Logo
image

৩টাকৈ বিশাল অট্টালিকা কাৰ্যালয় হিচাপে লৈ নিগাজী বিজেপি

আমাৰ অসম, ৩১ আগষ্টঃ চকুৰ পচাৰতে গুৱাহাটীত নিৰ্মাণ হ’ল বিজেপি-আৰএছএছৰ তিনিটাকৈ পঞ্চতাৰকা হোটেলসদৃশ প্ৰাসাদোপম অট্টালিকা তথা সুবিশাল কাৰ্যালয়৷ ইয়াৰে দুটা ইতিমধ্যে মুকলি হোৱাৰ বিপৰীতে এটা আছে মুকলিৰ অপেক্ষাত৷ এমাহ পাছতেই মুকলি হ’ব তৃতীয়টো বিলাসবহুল কাৰ্যালয়ো৷ উল্লেখ্য, কোটি কোটি টকা ব্যয়েৰে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পহিলাতে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবাৰীত মুকলি হ’ল ৰাষ্ট্ৰীয়স্বয়ংসেৱক সংঘৰ কাৰ্যালয় ভৱন ‘সুদৰ্শনালয়’৷ প্ৰায় ৭০০ লোকৰ ব্যৱহাৰৰ উপযোগীকৈ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা ৬ মহলীয়া এই ভৱনটো পহিলা এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰে আৰএছএছৰ অখিল ভাৰতীয় কাৰ্যকাৰিনী সদস্য তথা জ্যেষ্ঠ প্ৰচাৰক সুৰেশ যোশীয়ে৷ ভৱন মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাস, ডাঃ ৰণোজ পেগু, অশোক সিংঘাল, চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, সাংসদ দিলীপ শইকীয়া, পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহুকেইজন মন্ত্ৰী-বিধায়ক তথা আৰএছএছৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল৷ আৰএছএছৰ অন্যতম প্ৰতিষ্ঠাপক ড॰ কেশৱ বলিৰাম হেডগেৱনৰৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো৷ আৰএছএছৰ সূত্ৰই জনোৱা মতে আভ্যন্তৰিন আন্তঃগাঁথনিসহ সুদৰ্শনালয় নিৰ্মাণত ৩০-৪০ কোটি টকা ব্যয় হৈছে৷ সুদৰ্শনালয় মুকলিৰ চাৰিমাহৰ পাছত যোৱাকালি উজানবজাৰত  মুকলি হ’ল উত্তৰ-পূব বিজেপিৰ কাৰ্যালয় ‘পদ্ম ভৱন’৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই সোমবাৰে উদ্বোধন কৰিলে জি+৪ এই সুবিশাল ভৱনটো৷ এই কাৰ্যালয়টোত অত্যাধুনিক ব্যায়ামাগাৰ, যোগাকক্ষ, পুথিভঁৰাল, ডকুমেণ্টৰী, আৰ্ট গেলাৰী আদিৰো ব্যৱস্থা আছে৷ পুথিভঁৰালটো আনন্দৰাম ঢেকীয়াল ফুকনৰ নামেৰে উৎসৰ্গিত হোৱাৰ লগতে বীৰ লাচিত বৰফুকন আৰু ইউ টিৰট সিঙৰ নামত আছে দুটাকৈ বৃহৎ আৰু অত্যাধুনিক সভাকক্ষ৷ কাৰ্যালয়টোত অভ্যাগতৰ বাবে চিয়াং, লগটক আৰু ভৈৰবী নামেৰ তিনিটা অত্যাধুনিক ছুইট নিৰ্মাণ কৰা হৈছে৷ চতুৰ্থ মহলাত আছে উত্তৰ-পূবৰ আঠ ৰাজ্যৰ ৰাজ্যিক সভাপতিসকলৰ কোঠা৷ কালি মুকলি হোৱা উজানবজাৰৰ পদ্ম ভৱনত বহি আজি বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ সভাপতি তথা বিষয়ববীয়াৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ বৈঠকত ২০২৩ৰ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন আৰু ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰসংগই স্থান পায়৷ ইফালে, মহানগৰীৰ বশিষ্ঠত মুকলিৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সৰ্ববৃহৎ ৭ মহলীয়া আটকধুনীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়৷ ১০০টা কোঠাযুক্ত বিশাল অট্টালিকাটো ৮ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব৷ ২০১৯ চনৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হোৱা এই ভৱনটোত পাৰ্কিঙত প্ৰায় ২০০ বাহন ৰাখিব পৰাৰ ব্যৱস্থা আছে৷ ভৱনটোৰ ইণ্টেৰিঅ’ৰ ডিজাইনিঙৰ কাম কৰিছে মুম্বাইৰ এটা প্ৰতিষ্ঠানে৷ উল্লেখ্য, বিজেপি-আৰএছএছে তিনিটাকৈ সুবিশাল অট্টালিকাৰে নিগাজী হ’ল গুৱাহাটীত৷ এই তিনিটা ভৱনত এশ কোটিৰো অধিক ধন ব্যয় কৰিছে গেৰুৱা দলটোৱে৷ বিজেপি-আৰএছএছৰ ৰাজ্যিক সদৰ নিগাজী হোৱাৰ পাছত এইবাৰ জিলা, মণ্ডল, বুথৰ কাৰ্যালয় আটকধুনীয়া তথা নিগাজীকৈ সজোৱাৰ কাম-কাজ আগবঢ়াইছে গেৰুৱা দলটোৱে৷ ইয়াৰ মাজতে বিৰোধীয়ে প্ৰশ্ন কৰিছে– মূল্যবৃদ্ধিয়ে কোঙা কৰা এই মহঙা দিনত পঞ্চতাৰকাসদৃশ আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ধন ক’ত পালে বিজেপি-আৰএছএছে৷