Logo
image

এপিএছচি কেলেংকাৰি বৰুৱা কমিটীয়ে প্ৰতিবেদন দিব কেতিয়া

আমাৰ অসম, ৩১ আগষ্টঃ ৩১ আগষ্টত অৱসৰ ল’ব ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ জিষ্ণু বৰুৱাই অৱসৰ লোৱাৰ বিপৰীতে ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব আইএএছ বিষয়া পৱন বৰঠাকুৰে৷ কিন্তু কাইলৈ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ লোৱাৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ পুনৰীক্ষণ সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া এই মুহূৰ্তত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মাৰ আয়োগে ২০১৩ বৰ্ষৰ এ পি এছ চিৰ পৰীক্ষাত জালিয়াতিৰে বাছনি লাভ কৰা ৩৪জনকৈ এচিএছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়াক দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ উক্ত প্ৰতিবেদনৰ পুনৰীক্ষণ কৰি অভিযুক্তসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ব আৰু ২০১৩ বৰ্ষৰ সমগ্ৰ পৰীক্ষাটো বাতিল কৰিব লাগিব নেকি– এই বিষয়টো পৰীক্ষা কৰিবলৈ মুখ্য সচিবৰ নেতৃত্বত প্তজনীয়া কমিটী গঠন কৰিছিল কেবিনেটে৷ কিন্তু দুমাহৰ নিৰ্দিষ্ট সময়সীমা উকলি গ’ল যদিও প্ৰতিবেদন দাখিল কৰাত মুখ্য সচিবৰ কমিটীখন ব্যৰ্থ হৈছিল৷ শেহতীয়াকৈ পলমকৈ হ’লেও অৱসৰৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিবলৈ পদক্ষেপ হাতত লোৱা দেখা গৈছিল মুখ্য সচিব জিষ্ণু বৰুৱাক৷ কিয়নো জিষ্ণু বৰুৱাই অৱসৰ লোৱাৰ লগে লগে কমিটীখন ভংগ হৈ পৰিব আৰু নতুনকৈ গঠন কৰিব লাগিব৷ সেই অনুসৰিয়েই ন্যায়িক আয়োগৰ প্ৰতিবেদন পুনৰীক্ষণৰ বাবে কমিটীৰ অন্যতম সদস্য অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা তথা উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নলীন কোহলি মঙলবাৰে দিছপুৰত বৈঠকতো মিলিত হয়৷ আনকি গৃহ বিভাগে এপিএছচি কেলেংকাৰি গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰকো দিছপুৰলৈ তলব কৰা দেখা গ’ল৷ অৱশ্যে কাইলৈ মুখ্য সচিবে অৱসৰ ল’ব যদিও ন্যায়াধীশ বি কে শৰ্মাৰ প্ৰতিবেদনৰ চূড়ান্ত সিদ্ধান্তৰ সন্দৰ্ভত কাইলৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে৷