Logo
image

হিন্দু ৰাষ্ট্ৰৰ অঘোষিত দলিল ‘কা’

... নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা-সংস্কৃতিক কি ভয়ংকৰ বিপদৰ মুখলৈ নিব, তাক এতিয়াও নুবুজাকৈ থকাটো মূৰ্খামিৰ বাহিৰে একো নহয়৷ গেৰুৱা দলৰ চক্ৰান্তক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ জনতা সজাগ হ’ব লাগিব৷ ‘কা’ক এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আমাৰ জাতীয় জীৱনৰ স্বাৰ্থ ৰক্ষাৰ যুঁজলৈ পৰিৱৰ্তন কৰাত অসুবিধা ক’ত? কেৱল ‘কা’ই নহয়, পৰিৱেশ সম্পৰ্কীয় বিধেয়ক ই আই এ, কৃষি বিল আৰু বেংক, বীমাৰ সৰ্বগ্ৰাসী ব্যক্তিগতকৰণ আদি সমস্যাৰ বিৰুদ্ধে একত্ৰে থিয় দিব নোৱাৰিলে ভাষিক অসমীয়াৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ পৰিচয় হেৰুৱাব লাগিব ...

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত  হৈ ‘কা’ হোৱাৰ এবছৰ অতিক্ৰম কৰাৰ লগে লগে অসমৰ ৰাজপথ পুনৰ উত্তাল হৈ পৰিল  সমদল-প্ৰতিবাদেৰে৷ কিছুসংখ্যক লোকে ‘কা’ৰ বিৰুদ্ধে ৰাজপথত নামি পৰা কথাটোত ৰাইজে ৰাজনীতিৰ গোন্ধ পালে৷ যুক্তি দিছে– যিহেতু বিষয়টো আদালতৰ মজিয়াত, গতিকে আন্দোলন কৰাৰ কোনো নীতিগত কাৰণ থাকিব নোৱাৰে৷ আদালতৰ ৰায়লৈ অপেক্ষা কৰা উচিত৷

যদি সেয়াই হয়, আমি মনত পেলাব লাগিব যে বিগত কিছু বছৰ ধৰি কেনেদৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি আহিছে৷ এক স্বৈৰতান্ত্ৰিক ব্যৱস্থা কায়েম কৰাৰ চেষ্টা চলিছে দেশত৷ ভাৰতক হিন্দু ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ যি কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘই হাতত লৈছে, তাক বাস্তৱায়িত কৰিবলৈ  প্ৰয়োজন বৰ্তমান গণতান্ত্ৰিক শাসন ব্যৱস্থাক নিৰ্মূল কৰি দেশত এটা বাধাহীন স্বৈৰতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰা৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে স্বীকৃত দেশৰ বেছিভাগ সংবাদ মাধ্যমক প্ৰলোভন কিম্বা ভীতি প্ৰদৰ্শন কৰি নিজৰ প্ৰচাৰযন্ত্ৰত পৰিণত কৰিছে শাসক দলে৷ বিগত দুই-তিনি বছৰত কমেও দুকুৰি সাংবাদিকক হত্যা কৰিছে, শতাধিক সাংবাদিকক ভুৱা গোচৰত জে’লত ভৰাই থৈছে৷ আনকি যি সেনাবাহিনীক দেশপ্ৰেম, সাহস  আৰু ধৰ্মনিৰপেক্ষতাৰ বাবে দেশৰ মানুহে শ্ৰদ্ধা-সন্মান কৰে, আজি সেই বিভাগসমূহক ৰাজনৈতিক স্বাৰ্থত  ব্যৱহাৰ কৰিবলৈ চৰকাৰে গোপন পৰিকল্পনা হাতত লৈছে৷ অৱসৰপ্ৰাপ্ত সেনাপ্ৰধান ভি কে সিঙৰ ৰাজভক্তিত সন্তুষ্ট হৈ তেওঁক সাংসদ হিচাপে মনোনীত কৰি  মন্ত্ৰীপদত বহুৱাইছে৷ আকৌ বিপিন ৰাৱটক সেনাপ্ৰধান হিচাপে কৰ্মৰত সময়ত শাসকীয় দলটোৰ বিতৰ্কিত সিদ্ধান্তক নীতি-বহিৰ্ভূতভাৱে সমৰ্থন কৰি চৰকাৰৰ পক্ষত ৰাজনৈতিক বক্তব্য প্ৰদান কৰাৰ পুৰস্কাৰ হিচাপে অপ্ৰয়োজনীয়ভাৱে ‘চীফ অৱ ডিফেন্স ষ্টাফ’ নামেৰে এটা নতুন পদ সৃষ্টি কৰি উপঢৌকন দিয়া হৈছে৷ অৰ্থাৎ  চৰকাৰে পৰিকল্পনা অনুসৰি  সেনাবাহিনীৰ মাজত এনে এটা বাৰ্তা পঠিয়াইছে যে চাকৰিকালত চৰকাৰৰ প্ৰতি আনুগত্য থাকিলে অৱসৰৰ পাছতো ‘কিবা’ এটা পোৱাৰ পথ খোলা থাকিব৷ চৰকাৰৰ আজ্ঞাবাহী নোহোৱাৰ অপৰাধত ৰিজাৰ্ভ বেংকৰ দুজনকৈ দক্ষ গৱৰ্নৰক আঁতৰাই কেন্দ্ৰীয় চৰকাৰৰ এজন প্ৰশাসনিক বিষয়াক গৱৰ্নৰৰ দায়িত্ব দিয়া হ’ল, যাতে মন গ’লেই ৰিজাৰ্ভ ফাণ্ডৰ টকাৰ ওপৰত চৰকাৰৰ কতৃৰ্ত্ব থাকে৷ প্ৰধানমন্ত্ৰীৰ পুঁজিত কৰ’নাৰ অচিলা লৈ হাজাৰ হাজাৰ কোটি টকা জমা হ’ল, অথচ কিমান টকা জমা আছে নাগৰিকে জনাৰ অধিকাৰক আইন প্ৰণয়ন কৰি খাৰিজ কৰিছে৷ গণতন্ত্ৰক বিদায় দি দেশত একদলীয় শাসন প্ৰৱৰ্তন কৰিবলৈ গেৰুৱা বাহিনী এঢাপ এঢাপকৈ আগুৱাই গৈছে৷

