Logo
image

বিশ্বৰ তৃতীয় ধনী ব্যক্তি গৌতম আদানি

আমাৰ অসম, ৩১ আগষ্টঃ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিসকলৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হ’ল ভাৰতৰ ব্যৱসায়ী গৌতম আদানি৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চককাৰৰ ‘ব্লু আইড বয়’ হিচাপে পৰিচিত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানি এতিয়া বিশ্বৰ তৃতীয় ধনীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ চলিত বৰ্ষত গৌতম আদানিৰ মুঠ সম্পত্তি ৬০.৯ বিলিয়ন ডলাৰ বৃদ্ধি পায়৷ যাৰ ফলত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৩৭.৪ শতাংশলৈ বৃদ্ধি পায়৷ এতিয়া তেওঁ আমেৰিকাৰ এলন মাস্ক আৰু জেফ বেজ’ছৰ পাছতে তৃতীয় স্থানত থাকে৷ ব্লুমবাৰ্গ বিলিয়নেয়াৰ্ছ ইনডেক্স অনুসৰি গৌতম আদানিয়ে ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নল্টক অতিক্ৰম কৰি তৃতীয় স্থান অধিকাৰ কৰে৷ এই প্ৰথমবাৰলৈ এছিয়াৰ কোনো এজন ব্যৱসায়ীয়ে ব্লুমবাৰ্গ বিলিয়নেয়াৰ্ছ ইনডেক্সত বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে এই তালিকাত এঘাৰ নম্বৰত আছে ভাৰতৰ এসময়ৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানী৷ আম্বানীতকৈ বহু তলত থকা গৌতম আদানিয়ে দেশ-বিদেশত ব্যৱসায়ৰ হাত প্ৰসাৰ কৰি মুকেশ আম্বানীক পিছ পেলাই এই সফলতা লাভ কৰে৷