Logo
image

দেশত প্ৰতিদিনে আত্মহত্যা কৰে ৪৫০জনে

২০২১ চনত ভাৰতত ১.৬৪ লাখ লোকৰ আত্মহত্যা, হতাশা-পাৰিবাৰিক কন্দল আৰু দুৰাৰোগ্য ৰোগ মূল কাৰণ

আমাৰ অসম, ৩১ আগষ্টঃ দেশত আত্মহত্যাৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ ধৰিছে৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ অৰ্থাৎ ‘এনচিআৰবি’য়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত ১.৬৪ লাখৰো অধিক লোকে আত্মহত্যা কৰে৷ এই সংখ্যা ২০২০ চনৰ তুলনাত ৭.২ শতাংশ বেছি৷ ২০২০ চনত এই সংখ্যা আছিল ১.৫৩ লাখ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত প্ৰতি বছৰে সাত লাখৰো অধিক লোকে আত্মহত্যা কৰে আৰু আত্মহত্যাৰ চেষ্টা চলোৱা লোকৰ সংখ্যা সাত লাখতকৈও বেছি৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৰ্তমান বিশ্বত মৃত্যু হোৱা ১৫-২৯ বয়সৰ ল’ৰা-ছোৱালীৰ মৃত্যুৰ চতুৰ্থটো সৰ্ববৃহৎ কাৰণ হৈছে আত্মহত্যা৷ কিন্তু ভাৰতত প্ৰতি বছৰে আত্মহত্যা কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাৰ বিষয়৷ যোৱা বৰ্ষত প্ৰতি দিনে ৪৫০জন লোকে ভাৰতত আত্মহত্যা কৰে৷ যাৰ ফলত এবছৰত ভাৰতত আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৬৪,০৩৩জন হয়৷ ২০১৭ চনত দেশত আত্মহত্যা কৰা লোকৰ সংখ্যা ১.২৯ লাখ আছিল৷ ২০১৭-২০২১ চনলৈ এই সংখ্যা ২৬ শতাংশ অধিক বৃদ্ধি পায়৷ কিন্তু কিয় আত্মহত্যা বাঢ়িছে দেশত? ইয়াৰ কাৰণ বেলেগ বেলেগ৷ বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি হতাশা, প্ৰেমত বিফলতা, পাৰিবাৰিক কন্দল আৰু স্বাস্থ্যজনিত কাৰণৰ বাবেও বহুতে এনে পথ গ্ৰহণ কৰে৷ কিন্তু এনচিআৰবিৰ তথ্য অনুসৰি আত্মহত্যাৰ মূল কাৰণ হৈছে পাৰিবাৰিক সমস্যা আৰু দুৰাৰোগ্য ৰোগ যেনে কৰ্কট, এইড্‌ছ আদি৷ কাৰণ যোৱা বছৰ আত্মহত্যা কৰাসকলৰ ৩৩ শতাংশ পাৰিবাৰিক সমস্যা আৰু ১৯ শতাংশ দুৰাৰোগ্য ৰোগত ভোগা লোক আছিল৷ এনচিআৰবিৰ তথ্য অনুসৰি দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰতে আত্মহত্যা হয়৷ দ্বিতীয় স্থানত তামিলনাডু, তৃতীয় স্থানত মধ্য প্ৰদেশ থাকে৷ দিল্লীত যোৱা বছৰ ২,৮৪০জন লোকে আত্মহত্যা কৰে৷ যোৱা বছৰ ১৮-৩০ বছৰৰ ৫৬,৫৪৩জনে, ৩০-৪৫ বছৰৰ ৫২,০৫৪জনে, ৪৫-৬০ বছৰৰ ৩০,১৬৩জনে আত্মহত্যা কৰে৷ ১৮ বছৰৰ কম ১০,৭৩২জনে আত্মহত্যা কৰে৷ আত্মহত্যা কৰা ৬৪ শতাংশ লোকৰ বাৰ্ষিক আয় এক লাখৰো কম আছিল, ৩২ শতাংশৰ আয় বছৰি এক-পাঁচ লাখৰ ভিতৰত আছিল৷