Logo
image

সাৰদাৰ ফাইল খুলিছে চিবিআয়ে

২০১৪ৰ গোচৰ

যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক কলকাতালৈ চমন

‘ঘটনাৰ সময়ত মই দিল্লীত পঢ়ি আছিলোঁ’

আমাৰ অসম, ৩১ আগষ্টঃ পুনৰ খোল খাইছে সাৰদা কেলেংকাৰিৰ তদন্তৰ ফাইল৷ প্ৰায় ১০ বছৰ পুৰণি সাৰদা চিট ফাণ্ড কেলেংকাৰিক লৈ শেহতীয়াকৈ পশ্চিম বংগৰ ৰাজনীতি উত্তাল হৈ পৰাৰ মাজতে এইবাৰ সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ সংযোগে অসমৰ ৰাজনীতিতো চৰ্চা লাভ কৰিছে৷ হাজাৰ কোটিটকীয়া সাৰদা কেলেংকাৰিৰ চি বি আইৰ গোচৰত এইবাৰ বংগৰ আদালতৰ পৰা চমন জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ কন্যা তথা বৰ্তমানৰ অসম যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তলৈ৷ কলকাতা চি বি আইৰ আৰ চি ০৪/এছ/২০১৪ নম্বৰ গোচৰৰ ভিত্তিত পশ্চিম বংগৰ আলিপুৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৩ ছেপ্টেম্বৰত যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তক আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ বিগত ১৬ আগষ্টত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অংকিতা দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/১২০ [বি] ধাৰা আৰু অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ ধাৰাত গোচৰ ৰুজু হোৱাৰ কথা উল্লেখ কৰি নিৰ্দিষ্ট দিনটোত সোঁশৰীৰে উপস্থিত হৈ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে৷ উল্লেখ্য, যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত হৈছে গুৱাহাটীৰ মেচাৰ্ছ অনুভূতি প্ৰাইভেট এণ্ড পাব্লিকেশ্বন্‌ছ প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ সঞ্চালক৷ অভিযোগ অনুসৰি অংকিতা দত্তৰ পিতৃ প্ৰয়াত অঞ্জন দত্তৰ মালিকানাধীন মেচাৰ্ছ অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বন্‌ছ প্ৰাইভেট লিমিটেডৰ প্ৰেছতে সাৰদা গোষ্ঠীয়ে প্ৰকাশ কৰা বাংলা বাতৰি কাকত ‘সকালবেলা’ আৰু ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য ছেভেন ছিষ্টাৰ পোষ্ট’ৰ ছপা কৰা হৈছিল৷ যাৰ বাবে প্ৰিণ্টিং প্ৰেছটোৰ মালিক অঞ্জন দত্তৰ সৈতে সাৰদাৰ মালিক সুদীপ্ত সেনৰ ধনৰ লেনদেন হৈছিল৷ আনকি সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ গোচৰত সেই সময়ত চি বি আয়ে অঞ্জন দত্তক কেইবাবাৰো জেৰা কৰাৰ লগতে অঞ্জ ন দত্তৰ মালিকানাধীন ‘আজিৰ দৈনিক বাতৰি’ কাকত গোষ্ঠীটোৰ কৰ্মচাৰীকো জেৰা কৰিছিল৷ সাৰদা কেলেংকাৰি গোচৰত জামিনদ্বাৰৰ অভাৱত বৰ্তমানেও সুদীপ্ত সেন বংগৰ কাৰাগাৰত বন্দী হৈ আছে যদিও ২০১৪ চনতে ৰুজু হোৱা গোচৰটোৰ সংক্ৰান্তত হঠাতে আদালতে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তলৈ চমন পঠোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে৷ অংকিতা দত্তই যুৱ কংগ্ৰেছৰ দায়িত্ব লৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ সময়তে চি বি আইৰ উক্ত গোচৰটোত চমন লাভ কৰা খবৰে ৰাজনৈতিক মহলতো বিশেষ চৰ্চা লাভ কৰিছে৷ এই সন্দৰ্ভত অংকিতা দত্তই সংবাদ মাধ্যমৰ আগত কয়– ‘অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনৰ সঞ্চালকৰ দায়িত্ব মই ২০১৮ চনতহে লৈছিলোঁ৷ ইয়াৰ পূৰ্বে অনুভূতি প্ৰিণ্টাৰ্ছৰ পৰিচালনাৰ লগত মই কোনোধৰণে জড়িত নাছিলোঁ৷ সাৰদা কেলেংকাৰিৰ সন্দৰ্ভত চি বি আয়ে গোচৰ ৰুজু কৰিছিল ২০১৪ চনত৷ ২০১৪ চনত মই দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নহে কৰি আছিলোঁ৷ মই পঢ়ি থকা সময়ত অনুভূতি প্ৰিণ্টাৰ্ছৰ সৈতে জড়িত নথকাৰ পাছতো মোক কিয় চি বি আইৰ গোচৰটোত অভিযুক্ত কৰা হৈছে বুজি পোৱা নাই৷’ উল্লেখ্য, সুদীপ্ত সেনৰ মালিকানাধীন সাৰদা চিট ফাণ্ড কোম্পানীটোৱে এটা দশক পূৰ্বে অধিক সুদৰ লোভ দেখুৱাই পশ্চিম বংগ আৰু অসমৰ সহজ-সৰল লোকক প্ৰৱঞ্চনা কৰি কোটি কোটি টকা লুণ্ঠন কৰিছিল৷ প্ৰৱঞ্চনাৰ ধনেৰে সাৰদাই অসমত সংবাদ প্ৰতিষ্ঠানত বিনিয়োগ কৰাৰ লগতে বিস্কুট ফেক্টৰীও খুলিছিল৷ সাৰদা কেলেংকাৰি গোচৰত চি বি আয়ে সেই সময়ত অসমৰ কেইবাজনো প্ৰভাৱশালী ৰাজনীতিককো জেৰা কৰিছিল৷ এই কেলেংকাৰিত অসমৰ এজন প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানৰ নাম সাঙোৰ খাই পৰাত পাছত আৰক্ষী বিষয়াজনে বাসভৱনতে পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ পথ বাছি লৈছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০১৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি অঞ্জ ন দত্তৰ আকস্মিক মৃত্যু হৈছিল৷ অঞ্জন দত্তৰ মৃত্যুৰ পাছৰে পৰা সাদৰা কেলেংকাৰিক লৈ অঞ্জন দত্তৰ বা তেওঁৰ পৰিয়ালৰ কোনো লোকৰ নাম চৰ্চিত হোৱা নাছিল৷ অৱশ্যে অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই কিছু ৰাজনৈতিক আধিপত্য সৃষ্টিৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সভানেত্ৰীৰ দায়িত্ব পোৱাৰ লগে লগে বিশেষ তৎপৰতাৰে প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ শেহতীয়াকৈ তেওঁ মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ নলবাৰীতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি অংকিতাৰ ক্ৰমবৰ্ধমান সক্ৰিয়তা আৰু জনপ্ৰিয়তাক লৈ কোনো ৰাজনৈতিক শক্তিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক বিপদত পেলোৱাৰ ষড়যন্ত্ৰৰে চি বি আইৰ গোচৰত তলব কৰা বুলিও সামাজিক মাধ্যমত সমালোচনা হোৱা দেখা গৈছে৷ অৱশ্যে ৩ ছেপ্টেম্বৰত অংকিতা দত্তই কলকাতাৰ আদালতত হাজিৰ হোৱাৰ পাছত চি বি আয়ে কি স্থিতি গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব৷