Logo
image

অভিষেকক ইডিৰ চমন, প্ৰত্যাহ্বান জনালে মমতাই

আমাৰ অসম, ৩১ আগষ্টঃ তেওঁলোকৰ পৰিয়াল নাই নেকি? তেওঁলোকে অৱসৰ নল’ব নেকি? কেৱল এইটো দলেই ক্ষমতাত থাকিব নেকি? বিহাৰৰ নতুন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে চি বি আইৰ তদন্তকাৰী বিষয়াক এনেদৰে ভাবুকি দিয়াৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তেজস্বী যাদৱৰ এই ভাবুকিসূচক বক্তব্যক গুৰুত্ব সহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী দলটোৱে৷ আনহাতে, ভতিজাক মমতা বেনাৰ্জীৰ বিৰুদ্ধে ইডিয়ে পুনৰ চমন জনোৱাত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা গোচৰ তৰিব বুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজহুৱা সভাত কৰা ঘোষণায়ো চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, কয়লা কেলেংকাৰিৰ অভিযোগত অহা শুকুৰবাৰে পুনৰ জেৰাৰ সন্মুখীন হ’বলৈ মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক নিৰ্দেশ দিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে৷ অহা শুকুৰবাৰে ১১ বজাত তেওঁ কলকাতাৰ চি জি অ’ কমপ্লেক্সত উপস্থিত থাকিব লাগিব৷ তৃণমূল সাংসদ অভিষেক বেনাৰ্জীক জেৰা কৰিবলৈ দিল্লীৰ পৰা ইডিৰ বিষয়া আহিব৷ কয়লা কেলেংকাৰিৰ তদন্তত জেৰাৰ বাবে অভিষেক বেনাৰ্জীৰ খুলশালীয়েক মেনকা গম্ভীৰলৈও জাননী প্ৰেৰণ কৰিছে ইডিয়ে৷ এই ঘটনাত মেনকাৰ বিৰুদ্ধে অভিযোগ কি সেয়া স্পষ্ট কৰা নাই তদন্তকাৰী সংস্থাটোৱে৷ মেনকাক দিল্লীলৈ তলব জনালেও তেওঁ কলকাতা উচ্ছ ন্যায়ালয়ত এই জাননীৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱাত ন্যায়াধীশ মৌচুমী ভট্টাচাৰ্যৰ এজনীয়া বিচাৰপীঠে তেওঁক কলকাতাতে জেৰা চলোৱাৰ নিৰ্দেশ দিয়ে৷ ইডিয়ে মেনকাক ৫ ছেপ্টেম্বৰত দিল্লীলৈ তলব কৰিলেও এতিয়া আদালতৰ নিৰ্দেশত তেওঁক কলকাতাতে জেৰা কৰিব লাগিব৷ উল্লেখ্য, একেই অভিযোগত মেনকাৰ জ্যেষ্ঠ ভগ্নী, অৰ্থাৎ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীক ইতিপূৰ্বে ইডিয়ে দুবাৰ জেৰা কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, সোমবাৰে অভিষেক বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছিল৷ ডুবাইত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ টি-২০ মেচত বিজয়ৰ পাছত গেলাৰীত থকা অমিত-পুত্ৰ জয় শ্বাহে [যি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিবো] তেওঁলৈ আগবঢ়াই দিয়া ৰাষ্ট্ৰীয় পতাকাখন ল’বলৈ অস্বীকাৰ কৰিছিল৷ সেই ঘটনাৰ আলম লৈ সোমবাৰে অভিষেক বেনাৰ্জীয়ে এবাৰ টুইটাৰত আৰু আনবাৰ ৰাজহুৱা সভাত জয় শ্বাহ আৰু অমিত শ্বাহক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছিল৷ ৰাজহুৱা সভাত অভিষেকে কৈছিল যে, এই আক্ৰমণৰ ফলত পিছদিনা অৰ্থাৎ মঙলবাৰে তেওঁ আক্ৰমণৰ লক্ষ্য হ’ব৷ মঙলবাৰে কোনো এটা ঘটনা ঘটিব বুলি নিশ্চিত সম্ভাৱনা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও৷ দুয়োৰে ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত কৰি মঙলবাৰে অভিষেকলৈ ইডিৰ জাননী আহিল৷ এনে ঘটনাত অতীষ্ঠ হৈয়েই এদিন পূৰ্বে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ভাবুকি দিছিল৷ মমতা বেনাৰ্জীয়ে কৈছিল– ‘যদি কেন্দ্ৰই ৰাজ্যলৈ তদন্তকাৰী দল প্ৰেৰণ কৰে তেন্তে তেওঁ ৰাজ্য আৰক্ষীৰ দ্বাৰা কেন্দ্ৰীয় তদন্তকাৰী দলৰ বিষয়াক চমন জনাব, তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলাব৷ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায় যদিও কেন্দ্ৰীয় চৰকাৰৰ বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ বাবেই মমতাই এনে ভাবুকি দিয়া বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি ইডিয়ে তেওঁৰ পৰিয়ালকো স্পৰ্শ কৰাত মমতাই প্ৰত্যাক্ৰমণ কৰি উগ্ৰমূৰ্তি লোৱা বুলি চৰ্চা হৈছে৷

একেদৰেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা বাৰম্বাৰ হাৰাশাস্তিত অতীষ্ঠ হৈয়েই বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ পৰিয়ালৰ নাম লৈ ভাবুকি দিয়া বুলি চৰ্চা হৈছে৷ তেজস্বীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক প্ৰত্যাহ্বান জনাই কৈছে– তেওঁলোকৰ মাতৃ, পত্নী নাই নেকি? তেওঁলোকে অৱসৰ নল’ব নেকি? উল্লেখ্য, লালুপ্ৰসাদ যাদৱৰ কাৰ্যকালৰ ‘ভূমিৰ বিনিময়ত চাকৰি’ কেলেংকাৰি গোচৰত অলপতে চি বি আয়ে তেজস্বীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলাইছিল৷ এই ১৪ বছৰীয়া গোচৰত দীৰ্ঘদিন নিষ্ক্ৰিয় আছিল চি বি আই৷ এতিয়া নীতীশ কুমাৰে বিজেপিক আঁতৰাই আৰজেডিৰে জোঁট বান্ধি চৰকাৰ গঠন কৰাত আৰু তেজস্বী উপ-মুখ্যমন্ত্ৰী হোৱাত তেওঁ পুনৰ চি বি আইৰ লক্ষ্য হৈ পৰিছে৷ এয়া কেন্দ্ৰৰ অঘোষিত নিৰ্দেশতে সম্পন্ন হৈছে৷ সেয়ে ৰাজ্যত ক্ষমতা হাতত থকাত ভাবুকি দিছে তেজস্বী যাদৱে৷ যোৱা বুধবাৰে ‘ভূমিৰ বিনিময়ত চাকৰি’ কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে ২৭ স্থানত তালাচী চলাইছিল৷ চি বি আইৰ শীৰ্ষ সূত্ৰৰ মতে তেওঁলোকে তেজস্বীৰ নিৰ্মীয়মান মলৰ পৰা হাৰ্ডডিক্সত থকা  কেলেংকাৰিৰ গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰিছে৷ ফলত উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ গ্ৰেপ্তাৰ হ’ব পাৰে৷