Logo
image

দেৱাংগনাৰ জামিনৰ বিৰোধিতাক নাকচ উচ্ছতম ন্যায়ালয়ৰ

আমাৰ অসম, ৩১ আগষ্টঃ দুবছৰৰ পূৰ্বে নতুন দিল্লীত ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা পিঞ্জৰা তোড় আন্দোলনকাৰী দেবাংগনা কলিতাক দিল্লী উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ নিৰ্দেশ বাহাল ৰাখিছে উচ্ছতম ন্যায়ালয়ে৷ ন্যায়াধীশ অশোক ভূষণৰ দ্বাৰা গঠিত এজনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰি কয় যে দেবাংগনা কলিতা প্ৰভাৱশালী নহয় যে যাৰ বাবে তেওঁক জামিন প্ৰদান কৰিব নোৱাৰি৷ দেবাংগনাৰ ক্ষেত্ৰত যোৱা বছৰৰ ১৫ জুনত দিল্লী উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ নিৰ্দেশৰ ক্ষেত্ৰত কোনো অস্বাভাৱিকতা নাই৷ সেয়ে উক্ত নিৰ্দেশনা বাহাল থাকিব৷ অসমৰ জীয়ৰী দেবাংগনা কলিতাৰ জামিনৰ বিৰোধিতা কৰি উচ্ছতম ন্যায়ালয়ত দিল্লী উচ্ছ ন্যায়ালয়ৰ ৰায়ৰ প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ আপ চৰকাৰে৷ আপ চৰকাৰৰ মতে দেবাংগনা প্ৰভাৱশালী ব্যক্তি আৰু তেওঁ এই গোচৰৰ প্ৰমাণ নষ্ট বা সাক্ষীক প্ৰভাৱিত কৰিব পাৰে৷ উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে ইয়াৰ উত্তৰত কয় যে, এই গোচৰৰ অধিকাংশ সাক্ষী হৈছে আৰক্ষী আৰু অন্যান্যসকল সুৰক্ষিত৷ সেয়ে এই ক্ষেত্ৰত প্ৰভাৱশালী তত্ত্ব নাখাটে৷ উল্লেখ্য, ২০২০ চনত ‘কা’ৰ বিৰুদ্ধে উত্তৰ দিল্লীত হোৱা আন্দোলনত দেবাংগনা কলিতাই নেতৃত্ব গ্ৰহণ কৰিছিল৷ তেওঁলোকে পিঞ্জৰা তোড় নামেৰে চৰকাৰৰ বিৰুদ্ধে ‘কা’ৰ বলবৎকৰণৰ প্ৰতিবাদত শক্তিশালী আন্দোলন গঢ়ি তুলিছিল৷ জে এন ইউৰ ছাত্ৰী দেবাংগনাৰ উপৰি পিঞ্জৰা তোড় আন্দোলনকাৰী নাতাশ্বা নাৰৱাল, আছিফ ইকবাল টানহাক ইউ এ পি এৰ অধীনত অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷ এই আইনৰ অধীনত বিনাবিচাৰে দীৰ্ঘ সময় বন্দী কৰি ৰখাৰ বিধান থাকিলেও দেবাংগনাই সৌভাগ্যক্ৰমে জামিন লাভ কৰিলে৷