সেইবাবেই বিচাৰ ব্যৱস্থা, ন্যায়পালিকাক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ প্ৰচেষ্টা গেৰুৱা বাহিনীয়ে আৰম্ভ কৰিছে৷ এইক্ষেত্ৰত ছুপ্ৰিম ক’ৰ্টৰ কেইটামান স্পৰ্শকাতৰ বিষয়ৰ সিদ্ধান্তই সচেতন নাগৰিকৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ ইয়াৰ মাজত বিশেষভাৱে উল্লেখযোগ্য অযোধ্যাৰ বিতৰ্কিত ভূমি হস্তান্তৰৰ ক্ষেত্ৰত ছুপ্ৰিম ক’ৰ্টৰ ৰায়৷  সৰ্বোচ্ছ আদালতৰ  প্ৰধান বিচাৰপতিৰ নেতৃত্বত এই বিতৰ্কিত ভূমিত অৱস্থিত বাবৰি মছজিদ ধবংসকাৰ্যক অপৰাধ হিচাপে মানি লৈও সেই ভূমি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হস্তান্তৰ কৰিলে৷ গেৰুৱা দলৰ ‘বিশিষ্ট মছজিদ ধবংসকাৰী নেতা’সকলক ‘প্ৰমাণৰ অভাৱত’ খালাচ কৰি দিলে! চৰকাৰক নিৰ্দেশ দিলে–  মছজিদ নিৰ্মাণৰ বাবে আনটো পক্ষক বেলেগে মাটি প্ৰদান কৰিব লাগে!  কি  এক বিচিত্ৰ ৰায়! যদি বাবৰি মছজিদ কতৃৰ্পক্ষ বিতৰ্কিত ভূমিৰ  আইনসংগত কোনো দাবীদাৰ নাছিলেই, তেন্তে মছজিদ নিৰ্মাণৰ বাবে অন্য এটুকুৰা মাটি প্ৰদান কৰিবলৈ নিৰ্দেশ দিলে কিয়? বিশ্ব হিন্দু পৰিষদকে ধৰি আৰ এছ এছেও বিচাৰিছিল বাবৰি মছজিদৰ বিবদমান ভূমিত তেওঁলোকৰ দখল থাকক, আচৰিত ধৰণে ন্যায়ালয়ে তেনে ধৰণেই এক সিদ্ধান্ত নিদিলেনে?  পুৰস্কাৰ হিচাপে মুখ্য ন্যায়াধীশজনক  অৱসৰৰ ঠিক পাছতে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিলে৷ আকৌ উত্তৰ প্ৰদেশৰ  হাথৰস কাণ্ডত সত্য বাতৰি পৰিৱেশন কৰিবলৈ গৈ সাংবাদিক চিদ্দিক কাপানক দিল্লী আৰক্ষীয়ে মিছা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিলে৷ উচ্ছতম ন্যায়ালয়ে জামিনৰ আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পুনৰ নিম্ন আদালতলৈ কেছটো ঘূৰাই পঠিয়ালে, অখিল গগৈ আৰু ভাৰাভাৰা ৰাওৰ জামিনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিলে, অথচ সেই একেখন মহামান্য  আদালতে অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত হস্তক্ষেপ কৰি তেওঁৰ জামিন মঞ্জুৰ কৰিলে৷

