Logo
image

আধাৰশিলা স্থাপন কৰিব কোনে? নন্দিতাক পিছ পেলাই কুইনৰ বাজীমাৎ

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ আধাৰশিলা স্থাপন কৰিব কোনে? এই প্ৰশ্নক কেন্দ্ৰ কৰি বকো বিধানসভা সমষ্টিৰ ৰাজনৈতিক বতাহ কাৰ্যতঃ উত্তপ্ত হৈ পৰিছে৷ এই প্ৰশ্নৰ গইনা লৈয়েই কাৰ্যতঃ দুটা শিবিৰৰ মাজত চলা অঘোষিত যুদ্ধই ৰাইজক হতভম্ব কৰিছে৷ এই যুঁজৰ যুঁজাৰু দুগৰাকী৷ এগৰাকী নন্দিতা দাস– বকো সমষ্টিৰ কংগ্ৰেছ বিধায়িকা৷ আনগৰাকী কুইন ওজা– গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি সাংসদ৷ বকো বিধানসভা সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত৷ সেইবাবেই শাসক দলৰ সাংসদ হিচাপে বকো অঞ্চলৰ বিভিন্ন সামাজিক আৰু উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত স্বাভাৱিকতে অগ্ৰাধিকাৰ পোৱাটো কামনা কৰে কুইন ওজাই৷ ইফালে, বকোৰ বিধায়িকা নন্দিতা দাসো নাচোৰবান্দা৷ সাংসদ যিয়েই নহওক, বিধায়িকা তেওঁ৷ গতিকে তেওঁৰ সমষ্টিৰ যিকোনো সামাজিক আৰু উন্নয়নমূলক কাম-কাজত আটাইতকৈ বেছি গুৰুত্ব পাবলগীয়া মানুহগৰাকী হৈছে তেওঁ৷ এই প্ৰসংগক কেন্দ্ৰ কৰি দীৰ্ঘদিনে একপ্ৰকাৰ শীতল যুদ্ধই চলি আছে কুইন ওজা আৰু নন্দিতা দাসৰ মাজত৷ এই যুদ্ধৰ বহিঃপ্ৰকাশ ঘটিল শেহতীয়াভাৱে৷ মঙলবাৰে বকো বিধানসভা সমষ্টিৰ জামলাই বিদ্যানগৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ কুইন ওজাই৷ সাংসদ কুইন ওজাক সংগ দিয়ে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে৷ সাংসদ কুইন ওজাই আধাৰশিলা স্থাপন কৰাৰ এঘণ্টা পাছত লৰালৰিকৈ সেই স্থানত উপস্থিত হয় বিধায়িকা নন্দিতা দাস৷ সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰা ফলকত বগা কাপোৰ মেৰিয়াই সেই আধাৰশিলাটোকে পুনৰ স্থাপন কৰে বিধায়িকা নন্দিতা দাসে৷ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপনক লৈ সাংসদ-বিধায়কৰ মাজত চলা এনে অঘোষিত যুঁজক লৈ নাক কোঁচাইছে সচেতন মহলে৷ ইফালে, আধাৰশিলা স্থাপনপৰ্ব সমাপন কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদ কুইন ওজা৷ সাংসদগৰাকীৰ মতে অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতি পোহৰলৈ অহাত তেওঁৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে৷ কুইন ওজাৰ মতে, অহাবাৰ দিল্লীত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত৷ সাংসদগৰাকীৰ মতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বকোৰ জামলাই বিদ্যানগৰ অঞ্চলতো আছে অবৈধ বাংলাদেশী৷ এই অঞ্চলত থকা অবৈধ বাংলাদেশীক সমৰ্থন নকৰিবলৈ ৰাইজক আহ৩ান জনায় সাংসদগৰাকীয়ে৷ তেওঁৰ মতে, নিশা হ’লেই জামলাইলৈ গৰৈমাৰীৰ পুলিচ নাযায়৷ কাৰণ তাত থকা চোৰ-ডকাইতলৈ ভয় কৰে আৰক্ষীয়ে৷ কোৱা বাহুল্য যে আধাৰশিলা স্থাপনকে ধৰি বিভিন্ন ক্ষেত্ৰত বকো সমষ্টিত বিজেপিৰ সাংসদ আৰু কংগ্ৰেছৰ বিধায়িকাৰ মাজত অব্যাহত থকা অঘোষিত যুদ্ধই ৰাইজক তিক্ত-বিৰক্ত কৰিছে৷ আনদিনাৰ কথা বাদ, মঙলবাৰে কিন্তু এই যুঁজত নন্দিতা দাসক পিছপেলাই বাজীমাৎ কৰিলে কুইন ওজাই৷ কিয়নো, নন্দিতা দাসে আধাৰশিলা স্থাপন কৰাৰ এঘণ্টা পূৰ্বেই আধাৰশিলা স্থাপনপৰ্ব সমাপন কৰিলে কুইন ওজাই৷ এই প্ৰসংগই এতিয়া বকোকে ধৰি বিভিন্ন ঠাইত ৰাইজৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