Logo
image

ছিছোডিয়াৰ বেংক লকাৰ খুলি হতাশ চিবিআই

আমাৰ অসম, ৩১ আগষ্টঃ যোৱা ১৯ আগষ্টত চৰকাৰী বাসভৱনত ১৪ ঘণ্টা ধৰি তালাচী চলোৱাৰ পাছত মঙলবাৰে চিবিআয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বেংকৰ লকাৰত তালাচী চলায়৷ গাজিয়াবাদত থকা পঞ্জাব নেশ্বনেল বেংকৰ মনীষ ছিছোদিয়াৰ লকাৰত তালাচী চলোৱাৰ পাছত চিবিআয়ে কোনো তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে বুলি উপ-মুখ্যমন্ত্ৰীজনে দাবী কৰিছে৷ তালাচীৰ অন্তত তেওঁ দিল্লী বিধানসভাৰ অধিৱেশনত মুকলিভাৱে কয় যে, বেংকৰ লকাৰত তালাচী চলাই তাত কোনো নথি-পত্ৰ উদ্ধাৰ কৰিব নোৱাৰি চিবিআয়ে তেওঁক ক্লিনশ্বিট দিছে৷ উল্লেখ্য, দিল্লীৰ আপ চৰকাৰে গ্ৰহণ কৰা আবকাৰী নীতিত কেলেংকাৰি সংঘটিত কৰা বুলি অভিযোগ তুলি আবকাৰী বিভাগৰো দায়িত্বত থকা ছিছোদিয়াৰ বাসভৱনত ১৯ আগষ্টত চিবিআয়ে ১৪ ঘণ্টা তালাচী চলাইছিল৷ এই তালাচীত কেলেংকাৰি সন্দৰ্ভত বিশেষ কোনো প্ৰামাণ্য নথি উদ্ধাৰ হোৱাৰ দাবী কৰা নাই চিবিআয়ে৷ অৱশ্যে চিবিআয়ে এই কেলেংকাৰি সন্দৰ্ভত মুঠতে ১৫ জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু সেই তালিকাৰ শীৰ্ষত আছে মনীষ ছিছোদিয়াৰ নাম৷ মঙলবাৰে লকাৰ তালাচীৰ পাছত ছিছোদিয়াই বিজেপিৰ বিৰুদ্ধে অপাৰেছন ল’টাছত ব্যৱহাৰ হোৱা ধন ক’ৰ পৰা আহিছে সেই সন্দৰ্ভত তালাচী চলাবলৈ চিবিআইক আহ্বান জনায়৷ দেশৰ কেইবাখনো ৰাজ্যৰ বিধায়ক কিনি ইতিমধ্যে বিজেপিয়ে নিৰ্বাচিত চৰকাৰ ভাঙি তেওঁলোকৰ নিজৰ বা বিজেপি সমৰ্থিত চৰকাৰ গঠন কৰিছে৷ ছিছোদিয়াৰ মতে তেনে হৰ্ছট্ৰেডিঙত বহু হাজাৰ কোটি টকা বিজেপিয়ে ব্যয় কৰিছে৷ আনকি দিল্লীৰ চৰকাৰ ভাঙিবলৈ বিধায়ক কিনিবলৈ বিজেপিয়ে হাতত ৮০০ কোটি টকা লৈ দৰদাম কৰি থকা বুলি আপে মুকলি অভিযোগ তুলিছে৷ সেই ধন ক’ৰ পৰা আহিল তাৰ তদন্ত কৰিবলৈ ছিছোদিয়াই চিবিআইক আহ্বান জনায়৷ তেওঁৰ মতে এই কেলেংকাৰিত প্ৰথমেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক জেৰা কৰিব লাগে আৰু সকলো শীৰ্ষ বিজেপি নেতাৰ বাসভৱন, কাৰ্যালয় আৰু তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চিবিআয়ে তালাচী চলাব লাগে৷ ছিছোদিয়াৰ মতে তেওঁৰ বাসভৱন আৰু লকাৰত তালাচী চলাই একো নাপাই চিবিআই হতাশ হৈছে৷ সেয়ে তেওঁলোকে ডাঙৰ কেলেংকাৰি উদ্ধাৰ কৰিবলৈ হ’লে অপাৰেছন লটাছৰ বিৰুদ্ধে অভিযান চলাবই লাগিব আৰু বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিব৷ পিছে এই পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ নূ্যনতম সাহসো নাই বুলি ছিছোদিয়াই প্ৰত্যাহ্বান জনাইছে৷