ডিমৰীয়াত সাধাৰণ ৰাইজ বিপৰ্যস্ত হ’ব
সম্প্ৰতি ডিমৰীয়াত আগন্তুক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ আমৰি কাৰ্বি জাতীয় সংগঠনসমূহৰ মাজত তীব্ৰ ক্ষোভ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, আমৰি কাৰ্বি জাতীয় সংগঠনসমূহে দীৰ্ঘদিন ধৰি ডিমৰীয়াত তিৱা পৰিষদীয় নিৰ্বাচনক বিৰোধিতা কৰি আহিছে৷ কিন্তু নিৰ্বাচন আয়োগে ১৭ ডিচেম্বৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ঘোষণা কৰাৰ পাছত আমৰি কাৰ্বিসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ পৰিষদীয় নিৰ্বাচনক লৈ এতিয়া ডিমৰীয়াত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে৷ চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যুদ্ধংদেহি মনোভাব লোৱাৰ বিপৰীতে আমৰি কাৰ্বি জাতীয় সংগঠনসমূহে নিৰ্বাচনত বাধা দিবলৈ উঠিপৰি লাগিছে৷ এতিয়া ডিমৰীয়াৰ সাধাৰণ জনতা দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণৰ লেখীয়া হৈ পৰিছে৷ নিৰ্বাচনক লৈ যোৱা কিছুদিন ধৰি ডিমৰীয়াত ধৰ্মঘট, শোভাযাত্ৰা, পথ অৱৰোধ, বন্ধ আদি কাৰ্যসূচীয়ে জনসাধাৰণক যথেষ্ট বিপাঙত পেলাইছে৷ ইতিমধ্যে, ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে সমানে সমানে প্ৰচাৰ কাৰ্যতো নামি পৰিছে৷ নিৰ্দলীয় প্ৰাৰ্থীসমূহেও প্ৰচাৰ কাৰ্যত নামি পৰিছে৷ আমৰি কাৰ্বিসকলৰ মতে ডিমৰীয়াত তিৱা লোকৰ সংখ্যা কম৷ তেনে পৰিপ্ৰেক্ষিতত কেনেদৰে সমষ্টি নিৰ্ধাৰণ কৰিলে? উল্লেখ্য, ডিমৰীয়াত তিৱা পৰিষদীয় নিৰ্বাচনৰ সমষ্টি হ’ল ছটা৷ সেইকেইটা হ’ল ক্ৰমে– ২৬নং ডিমৰীয়া, ৩২নং ডিগাৰু, ৩৩নং ক্ষেত্ৰী, ৩৪নং সোণাপুৰ, ৩৫নং আম্প্ৰী আৰু ৩৬নং ফং আৰি৷ কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টি অনুযায়ী ডিমৰীয়াত তিৱা লোকৰ সংখ্যা তালিকাত দেখুওৱা ধৰণৰ৷
উল্লেখিত ছটা সমষ্টিত মুঠ জনসংখ্যা হ’ল ৮৯,২২০জন আৰু তিৱা লোকৰ সংখ্যা হ’ল ৬,৮৭৪জন৷ আটাইতকৈ বেছি তিৱা লোক থকা সমষ্টিটো হ’ল ২৬নং ডিমৰীয়া সমষ্টি৷ সমষ্টিটোত তিৱা লোকৰ সংখ্যা ১,৭৭০জন [১৬.১৩%]৷ তিৱা কম বসতিপ্ৰধান সমষ্টিটো হ’ল ৩৩নং ক্ষেত্ৰী সমষ্টি৷ সমষ্টিটোত মুঠ জনসংখ্যা হ’ল ১৬,৩২৯জন আৰু তিৱা লোকৰ সংখ্যা হ’ল ৮০৯জন [৪.৯৫%]৷ উল্লেখ্য, সম্প্ৰতি শান্তিপূৰ্ণ ডিমৰীয়াত তিৱা পৰিষদীয় নিৰ্বাচনে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ ইংগিত বহন কৰিছে৷ সেয়েহে সময় থাকোঁতে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে ডিমৰীয়াৰ জনসাধাৰণ বিপৰ্যস্ত হোৱাৰ সম্ভাৱনাই অধিক৷
[লেখক সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক]
ফোনঃ ৮১৩৩৯-২১৬৭৮