Logo
image

আৰক্ষীক ফিট্‌নেছ টিপ্‌ছ দিলে ডিএছপি হিমাই

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ ‘ডি এছ পি’ পদত নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডি এছ পিৰ থ্ৰীষ্টাৰ খাকী পোছাকত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ ধিং এক্সপ্ৰেছ হিমা দাস৷ বাৰ্মিংহামৰ কমনৱেল্‌থ গেমছত প্ৰত্যকজনক প্ৰদৰ্শন কৰি সম্প্ৰতি অসমত ক্ষন্তেক আজৰি সময় কটোৱা হিমা দাসে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে উপস্থিত হয়গৈ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত৷ এনেদৰে খাকী পোছাকত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হিমা দাস উপস্থিত হোৱাৰ লক্ষ্য হৈছে– অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলক লৈ এটা এথলেটিকছ দল গঠন কৰা৷ খেলুৱৈগৰাকীক মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱাশিস শৰ্মাই আদৰণি জনায়৷ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আদৰণি গ্ৰহণ কৰি দৌৰবিদগৰাকীয়ে দেৰগাঁৱৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰা নৱনিযুক্ত ২১৪৮গৰাকী অসম আৰক্ষীৰ জোৱানক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ প্ৰশিক্ষণত জোৱানসকলৰ বিশেষকৈ মহিলা জোৱানসকলৰ সৈতে উৎসাহবৰ্ধক মতবিনিময় কৰে৷ বিভিন্নজন জোৱানৰ সৈতে কৰমৰ্দন কৰে৷ ভাল-বেয়াৰ বুজ লয়, প্ৰশিক্ষণত কেনে লাগিছে সোধে৷ সকলোৰে সৈতে অসম আৰক্ষীৰ প্ৰশিক্ষণৰ বিশেষ শ্লোগান দিয়ে৷ প্ৰশিক্ষণৰত অসম আৰক্ষীৰ জোৱানসকলক ফিটনেছ টিপ্‌ছ দিয়ে হিমা দাসে৷ তেওঁ কয় যে অচিৰেই অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলক একত্ৰিত কৰি নতুন এথলেটিকছ দলটো গঠন কৰা হ’ব৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি বুটলি অসম আৰক্ষীৰ ‘ডি এছ পি’ পদত নিযুক্তি পোৱা ৰাজ্যৰ আন খেলুৱৈসকলেও এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলি হিমা দাসে আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে ধিং এক্সপ্ৰেছ হিমা দাসে আজি দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হৰ্ছ ৰাইড কৰি আৰু হাতত বন্দুক লৈ ফটো শ্বে’ছনো কৰে৷ এই কাৰ্যসূচীৰ পিছতে হিমা দাসে অসম আৰক্ষীৰ বিভিন্ন বাহিনীত কৰ্মৰত এক বিশেষ খেলুৱৈৰ দলৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন ক্ৰীড়া সন্দৰ্ভত আলোচনাত মিলিত হয়৷ খেলুৱৈগৰাকীয়ে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ক্ৰীড়াৰ পৰিৱেশ তথা আন্তঃগাঁথনিৰ দিশসমূহো পৰ্যবেক্ষণ কৰে৷