মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক অসমত
ইউএপিএৰ অধীনত ৰাজ্যত এবছৰত গ্ৰেপ্তাৰ ৯৫জনক
আমাৰ অসম, ৩১ আগষ্টঃ মহিলা-যুৱতীৰ বাবে যেন অলপো সুৰক্ষিত নহয় অসম৷ অসম আৰক্ষীয়ে মহিলা-যুৱতীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত ল’লেও এই মুহূৰ্তত মহিলাসকলৰ বাবে অসম সুৰক্ষিত বুলি ক’ব নোৱাৰি৷ কিয়নো নাৰীজনিত অপৰাধৰ হাৰে অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে অসমে৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে নাৰীজনিত অপৰাধৰ হাৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ প্ৰতিবেদন অনুসৰি নাৰীজনিত অপৰাধৰ তালিকাত অসমৰ হাৰ হৈছে ১৬৮.৩ শতাংশ৷ প্ৰতিবেদন অনুসৰি অসমৰ পাছতেই আছে দিল্লী৷ নাৰীজনিত অপৰাধৰ হাৰ দিল্লীত ১৪৭.৬ শতাংশ৷ অৱশ্যে সংখ্যাগত হিচাপত ২০২১ বৰ্ষত অসমত নাৰীজনিত অপৰাধৰ সংখ্যা হৈছে ২৯,০৪৬টা৷ ২০২০ বৰ্ষত এনে অপৰাধৰ সংখ্যা ২৬,৩৫২টা আছিল যদিও ২০২১ বৰ্ষত এই সংখ্যা প্ৰায় ৩ হাজাৰ বৃদ্ধি পায়৷ একেখন প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০২১ বৰ্ষত ৰাজ্যত ৪৭ গৰাকী মহিলা-যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷ তদুপৰি ১৯৮গৰাকী মহিলাক ডাইনী সন্দেহত হত্যা কৰাৰ বিপৰীতে ৮২ গৰাকী মহিলাক আত্মহত্যা কৰিবলৈও বাধ্য কৰোৱা হৈছিল৷ অতি উদ্বেগজনকভাৱে উক্ত বৰ্ষটোত ৰাজ্যত ১২,৯৬৪ গৰাকী মহিলাই স্বামী তথা স্বামীৰ পৰিয়ালৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈছে৷ আনহাতে ৫৮৬৬ গৰাকী মহিলা অপহৰণ, ১৮৩৫ গৰাকী মহিলা ধৰ্ষণ, ৪৫১ৰগৰাকী যৌন নিৰ্যাতন আৰু ৪৫৮গৰাকী চাইবাৰ ক্ৰাইমৰো বলি হৈছিল৷ এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি জাল নোটৰ প্ৰৱঞ্চনাৰ গোচৰৰ ক্ষেত্ৰতো অসম দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে৷ ২০২১ বৰ্ষত পশ্চিমবংগত সৰ্বাধিক ৮২টা জাল নোটৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে অসমত ৭৫টা গোচৰ ৰুজু হৈছে৷ আনহাতে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন অৰ্থাৎ ইউ এ পি আইনৰ গোচৰৰ ক্ষেত্ৰতো অসমে আন এক অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে৷ অসমত ইউ এ [পি] আইনৰ ধাৰাত ৯৫ জন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ জম্মু-কাশ্মীৰ, মণিপুৰৰ পাছতেই আছে অসম৷ উল্লেখ্য, শেহতীয়াকৈ আলফাৰ সমৰ্থনত ফেচবুকত প’ষ্ট দিয়া বহু কম বয়সীয়া যুৱক-যুৱতীক এই কঠোৰ আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ আনকি অসম আৰক্ষীয়ে ইউ এ [পি] আইনৰ ধাৰাৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উঠিছিল৷ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমত অতি উদ্বেগজনকভাৱে চাইবাৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে৷ ২০২০ বৰ্ষত অসমত ৩,৫৩০ টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২১ বৰ্ষত ইয়াৰ সংখ্যা ৪,৮৪৬টালৈ বৃদ্ধি পায়৷






