Logo
image

‘মোগলৰ যুঁজ’ত নামিল শাসক আৰু বিৰোধী

আমাৰ অসম, ৩১ আগষ্টঃ ৰাজ্যৰ ৰাজনীতি এতিয়া ‘মোগল’ প্ৰসংগক কেন্দ্ৰ কৰি৷ কংগ্ৰেছ সাংসদ আব্দুল খালেকে মোগলৰ শাসনকালক উচ্ছ প্ৰশংসা কৰাৰ উপৰি মোগলক লৈ গৰ্ব কৰি মন্তব্য দিয়াৰ পাছতে ‘মোগলৰ যুঁজ’ত নামিল শাসক-বিৰোধী৷ কংগ্ৰেছ সাংসদজনৰ বক্তব্যত অস্বস্তিত পৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–এতিয়া আমি ইতিহাসৰ পাতলৈ ঘূৰি গ’লে নহ’ব৷ আমি ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব৷ আগবাঢ়ি যাব লাগিব৷ ইতিহাস অধ্যয়ন কৰি বহি থাকিলে নহ’ব৷ সাংসদ আব্দুল খালেকৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–নিৰ্বাচন আহিলে এনে মন্তব্য কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে৷ নিৰ্বাচন আহিলেহে মোগললৈ মনত পৰে খালেকৰ৷ সাংসদ খালেকৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ তেওঁ কয়– মোগলপ্ৰেমীক সন্তুষ্ট কৰিবলৈ গৈ খালেকে ভাৰতীয় সনাতন-সংস্কৃতিত আঘাট হানিছে৷ সাংসদ খালেকৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে কয়–কংগ্ৰেছ মানেই মোগল হয় নে নহয় সেই সন্দৰ্ভত স্থিতি প্ৰকাশ কৰক কংগ্ৰেছে৷ খালেকে মোগল সন্দৰ্ভত কৰা বক্তব্য দুৰ্ভাগ্যজনক৷ কংগ্ৰেছে সদায় মোগলৰ পক্ষত কাম কৰে৷ সাংসদ খালেকৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কয়–ৰাম মন্দিৰ ভাঙি বাবৰি মছজিদ বনাইছে মোগলে৷ কামাখ্যা মন্দিৰ ভাঙিছে মোগলে৷ মোগলে ভাৰতৰ সংস্কৃতি ধবংস কৰিছে৷ মোগলে হিন্দুস্থানৰ আকাৰ দিছিল নিৰ্মাণ কৰিছিল লালকিল্লা বুলি বিস্ফোৰণ ঘটোৱা সাংসদ আব্দুল খালেকে মঙলবাৰে পুনৰ সংবাদ মাধ্যমৰ আগত কয়–মোগলক লৈ মই গৰ্বিত৷ ভাৰতৰ আকাৰ দিছিল মোগলে৷ লালকিল্লা, কুটুবমিনাৰ আদি মোগলৰে কৃতিত্ব৷ ইমান ঘৃণা থাকিলে লালকিল্লাৰ পৰা ত্ৰিৰংগা পতাকা উত্তোলন কৰে কিয়? মোগলসকলে হাড়ে হিমজুৱে ভাৰতৰে একাত্ম হৈ গৈছিল৷ সাংসদ খালেকৰ এনে বক্তব্যত তীব্ৰ পৰিক্ৰিয়া প্ৰকাশ কৰি বিজেপি বিধায়ক দিগন্ত কলিতাই কয়–আব্দুল খালেক মোগলৰ বংশধৰ৷ গতিকে তেওঁৰ ডি এন এ পৰীক্ষা কৰিব লাগে৷ মোগল সন্দৰ্ভত সাংসদ খালেকৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলিয়ে কয়–আব্দুল খালেকৰ হতাশগ্ৰস্ততা দেখি মোৰ পুতৌ জন্মিছে৷ তেওঁৰ মোগললৈ যে দৰদ কংগ্ৰেছৰ চৰকাৰ থকা সময়ত চৰৰ মানুহক মাটিৰ পট্টা