৷’