Logo
image

মহিলাৰ বাবে অধিক বিপজ্জনক দিল্লী

এনচিআৰবিৰ প্ৰতিবেদনঃ প্ৰতিদিনে দিল্লীত হয় দুজনী কিশোৰীৰ ধৰ্ষণ

আমাৰ অসম, ৩১ আগষ্টঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত মহিলাৰ বিৰুদ্ধে বৃদ্ধি হোৱা অপৰাধ চিন্তাৰ বিষয় হৈ পৰাৰ সময়তে নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ এনচিআৰবিয়ে প্ৰকাশ কৰা তথ্যই দিল্লীৰ এখন ভয়াৱহ ছবি উদঙাই দিছে৷ এনচিআৰবিৰ মতে মহিলাৰ বাবে দেশৰ ভিতৰত সবাতোকৈ অসুৰক্ষিত মহানগৰ হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী৷ এনচিআৰবিয়ে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন অনুসৰি দিল্লীত ২০২১ বৰ্ষত ১৩,৯৮২টা মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনাৰ গোচৰ ৰুজু কৰা হয়৷ গোচৰ ৰুজু নকৰাকৈয়ে বা কিমান ঘটনা লোকচক্ষুৰ আঁৰতে ৰৈ গৈছে তাৰ কোনো ঠিকনা নাই৷ এই সময়ছোৱাত দেশৰ মুঠ ১৯খন মহানগৰত ৪৩,৪১৪টা মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হয়৷ দিল্লীৰ পাছতে দ্বিতীয় অসুৰক্ষিত মহানগৰ হিচাপে পৰিগণিত হয় দেশৰ সপোননগৰী মুম্বাই৷ আনহাতে তৃতীয় স্থানত থাকে বেংগালুৰু৷ ২০২০ চনৰ তুলনাত ২০২১ চনত দিল্লীত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা ৪০ শতাংশ বৃদ্ধি পায়৷ ২০২০ চনত দিল্লীত এই সংখ্যা আছিল ৯,৭৮২টা৷ এই পৰিসংখ্যাবোৰ অতি চিন্তনীয়৷ দিল্লীত চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি ডাঙৰ ডাঙৰ দাবী কৰি অহাৰ সময়তে এনচিআৰবিৰ তথ্যই সেই দাবীত চেঁচা পানী ঢালিলে৷ আনহাতে, দিল্লীতে ২০২০ চনৰ তুলনাত ২০২১ চনত চাইবাৰ অপৰাধ ১১১ শতাংশ বৃদ্ধি পায়৷ এয়াও অতি চিন্তাৰ বিষয়৷ এনচিআৰবিৰ তথ্য অনুসৰি দিল্লীত প্ৰতিদিনে দুজনী কিশোৰী ধৰ্ষণৰ বলি হয়৷ ২০২১ চনত দিল্লীত মহিলা অপহৰণৰ ঘটনা ৩,৯৪৮টা, স্বামীৰ দ্বাৰা অত্যাচাৰৰ ঘটনা ৪,৬৭৪টা আৰু ধৰ্ষণৰ ৮৩৩টা গোচৰ ৰুজু কৰা হয়৷