Logo
image

ছেপ্টেম্বৰত আৰু ১০ হাজাৰ নিযুক্তিৰ প্ৰস্তুতি চৰকাৰৰ

আমাৰ অসম, ৩১ আগষ্টঃ ৰাজ্যৰ নিবনুৱাসকললৈ আশাৰ বতৰা আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলৰ পাছতেই চলিত বৰ্ষৰ ছেপ্টেম্বৰত পুনৰ ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যত বৰ্তমান প্ৰায় ১২.৫০ লাখ নিবনুৱা আছে যদিও নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই দিয়া এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ ১০,০০০ চাকৰিত নিযুক্তি দিবলৈ সাজু হৈছে৷ ইতিমধ্যে  ৩০ হাজাৰ চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা পাছত পুনৰ ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডত ধনশ্ৰী নৈৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে৷ নিবনুৱাসকলক ভালদৰে পঢ়া-শুনা কৰিবলৈ আহ্বান জনাই ভাষণত মুখ্যমন্ত্ৰীয়ে কয়– ‘ৰাইজক কৈছিলো, আমাৰ চৰকাৰ আহিলে ৰ লাখ চাকৰি দিম৷ কিন্তু আমাক বিশ্বাস কৰা নাছিল৷ অলপতে বিধানসভাতো বিৰোধী কংগ্ৰেছে আমাক উপলুঙা কৰিছিল৷ ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পাছত ৩০ হাজাৰ চাকৰি দিলোঁ৷ ছেপ্টেম্বৰ মাহত পাঁচটা কমাণ্ডো বেটেলিয়নকে ধৰি আৰু ১০ হাজাৰ চাকৰি আমাৰ নিবনুৱা ল’ৰা-ছোৱালীৰ বাবে আগবঢ়াম৷ ইতিমধ্যে যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈ গ’ল তাৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ ডেকা ল’ৰা-ছোৱালীক চাকৰি দিম৷ আগতে চাকৰি পাবৰ বাবে ১০ লাখ-২০ লাখ টকা ঘোচ দিব লাগিছিল৷ এতিয়া গাঁৱৰ আটাইতকৈ দুখীয়া, ঠেলা-চালক, ৰিক্সা চালকৰ ল’ৰাই চৰকাৰী চাকৰি পাইছে৷ কেইদিনমান পূৰ্বে পদপথত চাকৰি বিক্ৰী কৰা ব্যক্তিৰ তিনিজন ল’ৰাই পুলিচৰ চাকৰি পাইছে৷ অসম এতিয়া পৰিৱৰ্তন হ’ল৷ টকা দি চাকৰি পোৱাৰ দিন নোহোৱা হ’ল৷ সেয়েহে এতিয়া ল’ৰা-ছোৱালীক ভালকৈ পঢ়িব লাগে৷