Logo
image

যাগ-যজ্ঞৰে পাম অইল বাণিজ্যৰ প্ৰসাৰ ৰামদেৱৰ

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ দেশৰ পৰিৱেশবিদৰ সকলো সকিয়নী আওকান কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পাম গছৰ খেতি ক্ৰমাৎ বৃদ্ধি কৰি যোৱা অৰুণাচল প্ৰদেশত বুধবাৰে বাবা ৰামদেৱ মালিকানাধীন পতঞ্জলি ফুড্‌ছ লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাম অইল প্ৰছেচিং কাৰখানাৰ আধাৰশিলা স্থাপন কৰে৷ যোগগুৰু হৈয়ো ‘মাল্টি বিলিয়নিয়াৰ’ উদ্যোগপতি বাবাত পৰিণত হোৱা ৰামদেৱৰ পৃষ্ঠপোষকতাত এই কাৰখানাৰ আধাৰশিলা স্থাপন কৰে পতঞ্জলিৰ চিইঅ’ আচাৰ্য বালকৃষ্ণই৷ ভূমি পূজনৰ দ্বাৰা কাৰখানাৰ আধাৰশিলা স্থাপন কৰি বালকৃষ্ণই কয় যে ইতিহাস ৰচনা কৰি অৰুণাচল প্ৰদেশত জৈৱিক পদ্ধতিৰে পাম খেতি কৰি পাম অইল উৎপাদন কৰা হ’ব৷ এই পাম খেতিত জড়িত কৰোৱা হ’ব ৰাজ্যখনৰ ২৫ শতাংশ কৃষকক৷ অনুষ্ঠানত উপস্থিত থকা অৰুণাচল প্ৰদেশৰ কৃষি আৰু পশুপালন মন্ত্ৰী টাগে টকিয়ে কয় যে ৰাজ্যখনৰ ৪০ হাজাৰ হেক্টৰ ভূমিত পাম খেতি কৰা হ’ব৷ মন্ত্ৰী টাগে টকিয়ে অসমৰ বাসিন্দাকো পাম খেতি কৰিবলৈ আহ্বান জনায়, যাতে কেঁচা সামগ্ৰী অৰুণাচলৰ পূব ছিয়াং জিলাৰ নিগলেক উদ্যোগিক অঞ্চলত নিৰ্মাণ হ’বলগীয়া কাৰখানালৈ যোগান ধৰিব পাৰে৷ উল্লেখ্য, পতঞ্জলিৰ উদ্যোগত ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু হলাংগিত দুখন পাম গছৰ নাৰ্ছাৰী স্থাপন কৰা হৈছে৷ নামনি ছিয়াং জিলাৰ খেৰাম, এফটিচি আৰু দীপাত পতঞ্জলিয়ে আৰু তিনিখন নাৰ্ছাৰী স্থাপন কৰিব৷ পতঞ্জলি ফুড্‌ছে ৰাজ্যখনত ৩৮,০০০ হেক্টৰ ভূমিত পাম গছৰ খেতি কৰিব৷

নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘নেশ্বনেল মিছন অন ইডিবল অইল্‌ছ-অইল পাম’ বা চমুকৈ ‘এনএমইঅ’-অপ’ প্ৰকল্পৰে বলীয়ান হৈয়েই পতঞ্জলিয়ে সমগ্ৰ দেশৰ লগতে ঘাইকৈ উত্তৰ-পূৰ্বাঞ্চলত ৫ লাখ হেক্টৰ ভূমিত পাম খেতি কৰিবলৈ পৰিকল্পনা কৰিছে৷ বিগত বছৰৰ ১৮ আগষ্টত মোদী চৰকাৰে এই ১১,০৪০ কোটিটকীয়া প্ৰকল্প ঘোষণা কৰিছিল৷ এই প্ৰকল্পৰ পৰা অধিক সুযোগ গ্ৰহণ কৰিছে স্বাভাৱিকভাৱেই বিজেপিৰ কৃপাধন্য ৰামদেৱৰ পতঞ্জলিয়ে৷ পতঞ্জলি ফুড্‌ছে ভৱিষ্যতে বছৰি ৭.৫ লাখ টন পাম তেল উৎপাদনৰ পৰিকল্পনা কৰিছে য’ৰ পৰা দেশৰ ১০,৫০০ কোটি টকাৰ বিদেশী মুদ্ৰা ৰাহি হ’ব৷ পতঞ্জলি ফুড্‌ছৰ সম্প্ৰতি দেশৰ ১১খন ৰাজ্য ক্ৰমে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, গুজৰাট, ওড়িশা, তামিলনাডু, ছত্তিশগড়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম আৰু অসমৰ মুঠতে ৫৫খন জিলাত পাম গছৰ খেতি আছে৷

