Logo
image

ট্ৰেফিক ছিগ্‌নেলত থমকি ৰৈছে মুখ্যমন্ত্ৰীৰ কনভয়ো, তথাপি নিয়ম ভাঙিছে নেতা-বিধায়কে

আমাৰ অসম, ৩১ আগষ্টঃ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত গুৱাহাটীৰ এটা অংশত আৰম্ভ হৈছে নতুন ট্ৰেফিক ছিগনেল ব্যৱস্থা৷ স্বয়ংক্ৰিয় এই অত্যাধুনিক ট্ৰেফিক ছিগনেল  ব্যৱস্থাৰ সৈতে সংযোজিত হৈ আছে চিচিটিভি কেমেৰা৷ এই কেমেৰাৰ সহায়তে ট্ৰেফিক আইন উলংঘা কৰা যান-বাহনৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে ই-চালান ব্যৱস্থা৷ এই ই-চালান ব্যৱস্থাৰ জৰিয়তে আৰক্ষীয়ে সংগ্ৰহ কৰে জৰিমনা৷ গুৱাহাটী বাসীয়ে আৰম্ভণিৰে পৰা এই নতুন ট্ৰেফিক ব্যৱস্থা সম্পূৰ্ণ ৰূপে মানি চলা পৰিলক্ষিত হৈছে৷ বৰ্তমান কেবল নেপালী মন্দিৰৰ পৰা খানাপাৰা পৰ্যন্ত জি এছ ৰোডৰ ২০ টা পয়েণ্টত ব্যৱহাৰ হৈ আছে এই নতুন ট্ৰেফিক ছিগনেল  ব্যৱস্থা৷ কেবল সৰ্বসাধাৰণ লোকে নহয়, আনকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও গুৱাহাটীৰ ৰাজপথত ঘূৰা-ফুৰা কৰাৰ সময়ত সম্পূৰ্ণ ৰূপে মানি চলি আছে নতুন ট্ৰেফিক ছিগনেল৷ ট্ৰেফিক ছিগনেলৰ নিৰ্দেশ অনুসৰি বিভিন্ন ঠাইত ৰৈ যায় মুখ্যমন্ত্ৰীৰ কনয়ভয়৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই এই নতুন ট্ৰেফিক ছিগনেল  ব্যৱস্থা মানি চলি ঘুৰা-ফুৰা কৰিলেও তেওঁৰ দলৰে একাংশ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাই সকলোৰে চকুৰ সন্মুখতে উলংঘা কৰি আছে এই ট্ৰেফিক ব্যৱস্থা৷ ট্ৰেফিক ছিগনেলৰ নিৰ্দেশ অনুসৰি যি সময়ত সৰ্বসাধাৰণ লোক ৰাজপথত ৰৈ থাকে তেনে সময়তে একাংশ ৰাজনেতাই বিলাসী গাড়ী লৈ পাইলট এছকৰ্ট সহ তীব্ৰ জোৰেৰে ট্ৰেফিক ছিগনেল উলংঘা কৰি অহা যোৱা কৰি থকাটো এটা সহজলভ্য দৃশ্য হৈ পৰিছে গুৱাহাটীৰ ৰাজপথত৷ এইসকল ৰাজনেতা-মন্ত্ৰী-বিধায়ক, বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ উপাধ্যক্ষই আনকি চাইৰেন বজাইও ট্ৰেফিক আইন উলংঘা কৰি গুৱাহাটীৰ ৰাজপথত ঘূৰি-ফুৰি আছে৷ অথচ সাধাৰণ নাগৰিকৰে সামান্যতমো ট্ৰেফিক আইন উলংঘা কৰিলেই আৰক্ষীয়ে পিছ মুহূৰ্ততে জৰিমনা আদায় কৰাৰ ক্ষেত্ৰত অতি কঠোৰ স্থিতি প্ৰদৰ্শন কৰে৷ কিন্তু ট্ৰেফিক আইন উলংঘা কৰা মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰত আৰক্ষীৰ জৰিমনা সংগ্ৰহ কিমান দূৰ কাৰ্যকৰী হৈছে তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ আনহাতে নতুন ট্ৰেফিক ছিগনেল  ব্যৱস্থাক কেন্দ্ৰ কৰি গুৱাহাটীৰ ৰাজপথত বৃদ্ধি পাইছ অভাৱনীয় যান-জট৷ বহু সময়ত ট্ৰেফিক ছিগনেলত দীৰ্ঘ সময়ৰ বাবে ৰৈ থাকিবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে৷ গণেশগুৰি আজি সন্ধিয়া সময়খিনি অতি ভয়ংকৰ যান-জঁটত অতিষ্ঠ মানুহবোৰে অটোমেটিক ছিগনেল ব্যৱস্থাটোকে দোষিছে৷ এনেকুৱা জটিল সময়ত যান-বাহন আৰক্ষীয়ে নিজে নিয়ন্ত্ৰণ কৰিলে সুফল পাব ৰাইজে৷ বহু ঠাইত এই নতুন ট্ৰেফিক ব্যৱস্থাই সুফল দিছে৷ মানুহেও নিয়মবোৰ মানিবলৈ আৰম্ভ কৰিছে৷ কিন্তু গণেশগুৰি গণেশমন্দিৰ এই ঠাইখিনিত যানজঁট বাঢ়িছে৷ বিশেষকৈ গণেশমন্দিৰ পৰা গণেশগুৰি ফ্লাইঅভাৰলৈ যান-জঁট নকমে৷ হয়তো নতুনকৈ চিন্তা কৰিব লাগিব ছিগনেলৰ টাইম মেনেজমেণ্ট৷