Logo
image

অভিনয়ৰ শীৰ্ষত ৰণবীৰ-কৃতি-পংকজ, শ্বেৰশ্বাহ শ্ৰেষ্ঠ ছবি

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ সম্প্ৰতি নিৰাভৰন ফটো শ্বুটেৰে বিতৰ্কৰ শীৰ্ষত থকা ৰণবীৰ সিং আৰু সুন্দৰী অভিনেত্ৰী কৃতি শ্বাননে ৬৭সংখ্যক ফিল্মফেয়াৰ বঁটাত ক্ৰমে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰিছে৷ ক্ৰিকেট বিষয়ক ছবি ‘৮৩’ত কৰা অভিনয়েৰে ৰণবীৰ সিঙে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰে৷ কৃতি শ্বাননে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰে ‘মিমি’ত কৰা নায়িকাৰ অভিনয়েৰে৷ মঙলবাৰে নিশা পত্নী দীপিকাৰ সৈতে একেলগে মঞ্চত উঠি ৰণবীৰে ফিল্মফেয়াৰৰ ‘ব্লেকলেডী’ হাতত তুলি লয়৷ ৰণবীৰে মেলব’ৰ্ন ছবি মহোৎসৱতো একেখন ছবিৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল৷ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ‘শ্বেৰশ্বাহে’৷ কাৰ্গিল যুদ্ধৰ অৱলম্বনত এই ছবি নিৰ্মিত হৈছে৷ ‘শ্বেৰশ্বাহ’ৰ পৰিচালক বিষ্ণুবৰ্ধনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰে৷ তদুপৰি শ্বেৰশ্বাহে শ্ৰেষ্ঠ একচন, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ সংগীত এলবামৰো পুৰস্কাৰ পায়৷ আনহাতে, ‘মিমি’ত কৰা অভিনয়ৰ বাবে পংকজ ত্ৰিপাঠিয়ে শ্ৰেষ্ঠ সহ-অভিনেতা, চাই টামহাংকাৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ আনহাতে, ‘চৰ্দাৰ উধম’ ছবিয়ে সমালোচকৰ শ্ৰেষ্ঠ ছবি, একেখন ছবিৰ বাবে ভিকি কৌশলে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা, শান্তনু মৈত্ৰই শ্ৰেষ্ঠ নেপথ্য সংগীত, অভীক মুখাৰ্জীয়ে শ্ৰেষ্ঠ ছবিগ্ৰহণ, বীণা কাপুৰে শ্ৰেষ্ঠ কষ্টিউমৰ সন্মানৰ লগতে চৰ্দাৰ উধমে শ্ৰেষ্ঠ ছাউণ্ড ডিজাইন, শ্ৰেষ্ঠ প্ৰডাকশ্বন ডিজাইনাৰ বঁটা লাভ কৰে৷ সমালোচকৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰে বিদ্যা বালানে ‘শ্বেৰণী’ ছবিৰ বাবে৷