প্ৰসংগতঃ পাম গছৰ খেতিৰে অৰুণাচল প্ৰদেশ, অসমকে ধৰি দেশৰ বিশালসংখ্যক কৃষকক পতঞ্জলিয়ে স্বাৱলম্বী কৰিব বুলি প্ৰতিশ্ৰুতি দিলেও পাম গছৰ খেতিক লৈ দেশৰ পৰিৱেশবিদৰ প্ৰবল আপত্তি আছে৷ কিয়নো পাম গছে ব্যাপক হাৰত জৈৱ বৈচিত্ৰৰ ক্ষতি কৰে৷ পাম গছে ভূমিৰ উৰ্বৰতা ধবংস কৰি আন গছ বাঢ়িব নোৱাৰা কৰে৷ ফলত পাম গছৰ খেতিৰ ওচৰত থকা অন্যান্য গছ-গছনি মৰি যায়৷ এনে ঘটনা মালয়েছিয়াৰ পৰা পাপুৱালৈ, ইন্দোনেছিয়াৰ পৰা নিউ গিনিলৈ সকলোতে ঘটিছে৷ সেয়ে তেনেবোৰ দেশত পাম গছৰ খেতি পৰ্যায়ক্ৰমে হ্ৰাস কৰি অনা হৈছে৷ ইউৰোপৰ সকলো উন্নত দেশ, আমেৰিকা, কানাডা আদি দেশত পাম গছৰ খেতি নিষিদ্ধ৷ কিয়নো আন সকলো গছ মাৰি পেলোৱাৰ ফলত পাম গছেৰে ভৰি পৰি সমগ্ৰ অঞ্চলটো গ্ৰীণ ডেজাৰ্ট বা সেউজ মৰুভূমিত পৰিণত হয়৷ মালয়েছিয়া, ইন্দোনেছিয়াত এতিয়া তেনে অৱস্থাৰ সৃষ্টি হৈছে৷ সেয়ে আতংকিত হৈ দুয়োখন দেশে পাম গছৰ খেতি হ্ৰাস কৰিছে আৰু তেওঁলোকে উৎপাদন হ্ৰাস হোৱাৰ বাবে ভাৰতলৈ পাম তেলৰ ৰপ্তানি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে৷ অথচ বিশ্বত পাম খেতিৰ ভয়াৱহতা দেখিও উদাসীন হৈ মোদী চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পাম খেতি আৰম্ভ কৰোৱাইছে৷ দেশত কৰিবলগীয়া মুঠ ৬.৫ লাখ হেক্টৰ পাম গছৰ খেতিৰ ৩.২৮ লাখ হেক্টৰ অসম তথা উত্তৰ-পূবত কৰিবলৈ পৰিকল্পনা কৰিছে মোদী চৰকাৰে৷ একে অনুকূল ভূমি আৰু পৰিৱেশ হোৱা সত্ত্বেও কেৰালাৰ দৰে ৰাজ্যই মোদী চৰকাৰৰ এই প্ৰকল্প প্ৰত্যাখান কৰিছে৷ আন্দামান, মিজোৰামত ইয়াৰ বিৰুদ্ধে আন্দোলন হৈছে৷ কিন্তু জৈৱ বৈচিত্ৰৰে ভৰপুৰ অসম, অৰুণাচলত বিপদ সত্ত্বেও মোদী চৰকাৰৰ নিৰ্দেশত আদৰি লোৱা হৈছে ভয়াৱহ পাম গছৰ খেতি৷