উৎপাদন ব্যয় বাঢ়িছে আয় কমিছে খেতিয়কৰ
খাৰুপেটীয়াৰ ১২টকীয়া জিকা আৰু ৮টকীয়া বেঙেনা গুৱাহাটীত ৪০ টকাত বিক্ৰী হৈছে, মুনাফা লুটিছে মধ্যভোগীয়ে
আমাৰ অসম, ১ ছেপ্টেম্বৰঃ উৎপাদন ব্যয় বাঢ়িছে৷ ইয়াৰ বিপৰীতে বজাৰত হ্ৰাস পাইছে শাক-পাচলিৰ মূল্য৷ আয় আৰু ব্যয়ৰ এনে সামঞ্জস্যহীনতাই মাধমাৰ শোধাইছে ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কসকলৰ মূৰত৷ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক-পাচলি পানীৰ দামত বিক্ৰী কৰিবলগীয়া হোৱাত মূৰে-কপালে হাত দিছে খেতিয়কে৷ ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া শাক-পাচলি খেতিয়কৰ প্ৰায় একে অৱস্থা৷ সেয়া ধূলাই হওক, বৰপেটাই হওক, জহামাৰীয়েই হওক বা খাৰুপেটীয়াই হওক৷ কোৱা বাহুল্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ শাক-পাচলিৰ বজাৰ খাৰুপেটীয়াৰ বালুগাঁও বজাৰত কৃষকৰ হাহাকাৰ৷ পাচলিৰ দাম অত্যধিক হ্ৰাস পোৱাৰ বাবে হাহাকাৰ লাগিছে কৃষকৰ৷ ইফালে, খাৰুপেটীয়াৰ ৮ টকীয়া ভেণ্ডি, ৩/৪ টকীয়া ভোল গুৱাহাটীত বিক্ৰী হৈছে অধিক দামত৷ খাৰুপেটীয়াৰ ১২টকীয়া জিকা গুৱাহাটীত বিক্ৰী হৈছে ৪০ টকাত, ৮টকীয়া বেঙেনা বিক্ৰী হৈছে ৩০ টকাত৷ মধ্যভোগী আৰু বেপাৰীয়ে ভালদৰেই উপাৰ্জন কৰিছে৷ কিন্তু খেতিয়কে লাভৰ কথা বাদেই খেতিৰ বাবে হোৱা খৰচো উঠাব পৰা নাই৷ প্ৰশাসন আৰু সংশ্লিষ্ট কতৃৰ্পক্ষৰ চকুৰ সন্মুখতে খেতিয়কক নিৰ্বিঘ্নে লুটিছে মধ্যভোগী আৰু বেপাৰীয়ে৷ গুৱাহাটীত অধিক দামত বিক্ৰী হ’লেও খাৰুপেটীয়াত পানীতকৈ কম দামত বিক্ৰী হৈছে সতেজ পাচলি৷ উচিত মূল্যৰ পৰা বঞ্চিত হৈছে প্ৰকৃত কৃষক৷ ৩/৪ টকীয়া পাচলি গুৱাহাটীত অধিক দামত বিক্ৰী সন্দৰ্ভত এজন পাচলি ব্যৱসায়ীৰ বিস্ফোৰক মন্তব্য- খাৰুপেটীয়াৰ পৰা গুৱাহাটীকে ধৰি বিভিন্ন চহৰ-নগৰলৈ যোৱা পাচলিৰ প্ৰতিখন বাহনৰ বাবদ ঠায়ে ঠায়ে কমিচন হিচাপে দিব লাগে গুণ্ডা টেক্স৷ সমান্তৰালভাৱে আছে টোলগেট, অত্যধিক গাড়ীভাৰা, শ্ৰমিকৰ মজুৰি, অভাৰ লোডিঙত বাধা, জি এছ টি, বজাৰত ক্ৰয়-বিক্ৰয়ৰ খাজনা আদি৷ মুঠতে প্ৰতিটো গাড়ীত অতিৰিক্তভাৱে খৰচ হয় হাজাৰো অধিক টকা৷ ইফালে ভুতৰ ওপৰত দানৱ পৰাদি মধ্যভোগীৰ দপ্দপ্নি৷ মুঠতে কমিচনৰাজ আৰু মধ্যভোগীৰ দপদপনিৰ বাবেই ৪/৫ টকীয়া পাচলি গুৱাহাটীকে ধৰি বিভিন্ন চহৰ-নগৰত চৰা দামত গ্ৰাহকে ক্ৰয় কৰিছে যদিও প্ৰকৃত কৃষককে পোৱা নাই উচিত দাম৷ চৰকাৰে এইবিলাক বন্ধ কৰিলে গুৱাহাটীত পাচলিৰ দাম কমিব আৰু কৃষকসকলেও উচিত দাম পাব৷ বৰ্তমান খাৰুপেটীয়াত পাচলিৰ পাইকাৰী বজাৰ মূল্য এনেধৰণৰ– প্ৰতি কিলোত ভেণ্ডি— ৫/৬ টকা, ভোল — ৪/৫ টকা, জিকা — ১২/১৪ টকা, কেৰেলা — ২০/২৫ টকা, তিয়হ — ১০/১৫ টকা, পানী লাউ — ১৫/২০ [প্ৰতিটো], বন্ধা কবি— ১৮/২৩, বেঙেনা — ৮/১২ আৰু, লেচেৰা — ২০/২৫ টকা দৰত বিক্ৰী হৈছে খাৰুপেটীয়াত৷ আনকি বহ কৃষকে উচিত মূল্য নাপায় ওভতাই নিবলগীয়া হৈছে পাচলি৷ পৰিণতিত পানীত হাঁহ নচৰা অৱস্থাত উপনীত হৈছে কৃষকসকল৷






