Logo
image

অভিযুক্ত চালকক ধৰোঁতে কপালৰ ঘাম পৰিল আৰক্ষীৰ

নতুন ট্ৰেফিক ছীষ্টেমৰ পোষ্ট ভাঙিলে ডাম্পাৰে

আমাৰ অসম, ৩১ আগষ্টঃ  ডাম্পাৰ চালকৰ দৌৰাত্ম্যত মহানগৰীবাসী অতিষ্ঠ হোৱাৰ সময়তে গুৱাহাটীৰ ছয়মাইলত আজি পুৱতি নিশা গুৰু গোসাঁই নমনা ডাম্পাৰ চালকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক ট্ৰেফিক চীষ্টেম প’ষ্ট ভাঙি চুৰমাৰ কৰে৷ অত্যাধুনিক ট্ৰেফিক চীষ্টেম প’ষ্টটো ভাঙি ডাম্পাৰসহ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ অৱশ্যে পিছত আৰক্ষীয়ে কপালৰ ঘাঁম মাটিত পেলাই চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱতি নিশা তীব্ৰ বেগেৰে অহা গুৰু গোসাঁই নমনা এ এছ-০১ ই চি-০৫৪১ নম্বৰৰ ডাম্পাৰখনে ছয়মাইল-ভি আই পি ৰোড সংযোগ স্থলীস্থিত অত্যাধুনিক ট্ৰেফিক চীষ্টেম প’ষ্টটোত  ডাম্পাৰেৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে৷ ডাম্পাৰৰ খুন্দাত অত্যাধুনিক ট্ৰেফিক চিগনেল প’ষ্টটো চুৰ্ণ-বিচুৰ্ণ হৈ পাৰে৷ কেইবা কোটি টকাৰ ট্ৰেফিক চীষ্টেম প’ষ্টটো ভাঙি তীব্ৰ বেগেৰে ডাম্পাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ডাম্পাৰে ট্ৰেফিক চিগনেল প’ষ্টটো ভঙাৰ সম্পূৰ্ণ দৃশ্য চি চি টি ভিৰ কেমেৰাত বন্দি হোৱাৰ পাছতো আৰক্ষীয়ে ডাম্পাৰ আৰু চালকৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰ হেঁচাত দিছপুৰ থানাৰ আৰক্ষীয়ে চি চি টি ভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি কপালৰ ঘাম মাটিত পেলাই অভিযুক্ত চালকজনক ধৰিবলৈ সক্ষম হয়৷ দিছপুৰ থানাৰ আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ডাম্পাৰখনকো জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত চালকজন হৈছে মুকালমুৱাৰ ৰামজুন আলী ৷ ইপিনে, জব্দকৃত ডাম্পাৰখনৰ স্বত্বাধিকাৰী চুলতান আলীক দিছপুৰ থানাত হাজিৰ হ’বলৈ আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে চালকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে কেইবাকোটি টকা ব্যয় কৰি ছয়মাইল-ভিআইপি ৰোডৰ সংযোগস্থলীত নতুনকৈ নিৰ্মাণ কৰিছিল ট্ৰেফিক ছিষ্টেম পষ্টটো৷ মন কৰিবলগীয়া বিষয় যে গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে মহানগৰীৰ জি এছ ৰোডত প্ৰাৰম্ভিক অৱস্থাত ২০ টা নতুন ট্ৰেফিক ছীষ্টেম প’ষ্ট নিৰ্মাণ কৰিছে৷ নিশাৰ ভাগতে গুৰু গোসাঁই নমনা সুৰাপায়ী ডাম্পাৰ আৰু ট্ৰাক চালকৰ দৌৰাত্ম্যত এই নতুন চিগনেল প’ষ্টসমূহ সুৰক্ষীত নহয় সেই কথা এই দুৰ্ঘটনাই প্ৰমাণ কৰিছে৷ ইপিনে, ডাম্পাৰ চালকজনে  ইচ্ছাকৃতভাৱে এই দুৰ্ঘটনাটো সংঘটিত কৰা বুলি খোদ আৰক্ষীৰ মাজতে সৰৱ চৰ্চা চলিছে৷