Logo
image

ৰাষ্ট্ৰীয় পতাকাৰে তোৰণ সাজি বিতৰ্কত গণেশ চতুৰ্থীৰ উদ্যোক্তা

আমাৰ অসম, ১ ছেপ্টেম্বৰঃ দেশৰ আন ৰাজ্যৰ লগতে অসমতো বুধবাৰে ৰাজ্যজুৰি গণেশ চতুৰ্থী উপলক্ষে গণেশ পূজা আৰু গণেশ বন্দনাৰে মুখৰিত হৈ থকাৰ মাজতে তিনিচুকীয়া জিলাৰ পেঙেৰীত অনুষ্ঠিত এখন গণেশ পূজাৰ তোৰণৰ লগতে মণ্ডপটো ৰাষ্ট্ৰীয় পতাকাৰে নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ মতে পেঙেৰী চাৰিআলিত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে পেঙেৰী পূৰ্বোদয় সংঘই উলহ মালহৰে গণেশ পূজাৰ আয়োজন কৰিছিল৷  কিন্তু উদ্যোক্তাসকলে গণেশ পূজাৰ মণ্ডপসহ তোৰণখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত নিৰ্মাণ কৰিছিল৷ ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী শ্বহীদ ভগৎ সিং,  নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগতে কেইবাগৰাকীও বীৰ-বীৰংগনাৰ ফটো আৰি দিছিল পূজা মণ্ডপত ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিৰ ওপৰত৷  কিন্তু গণেশ দেৱতাৰ পূজা অৰ্চনা কৰাৰ আলম লৈ উদ্যোক্তা সকলে পূজা মণ্ডপটো ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত নিৰ্মাণ কৰা, জাতীয় পতাকাৰ ওপৰত শ্বহীদ ভগৎ সিং, নেতাজী সুভাষ চন্দ্ৰ বসুসহ স্বাধীনতা আন্দোলনৰ কেবাজনো বীৰ - বীৰংগনাৰ ফটো সন্নিবিষ্ট কৰা তথা আৰি দিয়া কাৰ্যক বেছিভাগ লোকেই সহজ ভাবে লোৱা নাই৷ যাৰ বাবে এই খবৰ বিয়পি পৰাৰ লগে-লগে ৰাইজে বিভিন্ন ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে৷  আনকি সামাজিক মাধ্যমত বেছিভাগ লোকেই এনে কাৰ্য অতি নিন্দনীয় বুলি অভিহিত কৰি উদ্যোক্তা সকলক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ বহুতেই জাতীয় পতাকা আৰু স্বাধীনতা আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতি এইয়া চূড়ান্ত অপমান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আনকি বিষয়টো সামাজিক মাধ্যমতো বহুল চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