Logo
image

আন এখন মাদ্ৰাছা ধূলিসাৎ

জেহাদীক আশ্ৰয়! যোগীঘোপা মাৰ্কাজুলত চলিল বুলড’জাৰ

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ গুৱাহাটীকে ধৰি ৰাজ্যৰ সৰ্বত্ৰ অব্যাহত আছে জেহাদীবিৰোধী অভিযান৷ এই অভিযানৰ অংশৰূপেই বুলড’জাৰ চলিছে এখনৰ পাছত আনখন মাদ্ৰাছাত৷ মুহূৰ্তৰ ব্যৱধানত ধূলিসাৎ হৈ গৈছে একোখনকৈ মাদ্ৰাছা৷ উল্লেখ্য, বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীস্থিত মাৰ্কাজুল মা আৰিফ আৰু ক্কাৰিয়ানা মাদ্ৰাছাখনত আজি বঙাইগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷ আজি পুৱা বঙাইগাঁও জিলা প্ৰশাসনে বৃহৎসংখ্যক আৰক্ষী-অৰ্ধসামৰিক বাহিনী লগত লৈ মাদ্ৰাছাখনত উপস্থিত হয়৷ উচ্ছেদৰ সময়ছোৱাত যাতে কোনোধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে তাৰ বাবেই মোতায়েন কৰে বৃহৎসংখ্যক আৰক্ষী-অদ্ধৰ্সামৰিক বাহিনীৰ জোৱান৷ একপ্ৰকাৰ এক যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয় মাদ্ৰাছাখনত৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঘেৰি ৰাখে মাদ্ৰাছাখনৰ চৌপাশ৷ তাৰ পাছতে পুৱা ৯ বজাত প্ৰশাসনে দহখনকৈ বুলড’জাৰ লগাই এফালৰ পৰা মাদ্ৰাছাখনত উচ্ছেদ অভিযান চলায়৷ উল্লেখ্য যে, ২৬ আগষ্টত জেহাদী কাৰ্যকলাপৰ লগত জড়িতৰ থকাৰ অভিযোগত উক্ত মাদ্ৰাছাখনৰ শিক্ষক মুফ্‌তি হাফিজুৰ ৰহমানক গোৱালপাৰা জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত শিক্ষক হাফিজুৰ ৰহমানে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা মাদ্ৰাছাখনৰ চৌহদত থকা জেহাদী হাফিজুৰ ৰহমান এখন দোকানত তালাচী চলাই কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ আৰক্ষীয়ে দোকানখনৰ পৰা এ বি টি অৰ্থাৎ আনচাৰুল বাংলা টীমৰ প্ৰচাৰ পত্ৰিকা আৰু একিউআইএছ তথা আল-কায়দাৰ ল’গো সম্বলিত কেতবোৰ বিতৰ্কিত সামগ্ৰী জব্দ কৰে৷ ইয়াৰ পাছতে কঠোৰ হৈ পৰে জিলা প্ৰশাসন৷ নিশাই জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত খালী কৰে ছাত্ৰাৱাস৷ জিলা প্ৰশাসনে উক্ত মাদ্ৰাছাখন ছাত্ৰসকলৰ বসবাসৰ অনুপযোগী বুলি বিভিন্ন কাৰণ দেখুৱাই উচ্ছেদৰ জাননী প্ৰেৰণ কৰে৷ জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পাছত স্থানীয় ৰাইজৰ সহযোগত মাদ্ৰাছাখনৰ কতৃৰ্পক্ষই নিশাই এটি বাসগৃহ ভাঙি পেলায়৷ ইপিনে আজি পুৱা জিলা প্ৰশাসনে দহখন বুলড’জাৰৰ সহযোগত মাদ্ৰাছাখনৰ দুমহলীয়া ছাত্ৰাবাসৰ লগতে অন্যান্য বাসগৃহ ভাঙি পেলায়৷ মাদ্ৰাছাখনৰ উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ উল্লেখ্য যে, ১৯৮৫ চনত স্থাপন কৰা মাদ্ৰাছাখনত ২০১৪ চনত শিক্ষক হিচাবে যোগদান কৰিছিল জেহাদী মুফ্‌তি হাফিজুৰ ৰহমানে৷ এক দীৰ্ঘসময় ধৰি শিক্ষকতা কৰা হাফিজুৰ ৰহমানে আনচাৰুল বাংলা টীম আৰু আল-কায়দাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি চলিছিল৷ শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা একাংশ জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মাদ্ৰাছাখন উচ্ছেদ কৰে প্ৰশাসনে৷

যোগী আদিত্যনাথেও মাদ্ৰাছাৰ উন্নয়নৰ কাম কৰিছেঃ খালেক

জেহাদীৰ কাম-কাজ চলোৱাৰ অভিযোগত বুধবাৰে বঙাইগাঁও জিলা প্ৰশাসনে যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ আৰু কাৰিয়ানা মাদ্ৰাছাত উচ্ছেদ অভিযান চলাই৷ মুফতি হাফিজুল ৰহমান নামৰ জেহাদীজনে মাদ্ৰাছাখনত শিক্ষকতা কৰাৰ অভিযোগতে উচ্ছেদ চলাই প্ৰশাসনে৷ কিন্তু প্ৰশাসনৰ এই মাদ্ৰাছা উচ্ছেদৰ বিৰোধিতা কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে৷ বুধবাৰে গুৱাহাটীত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ সাংসদ খালেকে কয়– যোগী আদিত্যনাথেও মাদ্ৰাছা আধুনিকীকৰণৰ বাবে কাম হাতত লৈছে৷ কিন্তু ইয়াৰ বিপৰীতে অসমত মাদ্ৰাছাক উচ্ছেদত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ প্ৰশাসনে মাদ্ৰাছত বুলড’জাৰ চলোৱাক প্ৰত্যাহ্বান জনাইছো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছগিৰি দেখুৱাবলৈ এই কাম কৰিছে৷ সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷  জমিয়ত উলেমাৰ তঞ্জীম বৰ্ডৰ দায়িত্বত আছে বদৰুদ্দিন আজমল৷ জমিয়ত উলেমাৰ অন্তৰ্গত মাদ্ৰাছাত যদিহে কিবা কেৰোণ আছে তেনেহ’লে ইয়াৰ বাবে দায়ী আজমল৷ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ ৰিম’ৰ্ট কণ্ট্ৰ’লত চলে৷ আজমলে সেইবাবে মাদ্ৰাছা উচ্ছেদ দেখিও এইক্ষেত্ৰত কোনো মাত মতা নাই৷