ইয়াৰ পাছতো কোনোবাই ক’বনে– আইন সকলোৰে বাবে সমান?

শাসনাধিষ্ঠিত দলৰ নেতা কপিল মিশ্ৰৰ ভাষণত হিংস্ৰতাৰ প্ৰত্যক্ষ হুমকি সত্ত্বেও গ্ৰেপ্তাৰ নোহোৱাত দিল্লী হাইক’ৰ্টৰ বিচাৰপতি মুৰুলীধৰণে যেতিয়া পুলিচক  অভিযোগ নথিভুক্ত কৰাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ কৈছিল, চৌব্বিশ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে তেওঁক বদলি কৰিলে পঞ্জাব হাইক’ৰ্টলৈ৷ এই সম্পৰ্কত ছলিচিটৰ জেনেৰেলে মন্তব্য কৰিছিল– ‘কপিল মিশ্ৰৰ দৰে নেতাৰ [হাই প্ৰফাইল?] বিৰুদ্ধে ব্যৱস্থা হাতত লোৱাৰ বাবে পৰিস্থিতি এতিয়া অনুকূল নহয়’, ইয়াৰ পাছতো দেশত উশাহ লৈ থকাৰ মুক্ত পৰিৱেশ বাহাল থাকিবনে?

যিসকলে দেৱালৰ লিখনি পঢ়িব জনা নাই বা পঢ়িব খোজা নাই, তেওঁলোকে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ সংগঠিত আৰু  অসংগঠিত ক্ষেত্ৰৰ শ্ৰমজীৱী জনতাই  কিয় ৰাজপথত নামিবলৈ বাধ্য হৈছে, সেই কাৰণবোৰ বুজাত অসুবিধা পোৱা স্বাভাৱিক৷ আজি শিল্পী-সাহিত্যিক-কৃষক-শ্ৰমিককে ধৰি দেশৰ জনগণ কোনো সুৰক্ষিত নহয়৷ শ্ৰমজীৱী কৃষকৰ সামাজিক সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ  কৃষক  আৰু  শ্ৰমিকবিৰোধী আইন [কোড] বাতিলৰ দাবীত নতুন দিল্লী আজিও উত্তাল৷

দেশৰ অন্নদাতা কৃষকৰ শস্যভৰ্তি পথাৰখনো কৰ্প’ৰেটক দিবলৈ মোদী চৰকাৰৰ হাত নকঁপিল৷ আইন প্ৰণয়ন কৰি কৃষি আৰু কৃষকৰ  ভৱিষ্যৎ মুনাফালোভী পুঁজিপতি বণিয়াৰ হাতত তুলি দিলে৷ চৰকাৰে দেশীয় পুঁজিপতিসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ‘স্বাৰ্থ’ কি? স্বাৰ্থ নি(য় আছে৷ ‘কা’ প্ৰণয়ন কৰি পাকিস্তান, আফগানিস্তান, বাংলাদেশ আদি দেশৰ পৰা অমুছলমানক  ভাৰতত সংস্থাপিত কৰিব বিচাৰিছে হিন্দুত্ববাদী ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা অনুসৰি৷ পুঁজিপতি, প্ৰতিৰক্ষা আৰু আইনসভাৰ সমৰ্থন নহ’লে এই ঈপ্সিত উদ্দেশ্য কেতিয়াও সম্ভৱ নহ’ব৷ সচেতন নাগৰিকে মন কৰিছে যে এফালে ধৰ্মীয় অন্ধতাৰ বীজ সিঁচি সেই ছেগতে কৰ্প’ৰেটক কোটি টকা কৰ ৰেহাই দিছে, আনফালে তেওঁলোকৰ পৰা শাসনাধিষ্ঠিত দলটোৱে আহৰণ কৰিছে কোটি কোটি টকাৰ দলীয় তথা নিৰ্বাচনী  পুঁজি৷ আজিৰ তাৰিখত ‘গণতান্ত্ৰিক মেজিক’ দেখুৱাই ৰাইজক মোহাবিষ্ট কৰি ৰাখিছে সঁচা, পিছে ২০২৪ৰ পাছত গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতাক কবৰ দি যে ‘গো-মাতাৰ মন্দিৰ’ সাজিব, অপ্ৰিয় হ’লেও এই কথা সঁচা হ’বলৈ গৈ আছে, ৰাইজে বুজি পোৱা উচিত৷ ‘পুঁজি আৰু পূজাৰীৰ’ এই অবৈধ মিত্ৰতাক  দেশবাসীয়ে উচ্ছেদ কৰিব নোৱাৰিলে বিষম পৰিণতিৰ ফল ভুগিব লাগিব সাধাৰণ জনতাই৷

