Logo
image

হৰ্ছট্ৰেডিঙৰ ভয়ত ঝাৰখণ্ডৰ বিধায়কক নিয়া হ’ল ৰায়পুৰলৈ

আমাৰ অসম, ৩১ আগষ্টঃ অৱশেষত ঝাৰখণ্ডৰ মহাজোঁট চৰকাৰৰ সকলো বিধায়কক নিজ ৰাজ্যৰ পৰা কংগ্ৰেছ শাসিত নিৰাপদ ৰাজ্য ছত্তিশগড়লৈ উৰুৱাই নিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ৷ মঙলবাৰে তেওঁ জেএমএম-কংগ্ৰেছ-আৰজেডিৰ জোঁট চৰকাৰৰ সকলো মন্ত্ৰী আৰু বিধায়কক নিজৰ চৰকাৰ ৰক্ষা কৰাৰ বাবে ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰলৈ চাৰ্টাৰ্ড বিমানৰ জৰিয়তে পঠিয়াই দিছে৷ মঙলবাৰ পৰ্যন্ত হেমন্ত ছোৰেণৰ ‘অফিচ অব্‌ প্ৰফিট’ অভিযোগত বিধায়কপদ খাৰিজ আৰু মুখ্যমন্ত্ৰী পদ হেৰুওৱা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই৷ অৱশ্যে বিৰোধী দল বিজেপিয়ে চাৰিদিন পূৰ্বৰে পৰা দাবী কৰি আছে, ইতিমধ্যে নিৰ্বাচন আয়োগে খনি আৱণ্টন কেলেংকাৰিৰ অভিযোগত হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ৰহস্যজনকভাৱে বন্ধ খামত এতিয়াও বন্দী হৈ আছে হেমন্ত ছোৰেণৰ ভাগ্য৷ যোৱা শুকুৰবাৰেই ৰাজ্যপাল ৰমেশ বাইছলৈ নিৰ্বাচন আয়োগে বন্ধ খামত ছোৰেণ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে জনাই পত্ৰ প্ৰেৰণ কৰিছিল৷ সেই সময়ত ৰাজ্যপাল নতুন দিল্লীৰ এইম্‌ছত চিকিৎসাধীন হৈ থকাৰ বাবে ৰাজ্যপালে কোনো সিদ্ধান্ত জনোৱা নাছিল৷ ইতিমধ্যে তেওঁ ৰাজ্যলৈ উভতি আহিছে যদিও মঙলবাৰ পৰ্যন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই৷ পিছে পৰিস্থিতি বিপজ্জনক হৈ পৰাৰ আশংকাত মঙলবাৰে জোঁট চৰকাৰৰ সকলো মন্ত্ৰী-বিধায়কক স্বয়ং মুখ্যমন্ত্ৰী ছোৰেণে ৰায়পুৰলৈ পঠিয়াই দিছে৷

সংখ্যাত ৫২জন বিধায়কৰ সমৰ্থন থাকিলেও ইতিমধ্যে বাস্তৱত দুজন কি তিনিজন বিধায়কৰ প্ৰকৃত সমৰ্থন নোহোৱা হৈছে ঝাৰখণ্ডৰ মহাজোঁট চৰকাৰৰ৷ এনে সময়তে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ ‘অফিচ অব প্ৰফিট’ৰ অভিযোগত বিধায়ক পদ খাৰিজ আৰু মুখ্যমন্ত্ৰীৰ আসন যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰাত ঝাৰখণ্ডৰ শাসনাধিষ্ঠিত দলে চৰকাৰ ৰক্ষা কৰিবলৈ ‘ৰিজৰ্ট পলিটিক্স’ৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ বিজেপিয়ে যাতে এই অস্থিৰতাৰ সুযোগ লৈ মহাজোঁট চৰকাৰৰ বিধায়ক ‘চিকাৰ’ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ হেমন্ত ছোৰেণ চৰকাৰে নিজদল জে এম এম আৰু কংগ্ৰেছৰ বিধায়কসকলক ‘নিৰাপদ ৰাজ্য’ ছত্তিশগড়ৰ পঞ্চতাৰকা হোটেল মে’ফেয়াৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়৷ ছত্তিশগড়ৰ ৰায়পুৰস্থিত মে’ফেয়াৰ হোটেলৰ সকলো আবাসীক ৰূম খালী কৰোৱাই সম্পূৰ্ণ হোটেলখন ‘বুক’ কৰি তাতে শাসনাধিষ্ঠিত মহাজোঁটৰ প্ৰায় ৫০ জন বিধায়কক ব্যৱস্থা কৰা হৈছে৷ মঙলবাৰৰ পৰা সকলোকে এই পঞ্চতাৰকা হোটেলতে ৰখা হ’ব৷ ইয়াৰ পূৰ্বে যোৱা শনিবাৰে মুখ্যমন্ত্ৰী ছোৰেণসহ মহাজোঁটৰ সকলো মন্ত্ৰী আৰু বিধায়ক নিজ ৰাজ্যৰে লাটৰাটু বান্ধত [ডাম] উপস্থিত হৈছিল৷ ঝাৰখণ্ডৰ খুণ্টি জিলাত থকা এই নদীবান্ধৰ বিশাল জলৰাশিত মুখ্যমন্ত্ৰী ছোৰেণে শনিবাৰে সকলো বিধায়কৰ সৈতে নাৱত উঠি জলকেলি কৰে৷ শনিবাৰে মহাজোঁটৰ বিধায়ক-মন্ত্ৰী লাটৰাটু নদীবান্ধৰ জলকেলি কৰি ‘জয় ৰাইড’ৰ অন্তত মুখ্যমন্ত্ৰী ছোৰেণসহ সন্ধিয়া পুনৰ ৰাঁচীলৈ উভতি আহে৷ অৱশ্যে বুধবাৰৰ পূৰ্বে তেওঁৰ ভাগ্য নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা কম৷

মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত হেমন্ত ছোৰেণে ৰাজ্যৰ খনি আবণ্টন নিজৰ পত্নীৰ নামত লৈছিল৷ সেই ঘটনা প্ৰমাণ হোৱাত নিৰ্বাচন আয়োগে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগিব বুলি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰমেশ বাইছলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি বিজেপিয়ে দাবী কৰি আছে৷ ৰাজ্যপাল ৰমেশ বাইছে নিৰ্বাচন আয়োগে বন্ধ খামত প্ৰেৰণ কৰা পত্ৰখন নৌখোলোতেই হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ হ’ব বুলি বহুলভাৱে প্ৰচাৰ চলিছে৷  জনপ্ৰতিনিধিত্ব আইনৰ ৯এ অনুচ্ছেদৰ অধীনত কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে নিজৰ বা পৰিয়ালৰ নামত চৰকাৰী ঠিকা বা সামগ্ৰী যোগানৰ ঠিকা আবণ্টন কৰিব নোৱাৰে৷ বিৰোধী দল বিজেপিৰ মতে হেমন্ত ছোৰেণে নিজৰ নামত কয়লা খনি আবণ্টনৰ বিষয়টো ইতিমধ্যে প্ৰমাণিত হৈছে৷ বিজেপিৰ ঝাৰখণ্ডৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ ৰায়ে হেমন্ত ছোৰেণৰ বিৰুদ্ধে এই অভিযোগ দিছিল৷ বিজেপিৰ দাবী, নিৰ্দিষ্ট প্ৰমাণ নিৰ্বাচন আয়োগৰ হাতত দাখিল কৰা হৈছিল৷ সেয়ে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰাটো নিশ্চিত৷ বিধায়ক পদ খাৰিজ হোৱাৰ লগে লগে হেমন্ত ছোৰেণে মুখ্যমন্ত্ৰীৰ পদবীৰ পৰা পদত্যাগ কৰিব লাগিব৷ অৰ্থাৎ ভাগি যাব ঝাৰখণ্ডৰ জে এম এম-কংগ্ৰেছৰ ইউ পি এৰ জোঁট চৰকাৰ৷ কিয়নো ছোৰেণৰ লগে লগে চৰকাৰৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব৷ অৱশ্যে সংখ্যা গৰিষ্ঠতা থকাৰ বাবেই জে এম এম-কংগ্ৰেছে পুনৰ ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷ ইতিপূৰ্বে কংগ্ৰেছৰ দুজন বিধায়কে বিজেপিৰ পৰা ধন লৈ ৰাজ্যলৈ ঘুৰি যোৱা অৱস্থাত পশ্চিমবংগত গ্ৰেপ্তাৰ হৈছিল৷ প্ৰকাশিত বাতৰি অনুসৰি তেওঁলোক গুৱাহাটীৰ পৰা এজন শীৰ্ষ বিজেপিৰ নেতাৰ সৈতে দল ভাঙি ওলাই অহাৰ কথা চূড়ান্ত কৰি উভতি গৈছিল৷ পশ্চিমবংগত কাৰাবন্দী হৈ থকা এই দুই বিধায়কক কংগ্ৰেছে নিলম্বিত কৰাত তেওঁলোক এতিয়া সংখ্যাত থাকিলেও বাস্তৱত মহাজোঁটত নাই৷ ছোৰেণে পদত্যাগ কৰিলে কোন হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী? প্ৰাথমিক জল্পনা-কল্পনা অনুসৰি হেমন্ত ছোৰেণ ব্যৱসায়ী পত্নী কল্পনা ছোৰেণ  হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী৷ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ কল্পনা ছোৰেণ শিক্ষিতা আৰু ব্যৱসায়ী হিচাপে বিবাহৰ আগৰে পৰা প্ৰতিষ্ঠিত৷ ৰাজনৈতিক পৰিয়ালৰ বোৱাৰী হ’লেও এতিয়ালৈকে তেওঁ ৰাজনীতিৰ পৰা দূৰত আছে৷ স্বামী হেমন্ত ছোৰেণৰ উপৰি শহুৰ শিবু ছোৰেণো আছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী৷ তথাপি তেওঁ এতিয়ালৈকে ৰাজনীতিত ভৰি থোৱা নাই৷ পিছে এইবাৰ চৰকাৰখন ছোৰেণ পৰিয়ালৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে কল্পনা ছোৰেণে ৰাজনীতিত ভৰি থব লাগিব, যিদৰে এসময়ত বিহাৰত লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰিত্ব এৰিবলগীয়া হোৱাত পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰী পাতিছিল৷ অৱশ্যে  কল্পনা ছোৰেণ ৰাবৰি দেৱীৰ দৰে নহয়, স্বৰূপাৰ্থতে যোগ্য৷ পিছে সেই কল্পনা ছোৰেণৰ কোম্পানীৰ নামত খনি আবণ্টন দিয়াৰ বাবেই হেমন্ত ছোৰেণে বিধায়ক পদ আৰু মুখ্যমন্ত্ৰিত্ব হেৰুৱাবলগীয়া হৈছে৷ সেই দিশৰ পৰা বিৰোধীৰ প্ৰৱল সমালোচনাৰ চিকাৰ হ’ব কল্পনা ছোৰেণ৷ অৱশ্যে বিধি অনুসৰি ছমাহৰ পাছত হেমন্ত ছোৰেণ পুনৰ নিৰ্বাচিত হৈ বিধায়ক হৈ আহিব পাৰিব৷ পিছে বিজেপিয়ে ঝাৰখণ্ডৰ চৰকাৰ ভাঙিবলৈ অভিসন্ধি ৰচনা কৰি থকাৰ সময়ত জে এম এম- কংগ্ৰেছ চৰকাৰ হেমন্ত ছোৰেণ অবিহনে কিমান দিন তিকি থাকিব পাৰিব সেয়া এতিয়া অনিশ্চিত৷