Logo
image

নতুন মুখ্য সচিব পৱন বৰঠাকুৰৰ দায়িত্ব গ্ৰহণ

গামোচা পিন্ধাই মুখ্যমন্ত্ৰীয়ে বিদায় দিলে জিষ্ণু বৰুৱাক

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ ১৯৮৮ বেটচৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ মুখ্য সচিবৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জনায়৷ বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱায়ো মুখ্যমন্ত্ৰী শৰ্মাক গামোচাৰে সম্ভাষণ জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাই বিদায়ী মুখ্য সচিবজনৰ সু-স্বাস্থ্য আৰু ভৱিষ্যৎ জীৱনৰ কুশল-মংগল কামনা কৰাৰ উপৰি এজন সুদক্ষ বিষয়াৰূপে তিনি দহকৰো অধিক দীঘলীয়া কালত ৰাজ্যখনৰ প্ৰশাসনৰ দিশত অপৰিসীম অৱদান আগবঢ়াই যোৱাৰ কথা স্মৰণ কৰে৷ মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নৱনিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাও উপস্থিত থাকে৷ বিয়লিৰ ভাগত পৱন কুমাৰ বৰঠাকুৰে ৰাজ্যৰ মুখ্য সচিবৰূপে দায়িত্ব গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে ১৯৮৮ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৱন কুমাৰ বৰঠাকুৰে বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক বিদায় সম্ভাষণ জনায়৷ সেই উদ্দেশ্যে জনতা ভৱনৰ চি এম ব্লকৰ সভাগৃহত মুখ্যসচিবজনৰ বিদায় সম্বদ্ধৰ্না আৰু নবনিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়৷ তদুপৰি আজিৰ দিনটোতে ৩৫ বছৰীয়া চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰা অতিৰিক্ত মুখ্য সচিব এম চি জহৰী আৰু আয়ুক্ত সচিব ৰাণী কাঠাৰূপীকো বিদায় সম্ভাষণ জনোৱা হয়৷ সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙ মাধ্যমেৰে জিলাসমূহৰ উপায়ুক্তসকলে ভাগ লোৱা এই অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ক্ৰমে ৰবি শংকৰ প্ৰসাদ আৰু আশিস ভূটানী, প্ৰধান সচিব অৰ্চনা বাৰ্মা, আয়ুক্ত সচিব ক্ৰমে জি ডি ত্ৰিপাঠী আৰু কবিতা পদ্মনাভনে জিষ্ণু বৰুৱাকে ধৰি বিদায়ী বিষয়া তিনিগৰাকী আৰু নৱ নিযুক্ত মুখ্য সচিবগৰাকীৰ কৰ্মদক্ষতা সম্পৰ্কত অবলোকন কৰে৷ অনুষ্ঠানত বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱা, এম চি জহুৰী আৰু বাণী কাঠালীৰ লগতে সদ্য নিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰেও নিজৰ নিজৰ অনুভৱ বিশদভাৱে ব্যক্ত কৰে৷