এনেস্থলত ‘কা’ সম্পৰ্কত আইনে কি ৰায় দিয়ে, তালৈ অপেক্ষা কৰি থাকিলে জোঁৰ পুৰি হাত পাবহি৷ আদালতত বিষয়টো বিচাৰাধীন হৈ থকা সত্ত্বেও জানুৱাৰীৰ পৰা হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ কাম আৰম্ভ হ’ব৷ ই নিতান্তই অযুক্তিকৰ-অগণতান্ত্ৰিক৷ অসমৰ জনতা যে ‘কা’ক লৈ সন্তুষ্ট নহয়, ৰাজপথৰ ভাষাই সেই কথা নিশ্চিত কৰিছে৷ তাৰ পাছতো চৰকাৰে বল প্ৰয়োগ কৰাৰ অন্তৰালৰ ৰহস্য বুজি পাব লাগিব৷

নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা-সংস্কৃতিক কি ভয়ংকৰ বিপদৰ মুখলৈ নিব, তাক এতিয়াও নুবুজাকৈ থকাটো মূৰ্খামিৰ বাহিৰে একো নহয়৷ গেৰুৱা দলৰ চক্ৰান্তক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ জনতা সজাগ কিয় হ’ব লাগিব, ওপৰত আলোচনা কৰা দৃষ্টিকোণেৰে ভাবি চাব লাগিব৷ ‘কা’ক এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আমাৰ জাতীয় জীৱনৰ স্বাৰ্থ ৰক্ষাৰ যুঁজলৈ পৰিৱৰ্তন কৰাত অসুবিধা ক’ত? কেৱল ‘কা’ই নহয়, পৰিৱেশ সম্পৰ্কীয় বিধেয়ক ই আই এ, কৃষি বিল আৰু বেংক, বীমাৰ সৰ্বগ্ৰাসী ব্যক্তিগতকৰণ আদি সমস্যাৰ বিৰুদ্ধে একত্ৰে থিয় দিব নোৱাৰিলে ভাষিক অসমীয়াৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ পৰিচয় হেৰুৱাব লাগিব৷ বিটিচিৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে সামূহিকভাৱে বড়ো জনগোষ্ঠীয় প্ৰতিনিধিয়ে ২৫খন আসন লাভ কৰা সত্ত্বেও চৰকাৰ গঠনত নেতৃত্ব দিছে মাত্ৰ জ্ঝখন আসন লাভ কৰা গেৰুৱা চিকাৰীয়ে৷ বছৰ বছৰজুৰি বড়োসকলৰ জাতীয় সংগ্ৰামৰ ইতিহাসত ই কিদৰে খোদিত হ’ব নাজানো, কিন্তু ই সম্ভৱ হৈছে কেৱল দলটোৰ ‘ডিভাইড এণ্ড ৰুল পলিচী’ৰ বাবে, প্ৰচুৰ অৰ্থৰ বলত৷ অসমত সেই অৱস্থাৰ পুনৰাবৃত্তি হোৱাৰ পৰা বাচিব পৰাৰ একমাত্ৰ উপায় হ’ল- ‘কা’বিৰোধী দল-সংগঠনসমূহে নিজৰ মাজত বুজাবুজি কৰিবই লাগিব, ই পোনপটীয়াকৈ হওক বা কৌশলগতভাৱেই হওক৷ সময় বৰ কম৷