Logo
image

খালেক মোগল নহয়! ৰং চায়েই কৈ দিলে আজমলে

খালেক, অজিত ভূঞা জেহাদীৰ সমৰ্থকঃ পীয়ূষ

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ শাসক-বিৰোধী ‘মোগল যুঁজ’ক লৈ ব্যস্ত থকাৰ সময়ত নতুনকৈ মোগলৰ প্ৰসংগৰ অৱতাৰণা কৰা আব্দুল খালেকক ৰং চায়েই মোগল নহয় বুলি কৈ দিলে ইউডিএফ সভাপতি বদৰুদ্দিন আজমলে৷ বুধবাৰে আজমলে সংবাদ মাধ্যমৰ আগত কয়– আব্দুল খালেকৰ দৰে ক’লা, চাপৰ মানুহ মোগল কেনেকৈ হ’ব? তেওঁৰ দৰে ইমান চাপৰ, ক’লা মানুহ মোগল হ’বই নোৱাৰে৷ মোগলসকল লাল-লাল, ওখ-ওখ মানুহ৷ খালেকৰ ভাবধাৰা তেওঁৰ নিজৰ৷ তাত আমাৰ ক’বলগীয়া একো নাই৷ খালেকে সমষ্টিৰ উন্নয়নৰ কোনো কাম কৰা নাই৷ নিৰ্বাচন আহিছে বাবে তেওঁ প্ৰচাৰ বিচাৰি বিতৰ্কিত মন্তব্য কৰিছে৷ উল্লেখ্য, ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল মোগল প্ৰসংগত অতি সাৱধানী হৈ আহিছে৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ মূল নিৰ্বাচনী ইচ্ছু্যৱে আছিল ‘মোগল’৷ মোগলৰ পৰা বচোৱাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল বিজেপিৰ নিৰ্বাচনী সভাৰ বক্তাসকলে৷ ‘মোগল’ শব্দৰ জৰিয়তে আজমলক ইংগিত কৰি আহিছে বিজেপিয়ে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মোগল প্ৰসংগত অতি সচেতন হৈ আছিল আজমল৷ শেহতীয়াভাৱে মোগল প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে মোগল বিতৰ্কত অতি সাৱধানে প্ৰৱেশ কৰে ইউডিএফ সভাপতি আজমল৷ মোগলৰ সমৰ্থনত সাংসদ আব্দুল খালেকে বক্তব্য আগবঢ়োৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– সাংসদ আব্দুল খালেক আৰু অজিত ভূঞা জেহাদীৰ সমৰ্থক৷ মোগলক সমৰ্থন কৰি খালেকে পাপ কৰিছে৷ অসমীয়া মানুহ হিচাপে এনে কৰাতো পাপ৷ খালেকে এনে পাপ কৰিয়েই আছে৷ অজিত ভূঞায়ো যদি কৰিছে মহাপাপ কৰিছে৷ ৰোহিংগ্যাৰ কাৰণে আত্মজাহ দিয়া মানুহে মোগলক সমৰ্থন কৰিবই৷ তেনে লোকে মোগলক লৈ গৌৰৱ কৰিবই৷ আমি বুৰঞ্জীত পঢ়িছোঁ যে মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল আৰু অসমীয়াই মোগলক পৰাস্ত কৰিছিল৷ মোগল প্ৰসংগই ৰাজ্যৰ ৰাজনীতি গৰম কৰাৰ সময়ত সাংসদ খালেকে কয়– মোগলক লৈ বিতৰ্ক হ’লে কংগ্ৰেছৰ একো লাভ নহয়৷ অৱশ্যে মোৰ ব্যক্তিগতভাৱে লাভ হ’ব৷ মোগলক লৈ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই৷ মোগলৰ বিৰুদ্ধে ’২১ চনৰ নিৰ্বাচন খেলি জয় হৈ আহিছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰে টুইট যুদ্ধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মোগলে ৰাজধানী স্থাপন কৰিছিল দিল্লীত৷ গতিকে দিল্লীৰ সৈতে দেশৰ আন ঠাইক তুলনা কৰি লাভ নাই৷ এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছে৷ সেইদৰে ময়ো মোগল সন্দৰ্ভত মত প্ৰকাশ কৰিছোঁ৷ যিহেতু ময়ো এই দেশৰ নাগৰিক৷ মই মোৰ বক্তব্য অস্বীকাৰ কৰা নাই৷ কিন্তু মই মোগল প্ৰেমী, মোগল দৰদী– এয়া সঁচা নহয়৷ ইফালে,  ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত, ড॰ মমিনুল আৱাল আৰু পংকজ বৰবৰাই আদি দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ দল তথা সাংসদ আব্দুল খালেকক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সনাতন-সংস্কৃতিৰ আধ্যাত্মিক স্থানক এনেদেৰ বিতৰ্কৰ মাজলৈ অনাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে৷ মুখপাত্ৰ সুভাষ দত্তই কয়– ৰহিঙ্গীয়া প্ৰেমী আব্দুল খালেকে নিজৰ দুৰ্বল স্থিতিক টনকিয়াল কৰিবলৈ শেহতীয়াকৈ সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি অসমীয়া সমাজৰ একতা, শান্তি-সম্প্ৰীতিৰ পৰিবেশক বিনষ্ট কৰা পৰিলক্ষিত হৈছে৷ ই অত্যন্ত লজ্জাজনক৷ কংগ্ৰেছী সাংসদজনে মোগল সন্দৰ্ভত যি বক্তব্য প্ৰদান কৰিছে, তাৰ পৰাই এটা কথাই স্পষ্ট হয় যে আব্দুল খালেকে মহম্মদ আলী জিন্নাৰ সপোন পূৰণৰ বাবে চেষ্টা চলাইছে, যিয়েই মুছলীম লীগৰ জৰিয়তে দেশ বিভাজন কৰিছিল৷ আব্দুল খালেকে প্ৰদান কৰা ৰাজনৈতিক বক্তব্যক কংগ্ৰেছৰ স্থিতিক প্ৰশ্নবোধক মন্তব্য কৰি মুখপাত্ৰজনে কয় ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা দুই বছৰৰ আগতেই কৈছিল, কংগ্ৰেছ দল এতিয়া ৰহিঙ্গীয়া প্ৰেমী, জেহাদী সমৰ্থক, অবৈধ অনুপ্ৰবেশকাৰীক উচতনি দিয়া ৰাজনৈতিক দলত পৰিণত হৈছে৷ সেয়ে আব্দুল খালেকৰ দৰে নেতাৰ ভূমিকাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ স্থিতি আজিও বহস্যজনক৷ এইক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিক ভূপেন বৰাক নিজৰ স্থিতি স্পষ্ট কৰাৰ হেতু শ্ৰীশ্ৰী মাৱধদেৱৰ জন্মস্থান লেটেকুপুখুৰীস্থিত বৰ নামঘৰৰ সন্মুখত আব্দুল খালেকৰ বক্তব্য সঠিক হয়নে নহয় সেয়া বুকুত হাত থৈ ক’বলৈ আহ্বান জনায়৷ সংবাদ মেলত মুখপাত্ৰ সুভাষ দত্তই, কংগ্ৰেছী সাংসদ আব্দুল খালেকে গোলাম নবী আজাদৰ স্থান ল’বলৈ চেষ্টা চলাইছে বুলিও কটাক্ষ কৰে৷ লগতে ভৱিষ্যতে অসমৰ সনাতন-সংস্কৃতিৰ ঐতিহ্যময় স্থানসমূহক বিতৰ্কৰ মাজলৈ নানিবলৈ কংগ্ৰেছী সাংসদজনক সকীয়নি প্ৰদান কৰে৷ আনহাতে মুখপাত্ৰ ড॰ মমিনুল আৱালে আব্দুল খালেকে ইতিহাস বিকৃত কৰিছে বুলি কয়, মোগলে কিদৰে ভাৰতীয় ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ স্থানসমূহত আক্ৰমণ চলাইছিল সেয়া ইতিহাসত লিপিবদ্ধ আছে আৰু ভাৰতীয় জনসাধাৰণ এই বিষয়ত জ্ঞাত৷ সাংসদজনৰ এনেধৰণৰ বক্তব্যৰ বাবে কংগ্ৰেছ দল অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ’ব লাগিব বুলি মন্তব্য কৰে মুখপাত্ৰ আৱালে কয়, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দৰে ৰাজনৈতিক দলৰ একাংশ নেতাই সংখ্যালঘু লোক সকলক তেওঁলোকৰ ৰাজনৈতিক ব্যৱসায়ৰ কেঁচা সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে৷ যদি সাহস আছে দুয়োটা দলেই সাংবদ মাধ্যমৰ সন্মুখত জেহাদীৰ বিৰুদ্ধে বক্তব্য ৰাখক৷ বদৰুদ্দিন আজমলক এজন ইমানৰ কমজোৰ থকা ‘ নেতা বুলি কটাক্ষ কৰি মুখপাত্ৰ আৱালে পুনৰাই কয় সংখ্যালঘু সম্প্ৰদায়ৰ নেতা হিচাপে বদৰুদ্দিন আজমলৰ দৰে নেতা সকলে জেহাদীৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা তথা জনমত গঠন কৰিব লাগিছিল কিন্তু ইয়াকে নকৰি তথাকথিত সংখ্যালঘু নেতা সকলে ৰাজনৈতিক স্বাৰ্থ আদায় কৰাতহে ব্যস্ত আছে৷