Logo
image

নিৰ্যাতিতা জয়মালাৰ বাবে কান্দিছে অসমে

অনুৰোধ সত্ত্বেও মন্দিৰ কতৃৰ্পক্ষই কৰা নাই হস্তান্তৰ

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ অসমৰ জয়মালাৰ আৰ্তনাদে ৰাজ্যৰ লগতে সমগ্ৰ দেশৰে পশুপ্ৰেমীসকলক কন্দুৱাই তুলিছে৷ সুদূৰ তামিলনাডুত নিতৌ মাউতৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে অকলশৰীয়া জয়মালাই৷ তামিলনাডু চৰকাৰৰ গুৰুত্বহীনতা তথা অসহযোগিতাৰ বাবেই অসমৰ জয়মালা ওৰফে জেয়মাল্যতা নামৰ ১৯ বছৰীয়া মাইকী হাতীজনীৰ আজিও মুক্তিৰ পথ প্ৰশস্ত হোৱা নাই৷ যাৰ বাবে প্ৰতিদিনেই তামিলনাডুৰ শ্ৰীভিল্লীপুত্তুৰ নাছিয়াৰ থিৰুকোভিল মন্দিৰ কতৃৰ্পক্ষই জয়মালাক এৰি দিবলৈ অস্বীকাৰ কৰাত ১৯ বছৰীয়া দুৰ্ভগীয়া হাতীজনীয়ে মাউতৰ নিৰ্যাতন সহ্য কৰি থাকিবলগীয়া হৈছে৷ অসমৰ পৰা ৬ মাহৰ বাবে লীজত নি প্ৰায় ১৩ বছৰ ধৰি অবৈধভাৱে তামিলনাডুত বন্দী কৰি জয়মালা নামৰ হাতীজনীক মাউতে অত্যাচাৰ চলোৱা সম্পৰ্কীয় বাতৰি ‘আমাৰ অসম’ কাকতে পোহৰলৈ অনাৰ পাছতেই ৰাজ্যৰ পশুপ্ৰেমী লোকসকল জয়মালাৰ সমৰ্থনত থিয় দিছে৷ আনকি জয়মালাক অসমলৈ ঘূৰাই অনাৰ বাবে গুৱাহাটীত উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো যো-জা চলাইছে একাংশ হূদয়বান লোক৷ কিন্তু অসমৰ এজনী হাতীক অবৈধভাৱে তামিলনাডুৰ এটা মন্দিৰত বন্দী কৰি মাউতে নিৰ্মম অত্যাচাৰ চলোৱা ভিডিঅ’ আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন ‘পেটা’ই ৰাজহুৱা কৰাৰ পাছতো আজিলৈকে অসমৰ বন বিভাগে হাত সাৱটি বহি থকাহে দেখা গৈছে৷ অৱশ্যে জয়মালাৰ উদ্ধাৰৰ ক্ষেত্ৰত অসমৰ বন বিভাগৰ দায়িত্বহীনতাক লৈ বিভিন্নজনে সমালোচনা কৰাৰ পাছত এইবাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বাধীন বন বিভাগে তামিলনাডু চৰকাৰলৈহে দোষ ঠেলি দায় সৰাৰ চেষ্টা চলোৱাৰ পৰাও বাদ পৰা নাই৷ ইয়াৰ মাজতে শেহতীয়াকৈ হ’লেও জয়মালাক ঘূৰাই অনাৰ বাবে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ দিছে অসম চৰকাৰৰ বন বিভাগে৷ উল্লেখ্য, ২০০৮ চনতে মাত্ৰ ছমাহৰ বাবে তামিলনাডুৰ শ্ৰী ভিল্লীপুত্তুৰ নাচিয়াৰ থিৰুকোভিল মন্দিৰলৈ লীজত নিয়া অসমৰ হাতীজনীৰ সুদীৰ্ঘ ১৩ বছৰ ধৰি অবৈধভাৱে মন্দিৰতে ৰখা হৈছে৷ লীজ উকলি যোৱাৰ পাছতো এটা সম্পূৰ্ণ দশক ধৰি মাউতৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈ আহিছে জয়মালা ওৰফে জেয়মাল্যতাই৷ ডিঙি আৰু ভৰিত শিকলি লগাই বান্ধি থোৱা অৱস্থাত মাউতে জয়মালাক নিৰ্মম অত্যাচাৰ কৰাৰ দুটাকৈ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছিল৷ জয়মালক নিষ্ঠুৰভাৱে নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাত আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী সংস্থা পেটা ইণ্ডিয়াৰ হস্তক্ষেপত তামিলনাডুৰ বন বিভাগে শেহতীয়াকৈ নিৰ্যাতনকাৰী মাউতজনক গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতেই মন্দিৰ কতৃৰ্পক্ষই জয়মালাক চোৱাচিতাৰ বাবে মাউত সলনি কৰে যদিও নতুন মাউতজনৰো