দিবলৈ ব্যৱস্থা নল’লে কিয়? খালেকক উভতি ধৰি ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ড॰ মমিনুল আৱালে কয় যে সাংসদ খালেকৰ মোগল প্ৰীতিৰ বাবে কংগ্ৰেছ দল অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ যি সময়ত সৰ্বধৰ্ম সমভাৱক অগ্ৰাধিকাৰ দিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায়ে হাতে হাত ধৰি এক বিকশিত অসম তথা বিশ্বগুৰু ভাৰত নিৰ্মাণত ব্ৰতী হৈছে সেই সময়ত আব্দুল খালেক, কংগ্ৰেছ, এ আই ইউ ডি এফৰ সন্মিলিত শক্তিয়ে এনেদৰে আমাৰ সামাজিক-সাংস্কৃতিৰ বান্ধোনক বিনষ্ট কৰিবলৈ চেষ্টা চলোৱা অতিকৈ ধিক্কাৰজনক৷ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা খালেকৰ দৰে একাংশ নেতাই সংখ্যালঘু জনসাধাৰণৰ মাজত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰি সমাজখনক অস্থিৰ কৰি ৰাখিবলৈ সঘনাই অপচেষ্টাত লিপ্ত হোৱা দেখা যায়৷ কিন্তু শতাব্দীজোৰা ইতিহাস থকা খিলঞ্জীয়া মুছলমান সকলে খালেকৰ দৰে ব্যক্তিত্বক গুৰুত্ব নিদিয়ে৷ তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত জাতি জনগোষ্ঠীৰ ধৰ্ম নিৰ্বিশেষে এখন সুস্থিৰ সমাজ গঢ়ি উঠাতো প্ৰত্যক্ষ কৰিছে৷ সেয়ে ভাৰতীয় জনতা পাৰ্টিয়ে পৌৰসভা নিৰ্বাচনত শদিয়াৰ পৰা ধুবুৰীলৈকে ভিন ভিন জাতি জনগোষ্ঠী, ধৰ্মাৱলম্বী ৰাইজৰ আকুষ্ঠ সমৰ্থন লাভ কৰি ৮০ খন পৌৰসভাৰ ৭৭ খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ 

উমানন্দ মোগল জন্ম হোৱাৰ অযুত বছৰ আগতেই প্ৰতিষ্ঠিতঃ পবিত্ৰ মাৰ্ঘেৰিটা

আমাৰ সনাতন-পুৰাতন সংস্কৃতিৰ গৌৰৱোজ্বল প্ৰতীক উমানন্দ মোগল জন্ম হোৱাৰ অযুত বছৰ আগতেই প্ৰতিষ্ঠিত৷ কালিকা পুৰাণত ই বৰ্ণিত৷ গুপ্ত যুগৰ শেষৰ ছোৱাত শিলৰ স্থাপত্য নিৰ্মিত হৈছিল৷ লগতে জনাব বিচাৰিছোঁ যে হিন্দুস্তান, ইণ্ডিয়া বা ভাৰতবৰ্ষ, আমাৰ মাতৃভূমিক যি নামেৰেই নামাতক কিয় এই অখণ্ড ভাৰতবৰ্ষ মোগলে গঢ়া নাছিল৷ ইতিহাসে ঢুকি পোৱাৰ আগৰে পৰা মহাকাব্যিক যুগতে মহান ভাৰতবৰ্ষ বিশ্বগুৰুৰূপে প্ৰতিষ্ঠিত আছিল৷ ভাৰতত মোগলতো সৌ সিদিনাৰ৷ মোগলৰ আক্ৰমণত উমানন্দ বিধবস্ত হৈছিল৷ স্বৰ্গদেউ গদাধৰ সিংহই ইয়াৰ পুনৰ্নিৰ্মাণ কৰোৱাইছিল৷  মোৰ পৈতৃক ভেঁটিৰ ঘৰটোৰ কোঠা এটা খালেকে মোক দান দিছোঁ বুলি ক’লে যিদৰে হাস্যস্পদ হ’ব, উমানন্দ বা ঊৰ্ৱশী দ্বীপ সিদৰে কোনোবা চুলতান-নবাবে অসমবাসীক দান দিছে বুলিলে একেই কৌতুক হ’ব৷ ঊৰ্ৱশী বা ময়ূৰপঙ্খী দ্বীপ লুইতৰ বুকুত অনাদি কালৰে পৰা স্থিত৷ বহু সভ্যতা ওপজাৰ আগৰে পৰাই৷ কামৰূপৰে সম্পদ কামৰূপকে কোনোবাই কিদৰে দান কৰিব পাৰে? বুৰঞ্জীৰ বেদনাদায়ক পৃষ্ঠা মানুহে পাহৰিব বিচাৰে৷ জিজিয়া কৰ, বলপূৰ্বক ধৰ্মান্তকৰণ, লক্ষাধিক সনাতনী পীঠস্থানৰ ধবংসকৰণ, অসমৰ দৰে শান্তিপূৰ্ণ ৰাজ্যক বাৰম্বাৰ আক্ৰমণ, চুলটানৰ হেৰেমলৈ আমাৰ ৰমণী গাভৰুকে ধৰি হাজাৰ হাজাৰ কন্যাক বলপূৰ্বকভাৱে লৈ যোৱা কাৰ্যৰ কথা পতাতকৈ অৱশ্যে খালেকে কোৱাৰ দৰে কুটুব মিনাৰ, তাজমহলৰ কথা পতাই শ্ৰেয়৷ কাৰণ সিবোৰত সুন্দৰ স্থাপত্যৰ বাদেও আন প্ৰান্তৰ দৰে আমাৰ অসমৰ পৰা লৈ যোৱা সম্পদ বা ধনৰাশিও নিয়োজিত হৈ আছে৷ ইয়াত জাতি-ধৰ্ম নিৰ্বিশেষে লক্ষজনৰ ঘাম আৰু তেজ সমাহিত হৈ আছে৷  পিছে পাহৰিব খুজিলেও লাচিত-আতন কালৰ আলাবৈ ৰণত আক্ৰমণকাৰী মোগলৰ হাতত প্ৰাণ আহুতি দিয়া এক অযুত অসমীয়া সেনাৰ কথাহে দেখোন পাহৰিব নোৱাৰি৷ বেয়া নাপাব, আলাবৈক অসমীয়াই বুকুত ৰাখে৷ খালেক ডাঙৰীয়া, এতিয়া অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, ধৰ্ম-সম্প্ৰদায়ে হাতে হাত ধৰি এক বিকশিত অসম তথা বিশ্বগুৰু ভাৰত নিৰ্মাণত ব্ৰতী হৈছে৷ তেনে এক ইতিবাচক পৰিৱেশত মোগল- ৰোহিংগীয়া আদি প্ৰসংগেৰে সাম্প্ৰদায়িক বিষবাষ্প বিলোৱা কাৰ্য ধিক্কাৰজনক নহয়নে?  বৰ্তমান জনগণে ‘সবকা সাথ সব কা বিকাশ সবকা বিশ্বাস’ নীতিৰে আগুৱান৷ অনুগ্ৰহ কৰি সম্প্ৰীতি আৰু প্ৰগতিৰ এই যাত্ৰাত সনাতন সংস্কৃতিক অপমান কৰি, কেৱল ভোটৰ বাবে কংগ্ৰেছৰ স্বভাৱজাত আঁহফলা ৰাজনীতি কৰি পৰিৱেশ কলুষিত নকৰিব৷ অৱশ্যে বিগত নিৰ্বাচনসমূহত দেশী-গৰিয়া-মৰিয়া-জুলহা আদি খিলঞ্জীয়া ৰাইজে মিত্ৰজোঁটক আগবঢ়োৱা ব্যাপক সমৰ্থনে কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটক ত্ৰস্তমান কৰাটো তেনেই স্বাভাবিক৷ ৰোহিংগ্যাৰ বাবে সৰ্বোচ্ছ আৰু সৰ্বস্ব ত্যাগ কৰিবৰ বাবে অংগীকাৰ কৰাৰ স্বাধীনতা হয়তো আপোনাৰ আছে, মোগলৰ গুণানুকীত্তৰ্ন কৰাৰ অধিকাৰো আপোনাৰ নিশ্চয় আছে৷ অহা ২০২৬ চনৰ ২০ এপ্ৰিলত উজবেকিস্তানৰ পৰা আহি বাবৰে মোগল চুলটানেট প্ৰতিষ্ঠা কৰাৰ ৫০০ বছৰ পূৰ্ণ হ’ব৷ আপোনাৰ নেতৃত্বত কংগ্ৰেছ-এআইইউডিএফে উলহ মালহেৰে এই দিৱস উদযাপন কৰিব পাৰে৷ আমি পিছে হিমন্তবিশ্ব শৰ্মাৰ উদ্যোগত ২০২৬ত সুধাকণ্ঠৰ জন্ম শতবৰ্ষহে উদযাপন কৰিম, এইবছৰ মহাবীৰ লাচিতৰ ৪০০ বছৰ উদযাপন কৰাৰ দৰেই৷