নৃশংসতাৰ অন্ত নপৰিল৷ পুনৰ জয়মালাক নতুন মাউতজনে অত্যাচাৰ চলোৱা আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ এই সন্দৰ্ভত পশুপ্ৰেমী সংস্থা পেটাই মাউতজনৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰিছে৷ পেটাই অভিযোগ কৰিছে জয়মালাক মাউতে লৰচৰ হ’ব নোৱাৰাকৈ চাৰিওটা ঠেঙতে শিকলিৰে ১৬ ঘণ্টা পৰ্যন্ত বান্ধি থৈ বেয়াকৈ মাৰধৰ কৰিছে৷ যাৰ ফলত জয়মালাৰ ছালত ঘাঁ সৃষ্টি হৈছে৷ ইফালে পেটা ইণ্ডিয়াই অসম চৰকাৰৰ বন বিভাগক হাতীজনীক অসমলৈ ঘূৰাই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ৩ান জনাইছে৷ জয়মালাৰ প্ৰকৃত গৰাকী হৈছে অসমৰ তিনিচুকীয়া জিলাৰ গিৰীণ মৰাণ নামৰ এজন ব্যক্তি৷ অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে তামিলনাডু চৰকাৰে জয়মালাক ঘূৰাই নিয়াৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ তদানীন্তন মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] ৰঞ্জনা গুপ্তালৈ চিঠি লিখিছিল যদিও সেই সময়ত অসমৰ বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত অসম চৰকাৰৰ বৰ্তমানৰ মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] এম কে যাদৱে সংবাদ মাধ্যমক প্ৰকাশ কৰা মতে– শেহতীয়াকৈ তামিলনাডুৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে জয়মালাক চমজি লোৱাৰ সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছিল৷ কিয়নো নিয়ম অনুসৰি মন্দিৰ কতৃৰ্পক্ষৰ পৰা প্ৰথমে তামিলনাডুৰ বন বিভাগে হাতীজনীক নিজৰ দখললৈ আনিব লাগিব৷ তামিলনাডুৰ বন বিভাগেহে হাতীজনীক অসম চৰকাৰৰ হাতত দিব লাগিব৷ অন্যথা পোনে পোনে অসম চৰকাৰে হাতীজনী আনিবলৈ গ’লে চুৰিৰ গোচৰ ৰুজু হ’ব৷ হাতীজনী হস্তান্তৰৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে আমাক সকলো খৰচ বহন কৰিবলৈ অনুৰোধ কৰিছিল৷ অসম চৰকাৰে তেওঁলোকক খৰচৰ বাবদ ৫ লাখ আদায় দিয়াৰ বাবেও সাজু আছে৷ কিন্তু মন্দিৰ কতৃৰ্পক্ষই হাতীজনীক মুকলি কৰি দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰা নাই৷ তামিলনাডুত বন্দী হৈ থকা জয়মালাকে ধৰি মুঠ ৬টা হাতী হস্তান্তৰ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি অসমৰ বন বিভাগৰ মুৰব্বীজনে তামিলনাডু চৰকাৰৰ অসহযোগিতাৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ’ব বুলিও প্ৰকাশ কৰিছে৷ ইফালে, জয়মালা নামৰ হাতীজনীৰ গৰাকী তিনিচুকীয়াৰ গিৰীণ মৰাণে অসম চৰকাৰে হাতীজনীক ঘূৰাই অনাৰ ব্যৱস্থা কৰিলে তেওঁ পুনৰ জয়মালাক চমজি ল’বলৈ সাজু বুলিও সদৰী কৰিছে৷ ঘৰচীয়া হাতীক কামত লগোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ  বাবেই ঠিকাদাৰৰ জৰিয়তে জয়মালাক লীজত দিছিল বুলিও গিৰীণ ফুকনে জানিবলৈ দিছে৷ অৱশ্যে জয়মালাৰ নিৰ্যাতনৰ ছবি সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে মুখ্যমন্ত্ৰী কাৰ্যালয়ে জয়মালাক উদ্ধাৰৰ বাবে আইনী ব্যৱস্থা হাতত লোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